ৰে’ল ষ্টেচনত মহিলাৰ সৈতে জঘন্য কাণ্ড দুই দুৰ্বৃত্তৰঃ মুমূর্ষু অৱস্থাত চিকিৎসালয়ত ভৰ্তি
মায়ানগৰী মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনেল ৰে’লৱে ষ্টেচন চৌহদত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা। দুই দুৰ্বৃত্তই এগৰাকী মহিলাক মুখত সোপা দি নিৰ্জন স্থানলৈ টানি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি ভুক্তভোগী মহিলাগৰাকী সংকটজনক অৱস্থাত স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শেহতীয়া সময়ছোৱাত ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে ধৰ্ষণৰ ঘটনা। শিশুৰ পৰা বৃদ্ধালৈকে বলি হৈছে এই জঘন্য নিৰ্যাতনৰ। এনে ঘটনাক কেন্দ্ৰ কৰি দেশত গঢ়ি উঠিছে প্ৰতিবাদো। কিন্তু হ্ৰাস পোৱাৰ পৰিৱৰ্তে ক্ৰমশঃ বৃদ্ধিহে পাইছে ধৰ্ষণৰ দৰে ঘৃণনীয় অপৰাধ। এইবাৰ এনে এক ঘৃণনীয় কাণ্ড সংঘটিত হৈছে মুম্বাইত। মায়ানগৰী মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনেল ৰে’লৱে ষ্টেচন চৌহদত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা।
ৰে’লৱে ষ্টেচন চৌহদত দুই দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী মহিলা। সংকটজনক অৱস্থাত ভুক্তভোগী মহিলাগৰাকীক সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীৰ পৰা বক্তব্য লিপিবদ্ধ কৰে। আৰক্ষীৰ আগত দিয়া ভাষ্যত মহিলাগৰাকীয়ে ষ্টেচন চৌহদৰ ভিতৰত দুগৰাকী লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ৰে’লৱে আৰক্ষীয়ে এই বিষয়ত গোচৰ পঞ্জীয়ন কৰাৰ পিছতে মহানগৰ আৰক্ষীলৈ গোচৰটো বদলি কৰিছে। সম্প্ৰতি মহানগৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। প্ৰকাশিত খবৰ অনুসৰি মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনেলত যোৱা ২২ ছেপ্টেম্বৰতে এই ঘটনা সংঘটিত হৈছিল। দুই অভিযুক্তই প্ৰথমে মহিলাগৰাকীৰ মুখত সোপা দি নিৰ্জন স্থানলৈ টানি নিয়ে।
ইয়াৰ পিছতে দুই অভিযুক্তই এজন এজনকৈ উপৰ্যুপৰি মহিলাগৰাকীক ধৰ্ষণ কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে মহিলাগৰাকীক সেই স্থানতে পেলাই থৈ দুই অভিযুক্ত সেই স্থানৰ পৰা পলায়ন কৰে। অভিযোগ অনুসৰি দুয়ো অভিযুক্তই ধৰ্ষণৰ পিছতে মহিলাগৰাকীক এই ঘটনাৰ বিষয়ে কোনো লোকৰে আগত প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে আৰু তাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে।
এনে অমানুষিক নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে সংকটজনক অৱস্থাত কোনোমতে নৱী মুম্বাইৰ নেৰুলৰ এখন চিকিৎসালয়ত উপস্থিত হয়। মহিলাগৰাকীয়ে চিকিৎসালয়ত ঘটনা সন্দৰ্ভত প্ৰকাশ কৰাৰ পিছতে চিকিৎসালয়খনে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে এই সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীৰ এটা দল চিকিৎসালয়ত উপস্থিত হৈ মহিলাগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰে।
মহিলাগৰাকীৰ পৰা ঘটনাৰ বুজ লোৱাৰ পিছতে ৰে’লৱে আৰক্ষীয়ে ছত্ৰপতি শিৱাজী টাৰ্মিনেল ষ্টেচনত দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। গোচৰ ৰুজুৰ পিছতে মহিলাগৰাকীৰ বক্তব্য দ্বিতীয়বাৰৰ বাবে ৰেকৰ্ড কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে নিজ বিবৃতিত ৰেলৱে ষ্টেচনৰ টেক্সি ষ্টেণ্ডৰ সমীপত তেওঁ ৰৈ থকাৰ সময়তে দুজন লোক তেওঁৰ কাষ চাপি আহিছিল বুলি উল্লেখ কৰিছে।
ইয়াৰ পিছতে দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ মুখত হেঁচা মাৰি ধৰি নিৰ্জন স্থানলৈ টানি নিয়ে আৰু দলবদ্ধ ধৰ্ষণৰ অপৰাধ সংঘটিত কৰে। ৰে’লৱে আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো মহানগৰ আৰক্ষীলৈ হস্তান্তৰ কৰিছে। এই বিষয়ত এগৰাকী আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি এই বিষয়ৰ তদন্ত আৰম্ভ কৰা আৰক্ষীয়ে শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে।