5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দোকানৰ পৰা উভতি অহা কিশোৰীৰ লগত কেইবাজন যুৱকৰ জঘন্য কাণ্ড

দুগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণ কৰে কেইবাজনো যুৱকে। আৰক্ষীয়ে জনোৱা মতে দুজনী কিশোৰীয়ে বজাৰৰ পৰা আহি থকা অৱস্থাতে যুৱকৰ এটা দলে দলবদ্ধ ধৰ্ষণ কৰি সেই ঠাইৰ পৰা পলাই যায়।

দোকানৰ পৰা উভতি অহা কিশোৰীৰ লগত কেইবাজন যুৱকৰ জঘন্য কাণ্ড
পুনৰ কামনাৰ বলি ১৪ বছৰীয়া কিশোৰী
Follow Us
barasha-sarma
Barasha Sarma | Published: 23 Sep 2024 10:31 AM

দেশত কম হোৱা নাই নাৰীজনিত অপৰাধমূলক ঘটনা। প্ৰতিদিনেই দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহে। একাংশ পাষাণলোকৰ কামনাৰ বলি হ’বলগীয়া হয় শিশুৰ পৰা বৃদ্ধালৈ সকলো। এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত দুগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণ কৰে কেইবাজনো যুৱকে। আৰক্ষীয়ে জনোৱা মতে দুজনী কিশোৰীয়ে বজাৰৰ পৰা আহি থকা অৱস্থাতে যুৱকৰ এটা দলে দলবদ্ধ ধৰ্ষণ কৰি সেই ঠাইৰ পৰা পলাই যায়।

এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ ৰৌৰকেলা চহৰত। আৰক্ষীয়ে জনোৱা মতে ঝাৰখণ্ডৰ কিশোৰী দুগৰাকীয়ে শনিবাৰে সন্ধিয়া স্থানীয় বজাৰৰ পৰা জোতা ক্ৰয় কৰি আত্মীয়ৰ ঘৰলৈ আহি আছিল। তেতিয়াই কেইজনমান যুৱকে দুই কিশোৰীক অটোত উঠাই এক নিৰ্জন ঠাইলৈ লৈ যায় আৰু তাতেই তেওঁলোকক ধৰ্ষণ কৰে। ইয়াৰে এগৰাকী কিশোৰীৰ বয়স ১৪ আৰু আন এগৰাকীৰ বয়স ১৫ বছৰ। ৰৌৰকেলা (জন- )ৰ আৰক্ষী নিৰ্মল চন্দ্ৰ মহাপাত্ৰই এই তথ্য দিয়ে।

আৰক্ষীয়ে কয় যে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানলৈ ঘটনাৰ লগত জড়িতৰ অভিযোগত দুজনলোকক আৰক্ষীয়ে আটক কৰিছে আৰু অন্য অভিযুক্তক বিচাৰি উলিয়াবলৈ দল গঠন কৰা হৈছে। অৱশ্যে এতিয়ালৈকে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই।

জানিব পৰা মতে ঝাৰখণ্ডৰ কিশোৰী দুগৰাকীয়ে ওড়িশাৰ এই অঞ্চললৈ ফুৰিবলৈ আহিছিল। ৰৌৰকেলা অঞ্চলত তেওঁলোকৰ কোনো আত্মীয় আছিল আৰু তেওঁলোকৰ ঘৰলৈ অহাৰ সময়তে এই ঘটনা সংঘটিত হয়।

আন এক ঘটনা

উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ কবৰই ক্ষেত্ৰৰ অন্তৰ্গত এগৰাকী দলিত কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে এজন যুৱক। এগৰাকী মহিলাই কৰা অভিযোগ অনুসৰি শনিবাৰে নিশা তেওঁ কন্যাৰ লগত শুই আছিল আৰু নিশা প্ৰায় ২ মান বজাত সাৰ পাইছিল। কিন্তু সেই সময়ত কন্যা তেওঁলোকৰ ঘৰত নাছিল। নিশা বহুত বিচাৰ খোচৰ কৰিও কন্যাক বিচাৰি নাপালে মাতৃয়ে।

পুৱা ভয়ে ভয়ে কিশোৰীগৰাকী ঘৰলৈ আহি মাতৃক সকলো কথা বিৱৰী কয় আৰু একে গাঁৱৰে অৰ্জুন কুছৱাহাৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগৰ ভিত্তিতেই কিশোৰীগৰাকীৰ মাতৃয়ে স্থানীয় থানাত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে অভিযুক্তক। জানিব পৰা মতে অভিযুক্তগৰাকী বিদ্যুতৰ কাম কৰিবলৈ প্ৰায়ে তেওঁলোকৰ গাঁৱলৈ আহিছিল। আৰক্ষীয়ে জনাই যে ঘটনাৰ নিশা যুৱকজনে ফোন কৰি কিশোৰীগৰাকীক বাহিৰলৈ মাতি নি ধৰ্ষণ কৰিছিল। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Latest News