মৌলৱীৰ জঘন্য কাণ্ডঃ পাঠদান কৰাৰ চলেৰে ৫ বছৰীয়া শিশুৰ লগত অপকৰ্ম

মৌলৱীগৰাকীয়ে যোৱা ২ মাহ ধৰি এই জঘন্য অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। শিশুটিয়ে যাতে এই কথা পৰিয়ালৰলোকক অৱগত নকৰে তাৰ বাবে মৌলৱীগৰাকীয়ে তেওঁক প্ৰাণে মৰাৰ ভাবুকিও দিছিল।

মৌলৱীৰ জঘন্য কাণ্ডঃ পাঠদান কৰাৰ চলেৰে ৫ বছৰীয়া শিশুৰ লগত অপকৰ্ম

প্ৰতীকি ফটো

Published: 

26 Aug 2024 16:50 PM

পুনৰ এটি নৰপিশাচৰ কামনাৰ বলি হ’ল শিশু। মাদ্ৰাছাৰ এগৰাকী মৌলবীয়ে ৫- ৬ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰাৰ খবৰ পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণী অনুসৰি শিশুটিক পিতৃ- মাতৃয়ে পঢ়িবলৈ পঠিয়াইছিল কিন্তু মাদ্ৰাছাতেই মৌলবীগৰাকীয়ে শিশুটিৰ লগত জঘন্য কাণ্ড সংঘটিত কৰে।  কেৱল ইমানেই নহয়, মাদ্ৰাছাত পাঠদান কৰাৰ বিপৰীতে মৌলবীগৰাকীয়ে শিশুটিক অশ্লীল ভিডিঅ’ও দেখুৱাইছিল। এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ উধম সিং নগৰত।

মৌলৱীগৰাকীয়ে যোৱা ২ মাহ ধৰি এই জঘন্য অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। শিশুটিয়ে যাতে এই কথা পৰিয়ালৰলোকক অৱগত নকৰে তাৰ বাবে মৌলৱীগৰাকীয়ে তেওঁক প্ৰাণে মৰাৰ ভাবুকিও দিছিল। কিন্তু পৰৱৰ্তী সময়ত শিশুটিয়ে সমগ্ৰ ঘটনা পৰিয়ালৰলোকক জনাইছিল। ঘটনাৰ বিষয়ে জানিব পাৰিয়েই পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৌলৱীজনক।

আৰক্ষীয়ে ২৫ আগষ্টত এই সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰকাশ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি মৌলৱীগৰাকীয়ে ৪-৫টাকৈ শিশুৰ লগত এই জঘন্য ঘটনা সংঘটিত কৰিছে। এই শিশুসকলক পৰ্ণ দেখুৱাই অভিযুক্তই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। জানিব পৰা মতে মালসী গাঁৱৰ ৰুদ্ৰপুৰৰ সমীপত এটা অট্টালিকাত মৌলৱীয়ে শিশুকেইটিক উৰ্দু পঢ়াম বুলি মাতি নিছিল। মৌলৱীয়ে কৈছিল যে তেওঁৰ ওচৰত যাদু আছে। যদি কোনোৱে ঘৰত এই বিষয়ে কয় তেন্তে সেইজনক তেওঁ জিনৰ সহায়ত হত্যা কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি অবৈধভাৱ মৌলৱীগৰাকীয়ে এই মাদ্ৰাছাখন খুলি ৰাখিছিল। এতিয়ালৈতে ৫টিকৈ শিশুৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। অভিযুক্ত মৌলৱীগৰাকীৰ নাম ছব্বীৰ ৰাজা বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?