লজ্জাজনক! চকলেটৰ প্ৰলোভন দি ৬ বছৰীয়া ভতিজাৰ সৈতে জঘন্য কাণ্ড পাষাণ খুড়াকৰ
ধৰ্ষণৰ দৰে চৰম বৰ্বৰতাৰ বলি হৈছে এটি ছয় বছৰীয়া কন্যা শিশু। নিজ খুড়াকেই শিশুটিৰ ওপৰত চলালে এনে জঘন্য আতিশয্য। মানৱ সমাজক লজ্জানত কৰা এনে এক জঘন্য কাণ্ড সংঘটিত হৈছে বিহাৰত। ইতিমধ্যে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে নিকষ্ট ঘটনা। প্ৰায় প্ৰতিদিনেই দেশৰ ভিন্ন প্ৰান্তৰ পৰা এনে জঘন্য ঘটনা পোহৰলৈ আহিছে। দুৰ্বৃত্তৰ এনে পিশাচিক কাৰ্যৰ পৰা ৰেহাই পৰা নাই শিশুও। এইবাৰ মানৱ সমাজক লজ্জানত কৰা এনে এক জঘন্য কাণ্ড সংঘটিত হৈছে বিহাৰত। ৰাজ্যখনৰ কাটিহাৰ জিলাত এই বৰ্বৰতাৰ বলি হৈছে এটি ছয় বছৰীয়া কন্যা শিশু। নিজ খুড়াকেই শিশুটিৰ ওপৰত চলালে এনে জঘন্য আতিশয্য।
ইতিমধ্যে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত এই ঘটনাত অভিযুক্ত ১৭ বৰ্ষীয় কিশোৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অভিযুক্তই চকলেট দেখুৱাই শিশুটিক প্ৰলোভিত কৰে আৰু তাৰ পিছতে এই জঘন্য কাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে। আজমনগৰ থানা এলেকাৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা।
অভিযুক্ত খুড়াকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তেওঁক ইতিমধ্যে জিম্মাত লৈছে। ইফালে ঘটনা সন্দৰ্ভত অধিক তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে আৰক্ষী তদন্তত নামি পৰাৰ লগতে ফৰেনছিক দলেও তদন্ত অব্যাহত ৰাখিছে। প্ৰকাশিত খবৰ অনুসৰি ঘটনাৰ সময়ত ভুক্তভোগী শিশুটিৰ মাতৃ কোনো সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যে বজাৰলৈ গৈছিল আৰু সেয়ে ঘৰত অকলে আছিল শিশুটি।
তেনে সময়তে খুড়াক সম্পৰ্কীয় ১৭ বছৰীয়া কিশোৰজন তেওঁলোকৰ ঘৰত উপস্থিত হয়। শিশুটিক ঘৰত অকলে থকা দেখিবলৈ পায় কিশোৰজনে চকলেটৰ প্ৰলোভন দেখুৱাই ঘৰৰ পিছফালে লৈ যায় আৰু তাতে ভতিজীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে। ইফালে বজাৰৰ পৰা ঘৰলৈ উভতি আহি শিশুটিৰ মাকে নিজ কন্যাৰ দেহৰ পৰা তেজ ওলাই থকা দেখি আতংকিত হৈ পৰে।
কোনো বিপদ ঘটি যোৱাৰ সন্দেহত তেওঁ চিঞৰিবলৈ ধৰে আৰু তেওঁৰ চিঞৰ শুনি চুবুৰীয়া একাংশ লোক মহিলাগৰাকীৰ কাষ চাপি আহে। ইয়াৰ পিছতে শিশুটিয়ে সমগ্ৰ ঘটনাৰ বিষয়ে বিৱৰি কয় আৰু এই ভয়ংকৰ ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে অভিযুক্ত খুড়াকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত নিশ্চিতি দি এই বিষয়ত তদন্ত অব্যাহত আছে বুলি সদৰী কৰে। অভিযুক্তই যাতে কঠোৰ শাস্তি পায় তাৰ বাবে আৰক্ষীয়ে চেষ্টা চলাইছে বুলিও তেওঁ লগতে কয়।