মিজোৰামৰ ৭ বছৰীয়া এষ্টাৰ লালডুহামীৰ গান শুনি আবেগিক অমিত শ্বাহ, উপহাৰ দিলে গীটাৰ…
মিজোৰামৰ ৭ বছৰীয়া প্ৰতিভাৱান কণ্ঠশিল্পী এষ্টাৰ লালডুহামী হ্নামতেক এখন গীটাৰ উপহাৰ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে, ভাৰতৰ প্ৰতি থকা প্ৰেমে আমাৰ সকলোকে সংযোগ কৰে।

তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণকালত শনিবাৰে মিজোৰাম ভ্ৰমণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । এই সময়ছোৱাত এক অনুষ্ঠানত মিজোৰামৰ ৭ বছৰীয়া প্ৰতিভাৱান কণ্ঠশিল্পী এষ্টাৰ লালডুহামী হ্নামতেক এখন গীটাৰ উপহাৰ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে, “ভাৰতৰ প্ৰতি থকা প্ৰেমে আমাৰ সকলোকে সংযোগ কৰে। আইজলত মিজোৰামৰ এষ্টাৰ লালডুহামী হ্নামতেয়ে বন্দে মাতৰম গোৱা শুনি মই বৰ আৱেগিক হৈ পৰিলোঁ।”
গৃহমন্ত্ৰী শ্বাহে ইনষ্টাগ্ৰামৰ এটা পোষ্টত লিখিছে যে, সাত বছৰীয়া লালডুহামীৰ ভাৰত মাতৃৰ প্ৰতি থকা প্ৰেম তেওঁৰ কণ্ঠত প্ৰতিফলিত হৈছে । উল্লেখ্য যে, মিজোৰামৰ যুৱ কণ্ঠশিল্পী হ্নামতেয়ে ২০২০ চনত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিশোৰীগৰাকীয়ে ‘মা তুঝে চালাম’ গীত গোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। শক্তিশালী কণ্ঠ আৰু দেশপ্ৰেমমূলক মনোভাৱৰ বাবে তেওঁ সকলোৰে প্ৰশংসা লাভ কৰিছিল। তেওঁ মিজোৰাম চৰকাৰৰ পৰা ৰাজ্যপালৰ বিশেষ প্ৰশংসাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।
Love for Bharat unites us all.
Deeply moved to listen to Mizoram’s wonder kid Esther Lalduhawmi Hnamte, singing Vande Mataram in Aizawl today. The seven-year-old’s love for Bharat Mata poured out into her song, making listening to her a mesmerizing experience.
Gifted her a… pic.twitter.com/7CLOKjkQ9y
— Amit Shah (@AmitShah) March 15, 2025
১৪ মাৰ্চৰ পৰা তিনিদিনীয়া অসম ভ্ৰমত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। অৱশ্যে ১৫ মাৰ্চ শনিবাৰে তেওঁ মিজোৰাম ভ্ৰমণ কৰি অসম ৰাইফলছৰ ভূমি মিজোৰাম চৰকাৰক হস্তান্তৰ কৰা উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে অসম ৰাইফলছক ৰাইজৰ সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে। শ্বাহে কয় যে, অসম ৰাইফলছে ভাতৃত্ববোধৰ জৰিয়তে মিজোৰামৰ জনসাধাৰণক সেৱা আগবঢ়াইছে। বাহিনীটোৱে জনসাধাৰণৰ সুবিধাৰ্থে নিজৰ মাটিৰ এক উল্লেখযোগ্য অংশ ৰাজ্য চৰকাৰক গতাই দি জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ।
সভাৰ ভাষণত অমিত শ্বাহে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় কেন্দ্ৰীয় আইজলৰ পৰা জোখোৱাছাঙলৈ স্থানান্তৰিত কৰাৰ কথা উল্লেখ কৰি মিজোৰামৰ উন্নয়নৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে। তেওঁ কয় যে, এই পদক্ষেপ কেৱল প্ৰশাসনিক সিদ্ধান্তই নহয়, মিজো জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্বৰ প্ৰতীক বুলি উল্লেখ কৰে অমিত শ্বাহে ।