5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজপথত মহিলা সাংবাদিকক অশ্লীল ইংগিত দুৰ্বৃত্তৰ, তাৰ পিছত…

স্বাধীনতা দিৱসৰ দিনটোতে উত্তৰ প্ৰদেশত দুৰ্বৃত্তই নিৰ্যাতনৰ চেষ্টা চলায় এগৰাকী মহিলা সাংবাদিকক। কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতিবলৈ কেবৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে মহিলাগৰাকীক দুই বাইক আৰোহী দুৰ্বৃত্তই অশ্লীল ইংগিত দিয়ে।

ৰাজপথত মহিলা সাংবাদিকক অশ্লীল ইংগিত দুৰ্বৃত্তৰ, তাৰ পিছত…
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই দুৰ্বৃত্তক
monjit-dutta
Monjit Dutta | Updated On: 16 Aug 2024 19:38 PM

পশ্চিম বংগৰ নৃশংস দলবদ্ধ ধৰ্ষণ তথা হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। দোষীক গ্ৰেপ্তাৰৰ দাবীত দেশজুৰি প্ৰতিবাদ গঢ়ি উঠিছে। বংগৰ এই ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা। ৰাজ্যখনৰ নয়ডাত এগৰাকী মহিলা সাংবাদিকক ৰাজপথতে অশ্লীল ইংগিত দিছে দুৰ্বৃত্তই। কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতিবলৈ কেবৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে সাংবাদিকগৰাকীক অশালীন মন্তব্যৰে আতিশয্য চলায় বাইক আৰোহী দুই দুৰ্বৃত্তই।

প্ৰকাশিত খবৰ অনুসৰি, বৃ্হস্পতিবাৰে স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হৈছে এই ঘটনা। মহিলা সাংবাদিকগৰাকীয়ে ঘৰলৈ যাবলৈ কেবৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়ছোৱাতে দুজন দুস্কৃতিকাৰী বাইকত উঠি তেওঁৰ কাষত ৰয় আৰু অশ্লীল মন্তব্য কৰে। মহিলাগৰাকী ঘৰ পোৱাৰ পিছতে এই ঘটনাৰ বিষয়ে সামাজিক মাধ্যম যোগে সদৰী কৰে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, কেবৰ বাবে ৰৈ থকাৰ সময়ত কাষ চাপি অহা বাইক আৰোহীজনক প্ৰথমে তেওঁ কোনো চিনাকি লোক বুলি ভাবি বিশেষ চিন্তা কৰা নাছিল। কিন্তু কিছু সময়ৰ ভিতৰতে তেওঁ নিজৰ ভুল বুজিব পাৰে। বাইক আৰোহীজনে ইয়াৰ পিছতে বাইকখন তেওঁৰ কাষ চপাই আনি অশালীন মন্তব্য কৰে।

সামাজিক মাধ্যমত মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, অচিনাক্ত লোকজনে তেওঁৰ কাষ চাপি আহি খোজ কাঢ়ি যোৱা দেখি বৰ ভাল লগা বুলি উল্লেখ কৰে আৰু সেয়ে ৰৈ কথা পতাৰ ইচ্ছা হোৱা বুলি মন্তব্য কৰে। ইয়াৰ পিছতে অশ্লীল ইংগিত দি অচিনাক্ত ব্যক্তিজনে ‘কোনে জানে, হয়তো এটা সুযোগো থাকিব পাৰে’ বুলি মন্তব্য কৰা বুলি মহিলা সাংবাদিকগৰাকীয়ে লগতে কয়।

এনে অনাকাংক্ষিত পৰিস্থিতিত সম্ভাৱ্য বিপদৰ আশংকাত মহিলাগৰাকী সেই স্থানৰ পৰা আঁতৰি যায় আৰু এগৰাকী বন্ধুলৈ ফোন কৰি মেটৰ’ ষ্টেচন পোৱালৈকে ফোনত কথা পাতি থাকিবলৈ কয়। তেতিয়াও বাইক আৰোহী দুই দুৰ্বৃত্ত মহিলাগৰাকীৰ পিছে পিছে গৈ আছিল। কিছু দূৰ যোৱাৰ পিছতে বাইকৰ পিছত বহি যোৱা ব্যক্তিগৰাকীয়ে হাত জোকাৰি মহিলা সাংবাদিকগৰাকীক উদ্দেশ্যি কি ৰেট ল’ব বুলি অশ্লীল প্ৰশ্ন কৰে।

অৱশ্যে তেনে এক পৰিস্থিতিৰ মাজৰ পৰা নিৰাপদে ঘৰ পোৱা বুলি মহিলাগৰাকীয়ে লগতে কয়। মহিলাগৰাকীৰ এই পোষ্ট লাভ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনাস্থলীৰ সমীপৰ চিচিটিভি ফুটেজসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি ২৪ ঘণ্টাৰ ভিতৰত দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত দুই অভিযুক্তক অশ্বত (২৫) আৰু বিপিন (২৭) বুলি চিনাক্ত কৰা হৈছে বুলি সদৰী কৰে আৰক্ষীয়ে। এই ঘটনাৰ সময়ত দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইকখনো জব্দ কৰা বুলি আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে।

Latest News