5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আশ্চৰ্যকৰ, আকাশত দেখা যাব দুটা চন্দ্ৰ! মহাভাৰতৰ অৰ্জুনৰ সৈতে Mini Moonৰ সম্পৰ্ক কি?

মহাকাশত দেখা পাবলগীয়া Mini Moonক লৈ সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে। নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছে (NETRA) ইয়াৰ প্ৰতিটো কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে। কোৱা হৈছে যে মিনি মুন মহাভাৰতৰ অৰ্জুনৰ সৈতে সম্পৰ্কিত যিয়ে ৫৩ দিনলৈ পৃথিৱীৰ প্ৰদক্ষিণ কৰিব।

আশ্চৰ্যকৰ, আকাশত দেখা যাব দুটা চন্দ্ৰ! মহাভাৰতৰ অৰ্জুনৰ সৈতে  Mini Moonৰ সম্পৰ্ক কি?
আকাশত দেখা যাব দুটা চন্দ্ৰ!
Follow Us
trishna-kalita
Trishna Kalita | Published: 18 Sep 2024 19:18 PM

মহাকাশত দেখা পাবলগীয়া Mini Moonক লৈ সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে। Mini Moonক 2024-PT5 গ্ৰহাণু বুলি কোৱা হয়। যি আমাৰ চন্দ্ৰতকৈ ৩ লাখ ৫০ হাজাৰ গুণ সৰু। ইয়াৰ ব্যাস ৩ হাজাৰ ৪৭৬ কিলোমিটাৰ। সেয়েহে ইয়াক খালী চকুৰে দেখা নাযাব। নেট্ৰা (নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ)য়ে 2024-PT5ৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে। তেওঁলোকে কয় যে Mini Moonৰ সম্পৰ্ক মহাভাৰতৰ অৰ্জুনৰ সৈতে আছে। যিটো আমাৰ পৃথিৱীৰ চাৰিওফালে ৫৩ দিনৰ বাবে ঘূৰি থাকিব। এই গ্ৰহাণুটোৱে পৃথিৱীক স্পৰ্শ নকৰে।

ইছৰোৰ নেত্ৰাই নিশ্চিত কৰিছে যে পৃথিৱীৰ মহাকৰ্ষণ ক্ষেত্ৰৰ পৰা ২৫ নৱেম্বৰত সৌৰজগতলৈ উভতি যোৱাৰ আগতে ২৯ ছেপ্টেম্বৰৰ পৰা মিনি মুনে পৃথিৱীৰ প্ৰদক্ষিণ কৰিব। ৭ আগষ্টত পৃথিৱীৰ ওচৰৰ (NEO) বস্তুবোৰ নিৰীক্ষণ কৰাৰ বাবে নাছাৰ দ্বাৰা যোগান ধৰা পুঁজিৰ এক স্বয়ংক্ৰিয় প্ৰণালী এষ্ট্ৰইড টেৰেষ্ট্ৰিয়েল-ইম্পেক্ট ফাইনেল ৱাৰ্ণিং চিষ্টেম (ATLAS)ৰ দ্বাৰা আৱিষ্কৃত এই গ্ৰহাণুৰ হিন্দু মহাকাব্য মহাভাৰতৰ সৈতে এক সম্পৰ্ক আছে।

আমেৰিকান এষ্ট্ৰোনমিকেল চছাইটিৰ (আৰএনএএএছ) গৱেষণা টোকাত প্ৰকাশিত এক প্ৰতিবেদনত জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে 2024-PT5ৰ কক্ষীয় বৈশিষ্ট্যবোৰৰ অৰ্জুন এষ্ট্ৰইড গোটৰ পৰা অহা এষ্ট্ৰইডৰ লগত সাদৃশ্য আছে । যি সৰু NEOৰ জনসংখ্যাৰ এটা অংশ। নেট্ৰাৰ মতে 2024-PT5 অৰ্জুন এষ্ট্ৰইড গ্ৰুপৰ অংশ।

অৰ্জুন সৌৰজগতৰ গ্ৰহাণুৰ এক অনন্য গোট। এই গ্ৰহাণু গোটটোৰ নামকৰণৰ সন্ধান ১৯৯১ চনৰ পৰা পোৱা গৈছিল। যেতিয়া জ্যোতিৰ্বিজ্ঞানী ৰবাৰ্ট এইচ মেকনাটে সেই বছৰৰ ১ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ চাইডিং স্প্ৰিং অবজাৰ্ভেটৰীত ১৯৯১ চনৰ এটা গ্ৰহাণু ১৯৯১ ভিজি আৱিষ্কাৰ কৰিছিল। তেওঁ হিন্দু মহাকাব্য মহাভাৰতৰ চৰিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ অৰ্জুন নামটো বাছনি কৰিছিল। ইয়াক আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘৰ (IAU) দ্বাৰা আনুষ্ঠানিকভাৱে অনুমোদন দিয়া হৈছিল।

মহাভাৰতত অৰ্জুন তেওঁৰ অনন্য ধনুৰ্বিদ্যা, দক্ষতা আৰু জ্ঞানৰ বাবে জনাজাত। পিটি5ৰ নামটোৱে অৰ্জুনৰ দ্ৰুত-তীক্ষ্ণ কাড়ৰ দৰে সৌৰজগতৰ মাজেৰে গ্ৰহাণুটোৰ দ্ৰুত পথ আৰু অপ্ৰত্যাশিত প্ৰকৃতিক সূচায়। জ্যোতিৰ্বিজ্ঞানী কাৰ্লোছ ডে লা ফুৱেণ্টে মাৰ্কোছ আৰু ৰাউল ডে লা ফুৱেণ্টে মাৰ্কোছে RNAASৰ প্ৰতিবেদন লিখিছিল।

ফুৱেণ্টে মাৰ্কোছে কৈছিল যে পৃথিৱীৰ ওচৰৰ বস্তুবোৰ (NEO)য়ে যি ঘোঁৰাৰ নালৰ আকৃতিৰ পথ অনুসৰণ কৰে। যিয়ে পৃথিৱীৰ ওচৰলৈ নিকট পৰিসৰত আৰু নিম্ন আপেক্ষিক বেগত আহে,সেইবোৰে Mini Moon ঘটনাৰ সন্মুখীন হ’ব পাৰে। য’ত পৃথিৱীৰ চাৰিওফালে এটা পাক সম্পূৰ্ণ নকৰাকৈ সেইবোৰৰ ভূ-কেন্দ্ৰিক শক্তি ঘণ্টা, দিন বা মাহৰ বাবে ঋণাত্মক হৈ পৰে। পৃথিৱীৰ চাৰিওফালে মিনি মুন দেখা দিয়াটো এইবাৰে প্ৰথম নহয়। একেধৰণৰ ঘটনা আগতে ১৯৯৭, ২০১৩ আৰু ২০১৮ চনত সংঘটিত হৈছিল।

Latest News