এফালে দেৱী পূজন, আনফালে নাৰী নিৰ্যাতনঃ পুত্ৰৰ প্ৰাণনাশৰ ভাবুকিৰে মহিলাৰ সৈতে নিশাজুৰি জঘন্য কাণ্ড দুৰ্বৃত্তৰ
দুৰ্গা পূজাৰ আনন্দৰ সময়তে দেশত দুৰ্বৃত্তৰ ঘৃণনীয় আতিশয্যৰ বলি হৈছে এগৰাকী মহিলা। পুত্ৰক হত্যাৰ ভাবুকিৰে ভীতিগ্ৰস্ত কৰি মহিলাগৰাকীক সমগ্ৰ নিশাজুৰি ধৰ্ষণ কৰিছে দুৰ্বৃত্তই। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ কৰি দুৰ্বৃত্তই লগতে যেতিয়াই ইচ্ছা কৰে তেতিয়াই মহিলাগৰাকীক তেওঁৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দি অন্যথা ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে।
দেশত এতিয়া দুৰ্গা পূজাৰ উছাহ। দেৱী দুৰ্গাৰ পূজনেৰে অসৎ শক্তিৰ নাশ কৰাৰ বাবে প্ৰাৰ্থনা জনালে দেশবাসীয়ে। ভাৰতীয় সভ্যতা-সংস্কৃতিত নাৰীক দেৱী ৰূপে পূজা কৰাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। দুৰ্গা ৰূপী নাৰীৰ পূজন কৰিলেও পিছে দেশত নাৰীজনিত অপৰাধৰ ঘটনা প্ৰতিনিয়ত বৃদ্ধি পাইছে। শেহতীয়াকৈ পোহৰলৈ আহিছে উত্তৰ প্ৰদেশত সংঘটিত তেনে এক ভয়ংকৰ নাৰীজনিত অপৰাধৰ ঘটনা। ৰাজ্যখনৰ গোৰখপুৰ জিলাৰ তিৱাৰীপুৰত এক দুৰ্বৃত্তৰ ধৰ্ষণৰ বলি হৈছে এগৰাকী মহিলা। পুত্ৰক হত্যাৰ ভাবুকিৰে ভীতিগ্ৰস্ত কৰি মহিলাগৰাকীক সমগ্ৰ নিশাজুৰি ধৰ্ষণ কৰিছে দুৰ্বৃত্তই।
প্ৰকাশিত খবৰ অনুসৰি, ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী প্ৰায় পাঁচ বছৰ পূৰ্বে অঞ্চলটোৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে সংসাৰলৈ আহিছিল এটি পুত্ৰ সন্তান। কিন্তু লাহে লাহে দুয়োৰে মাজত সম্পৰ্কৰ অৱনতি ঘটে আৰু বাঢ়ি অহা খাম-খেয়ালীৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লয়। কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ মাজৰ বিবাদ হ্ৰাস নোপোৱাত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয়।
বিচ্ছেদৰ পাছত পুত্ৰ সন্তানটিৰ সৈতে পৃথকে সংসাৰ চলাবলৈ ধৰে মহিলাগৰাকীয়ে। সৰু সুৰা কাম কৰি মহিলাগৰাকীয়ে জীৱিকা উপাৰ্জন কৰিছিল। কামৰ পৰা সন্ধিয়া ঘৰলৈ উভতোঁতে মহিলাগৰাকীৰ প্ৰায়ে পলম হয়। উভতনিৰ সময়ত স্থানীয় এজন যুৱকে তেওঁক প্ৰায়ে অনুসৰণ কৰিছিল। মহিলাগৰাকীৰ অসহায়তাৰ সুযোগ লৈ এই যুৱকজনে প্ৰায়ে তেওঁক জোকাই বিৰক্ত কৰিছিল। যুৱকজনক উপেক্ষা কৰি তেওঁ সদায়েই নিজ গৃ্হত উপস্থিত হয়।
কিন্তু শুকুৰবাৰে সন্ধিয়া মহিলাগৰাকী কামৰ পৰা উভতাৰ সময়তে যুৱকজনে আন্ধাৰৰ সুযোগ লৈ তেওঁক আগচি ধৰে। এই আকস্মিক বিপদৰ পৰা ৰক্ষাৰ বাবে মহিলাগৰাকীয়ে পাৰ্যমানে চেষ্টা কৰে যদিও যুৱকজনে তেওঁক বলপূৰ্বকভাৱে এটা ঘৰৰ ভিতৰলৈ দাঙি নিয়ে। এটা কোঠাৰ ভিতৰত বন্দী কৰি মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে অভিযুক্তই। যুৱকজনৰ এই অসৎ প্ৰচেষ্টাত বাধা দিবলৈ পাৰ্যমানে চেষ্টা কৰে মহিলাগৰাকীয়ে।
ইয়াৰ পিছতে যুৱকজনে তেওঁক যৌন সম্ভোগৰ সুযোগ নিদিলে মহিলাগৰাকীৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি দিয়ে। যদি মহিলাগৰাকীয়ে তেওঁক বাধা দিয়ে তেতিয়া গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি দিয়ে যুৱকজনে। এনে ভাবুকিৰে যুৱকজনে সমগ্ৰ নিশাজুৰি কোঠাটোত মহিলাগৰাকীক পণবন্দী কৰি ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰে। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ও কৰি ৰাখে দুৰ্বৃত্তই। এই অসৎ চৰিতাৰ্থ পূৰণ কৰি পুৱাৰ ভাগত মহিলাগৰাকীক যাবলৈ দিয়ে যুৱকজনে।
ইফালে যেতিয়াই ফোন কৰে, তেতিয়াই মহিলাগৰাকী তেওঁৰ ওচৰলৈ যাব লাগিব বুলিও যুৱকজনে ধমকি দিয়ে। অনিচ্ছা প্ৰকাশ কৰিলে বা আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিবলৈ চেষ্টা কৰিলে মহিলাগৰাকীৰ পুত্ৰক হত্যা কৰাৰ লগতে ধৰ্ষণৰ ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱায় অভিযুক্তই। এনে ভাবুকিত ভীতিগ্ৰস্ত হৈ মহিলাগৰাকীয়ে এগৰাকী বান্ধৱীৰ পৰা পৰামৰ্শ বিচাৰে। বান্ধৱীগৰাকীয়ে তেওঁক আৰক্ষীৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়াত অভিযোগ দাখিল কৰে মহিলাগৰাকীয়ে।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত মেৰাজ নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভাবুকিৰ গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে। সম্প্ৰতি পলাতক মেৰাজৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকা বুলি সদৰী কৰি বিষয়াজনে লগতে অভিযুক্তৰ মোবাইল লোকেচনৰ সন্ধান পালেই তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি নিশ্চিতি দিছে।