ৰাম মন্দিৰলৈ লৈ যাব নোৱাৰিব মোবাইল ফোন, VIP, VVIP য়েও পালন কৰিব লাগিব নিৰ্দেশনা

অযোধ্যাৰ ৰাম মন্দিjত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মোবাইল ফোন। শনিবাৰে ৰাম মন্দিৰ ট্ৰাষ্টৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাম মন্দিৰলৈ লৈ যাব নোৱাৰিব মোবাইল ফোন, VIP, VVIP য়েও পালন কৰিব লাগিব নিৰ্দেশনা
Updated On: 

26 May 2024 07:18 AM

অযোধ্যাৰ ৰাম মন্দিjত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মোবাইল ফোন। শনিবাৰে ৰাম মন্দিৰ ট্ৰাষ্টৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্দিৰত সাধাৰণ ৰাইজে  মোবাইল কঢ়িয়াই নিয়াত ইতিমধ্যেই নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এতিয়া ভিআইপি আৰু ভিভিআইপি সকলকো মোবাইল ফোনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আই জি আৰু আয়ুক্তৰ সৈতে ৰাম মন্দিৰ ট্ৰাষ্টৰ বিষয়াসকলৰ বৈঠকত মোবাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। ট্ৰাষ্টৰ ট্ৰাষ্টী অনিল মিশ্ৰই কয় যে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। সকলো দৰ্শনাৰ্থীকে এই ব্যৱস্থা মানি চলি সহযোগ কৰিবলৈ অনুৰোধ জনাই বিভাগীয় কৰ্তৃপক্ষই যাতে কোনেও যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়।

মিশ্ৰই কয় যে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ মোবাইল ফোন ৰখাৰ পৰ্যাপ্ত ব্যৱস্থা আছে। মানুহে নিজৰ মোবাইলৰ লগতে আন মূল্যবান সামগ্ৰীও ৰাখিব পাৰে। এনে পৰিস্থিতিত ৰাইজে এই সুবিধাসমূহৰ সুবিধা লৈ মন্দিৰ চৌহদত উন্নত শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ট্ৰাষ্টৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। ভক্তসকলে লকাৰৰ সুবিধা ল’ব পাৰে আৰু তাত নিজৰ মোবাইলৰ লগতে আন আন মূল্যবান সামগ্ৰী ৰাখিব পাৰে ।

ট্ৰাষ্টে ভক্তসকলক নিজৰ লগত নূন্যতম বয়-বস্তু কঢ়িয়াই নিবলৈ আহ্বান জনায়। কিয়নো বেছি সামগ্ৰা নিলে স্কেনিং কৰাত সময় লাগিব আৰু আন যাত্ৰীসকলেও সমস্যাৰ সন্মুখীন হ’ব পাৰে। আনহাতে কোনোৱে যদি হোটেলত থাকে আধা সামগ্ৰী হোটেলত থৈ যাবলৈ আহ্বান জনায়।

চলিত বৰ্ষৰ ২২ জানুৱাৰীত অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰাণ প্ৰতিষ্ঠাৰ পিছৰে পৰা প্ৰতিদিনে অযোধ্যালৈ দৰ্শনৰ বাবে শ শ ভক্ত আহি আছে । প্ৰাণ প্ৰতিষ্ঠাৰ পিছৰে পৰা বহু লাখ লোকে ভ্ৰমণ কৰিছে অযোধ্যা।  আনহাতে মন্দিৰৰ নির্মাণ কার্য এতিয়াও সম্পূর্ণ হোৱা নাই৷  চলিত বৰ্ষৰ শেষলৈ ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ সম্ভাৱণা আছে।

Related Stories
দুজনীয়া গোটত বিভক্ত প্ৰায় ৬-৭ টা সন্ত্ৰাসবাদী, হাতত অত্যাধুনিক মাৰণাস্ত্ৰ, সুধিছিল ধৰ্ম কি? পহলগামত নৰসংহাৰ
উপভোগ কৰা নহ’ল ‘মিনি ছুইজাৰলেণ্ড’ৰ নান্দনিক দৃশ্য ! পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২৬ জন, শ্ৰীনগৰত উপস্থিত অমিত শ্বাহ…
কাশ্মীৰৰ পহলগাম আক্ৰমণ সন্দৰ্ভত পোহৰলৈ চাঞ্চল্যকৰ তথ্যঃ চলিত মাহৰ আৰম্ভণিতে চলোৱা হৈছিল এনে কাৰ্য…
পুনৰ দেখা দিব নেকি ক’ভিদ আতংকই! দেশত ধৰা পৰিছে দুগৰাকী ৰোগী, মৃত্যু ঘটিল এজনৰ
দোষীক ৰেহাই দিয়া নহয় ! পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰলৈ ৰাওনা অমিত শ্বাহ…
Jammu & Kashmir Terrorists attack: ৰক্তাক্ত ভূ-স্বৰ্গ, সন্ত্ৰাসবাদীৰ গুলীত নিহত পৰ্যটক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক