5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতি ! জম্মু-কাশ্মীৰত কি কি পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই…

প্ৰশ্ন উত্থাপন হৈছে যে, জম্মু-কাশ্মীৰৰ অঞ্চলবোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ? ৩০ জুলাই মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ত লিখিত উত্তৰ দিয়ে । অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ দাবী কৰে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতি ! জম্মু-কাশ্মীৰত কি কি পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই…
জম্মু-কাশ্মীৰৰ সেনা বাহিনী (প্ৰতীকী ফটো)
Follow Us
manas-borah
Manas Borah | Published: 30 Jul 2024 17:38 PM

জম্মু-কাশ্মীৰ বিভিন্ন জিলাত ভয়ংকৰভাৱে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছে যে, জম্মু-কাশ্মীৰৰ অঞ্চলবোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ? ৩০ জুলাই মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ত লিখিত উত্তৰ দিয়ে । অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ দাবী কৰে ।

লিখিত উত্তৰত নিত্যানন্দ ৰায়ে কয়, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতি আছে। চৰকাৰৰ পন্থা হৈছে সন্ত্ৰাসবাদী পৰিৱেশ তন্ত্ৰক ধ্বংস কৰা। জম্মু-কাশ্মীৰত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ নিৰাপত্তাৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে।”

জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদ নিমূলৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ! এই ক্ষেত্ৰত লিখিত উত্তৰত নিত্যানন্দ ৰায়ে উল্লেখ কৰিছে যে-

  • সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহায়কাৰী সকলৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ ।
  • সন্ত্ৰাসবাদী পৰিৱেশ তন্ত্ৰৰ বিৰুদ্ধে সমগ্ৰ চৰকাৰৰ পন্থা ব্যৱহাৰ কৰা ।
  • সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহযোগীসকলৰ সম্পত্তি জব্দ কৰা আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য ৰোধ কৰিবলৈ আইনৰ প্ৰাসংগিক বিধানসমূহ ব্যৱহাৰ কৰি দেশ বিৰোধী সংগঠনসমূহক নিষেধাজ্ঞা আৰোপ কৰা।
  • সন্ত্ৰাসবাদীৰ কৌশলগত সমৰ্থকক চিনাক্ত কৰা ।
  • জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ প্ৰতিৰোধ ।
  • সন্ত্ৰাসবাদ বিৰোধী গ্ৰীড শক্তিশালী কৰা ।
  • সামৰিক সঁজুলিৰ আধুনিকীকৰণ আৰু শক্তিশালীকৰণ ।
  • অঞ্চলটোৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীৰ ২৪ ঘণ্টাই তালাচী অভিযান অব্যাহত ৰখা ।
  • অনুসন্ধান অভিযান তীব্ৰতৰ কৰা ।

কেন্দ্ৰই দাবী কৰে যে, এই সকলোবোৰ পদক্ষেপৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে। প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰ ২১ জুলাই পৰ্যন্ত সংগ্ৰহ কৰা তথ্য অনুসৰি এইবাৰ অঞ্চলটোত ১১টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। ২৪টা এনকাউণ্টাৰ আৰু কাউণ্টাৰ টেৰৰিষ্ট অভিযান চলোৱা হৈছে। কিন্তু যোৱা ডেৰ মাহত জম্মু-কাশ্মীৰ ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈআহিছে ।

Latest News