যুৱতীৰ লগত বৰ্বৰ ঘটনা! মৰিয়াই মৰিয়াই ল’লে প্ৰাণ, তাৰ পাছত…
, যুৱতীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কোনোয়ে। তেওঁৰ শৰীৰত ৫০ তকৈ অধিক আঘাতৰ চিন আছিল। জানিব পৰা মতে দেওবাৰে নিশাৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ আছিল।
পুনৰ এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। সোমবাৰে জংঘলৰ মাজৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল। আৰক্ষীয়ে সন্দেহ কৰিছিল যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ৰাজধানী পাটনাৰ পৰা ৭০ কিলোমিটাৰ দূৰত অৱস্থিত মুজফ্ফৰনগৰত।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে মৃত যুৱতীগৰাকী দলিত সম্প্ৰদায়ৰ। আৰক্ষীয়ে কয় যে, যুৱতীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কোনোয়ে। তেওঁৰ শৰীৰত ৫০ তকৈ অধিক আঘাতৰ চিন আছিল। জানিব পৰা মতে দেওবাৰে নিশাৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ আছিল। পৰিয়ালৰ মানুহে বিচাৰ- খোচৰ কৰিছিল যদিও তেওঁৰ কোনো সম্ভেদ পোৱা নাছিল। তাৰ পাছতে পিছদিনা পুৱা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। উদ্ধাৰৰ সময়ত মৃতদেহটো তেজেৰে লুতুৰী- পুতুৰী অৱস্থাত আছিল।
প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে ঘটনাৰ পূৰ্বে যুুৱতীগৰাকীয়ে জীৱন ৰক্ষাৰ বাবে বহু চেষ্টা কৰিছিল। ভুক্তভোগীৰ কাপোৰবোৰ ফাটি গৈছিল। সন্দেহ অনুসৰি প্ৰথমে দুৰ্বত্তই যুৱতীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু পাছত ধৰ্ষণ কৰিছিল।নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি যুৱতীগৰাকীৰ গোপন অংগতো দুৰ্বৃত্তই চুৰীৰে আঘাত কৰিছিল। এনেবোৰ কাৰণতে যুৱতীগৰাকীৰ দেহৰ পৰা অন্য লোকৰ কোনো নমুনা পোৱা নগ’ল। এই সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হৈ ড’গ স্কোৱাড, ফৰেন্সিক টিম আদি সকলোৱে তদন্ত সহযোগিতা কৰিছে। কিন্তু অভিযুক্ত কোন আৰু ক’ৰ পৰা আহিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
স্থানীয় ৰাইজে এজন যুৱক এই ঘটনাৰ অভিযুক্ত বুলি দাবী উত্থাপন কৰিছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো প্ৰমাণ লাভ কৰা নাই। স্থানীয় ৰাইজে জনোৱা অনুসৰি যুৱতীগৰাকীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল। ৬ ভাই- ভনী আৰু তেওঁ সবাতোকৈ সৰু আছিল। অষ্টম শ্ৰেণীলৈ অধ্যয়ন কৰাৰ পাছত যুৱতীগৰাকীয়ে পঢ়া এৰি দিছিল। ঘৰৰ আৰ্থিক দিশটোত সহায় কৰাৰ চিন্তা কৰি যুৱতীগৰাকীয়ে খেতি- বাতিত কাম কৰা আৰম্ভ কৰিছিল। যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে পৰিয়ালৰলোক শোকত ভাঙি পৰিছে।
এই সন্দৰ্ভত আৰক্ষীয়ে কৈছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে সবিশেষ ক’ব পৰা যাব। কোনে কিয় হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাত জড়িত থকা লোকক কোনো পধ্যেই এৰি দিয়া নহয় বুলি আৰক্ষীয়ে কয়।