Budget 2024: মধ্যবিত্তৰ বাবে বাজেটত ডাঙৰ ঘোষণা! যিকোনো প্ৰতিষ্ঠানত নিযুক্তি প্ৰাপ্ত যুৱক-যুৱতীৰ প্ৰথম দৰমহা পৰিশোধ কৰিব চৰকাৰে | Modi-government-spend-first-salary-of-new-jobs-said-nirmala-sitharaman-in-budget-speech-2024 Assam news - Assam Tv9

Budget 2024: মধ্যবিত্তৰ বাবে বাজেটত ডাঙৰ ঘোষণা! যিকোনো প্ৰতিষ্ঠানত নিযুক্তি প্ৰাপ্ত যুৱক-যুৱতীৰ প্ৰথম দৰমহা পৰিশোধ কৰিব চৰকাৰে

Budget 2024: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত নিযুক্তি সম্পৰ্কীয় এটা ডাঙৰ ঘোষণা কৰিছে। চৰকাৰে কৈছে যে নিযুক্তি প্ৰদান কৰা প্ৰতিষ্ঠানসমূহক চৰকাৰী সহায় আগবঢ়োৱা হ'ব। বিত্তমন্ত্ৰীয়ে ১০ লাখ যুৱক-যুৱতীক EPFOৰ সুবিধা প্ৰদান কৰাৰো ঘোষণা কৰিছে। ইয়ে কৰ্মচাৰীসকলক আৰ্থিকভাৱে সহায় কৰিব।

Budget 2024: মধ্যবিত্তৰ বাবে বাজেটত ডাঙৰ ঘোষণা! যিকোনো প্ৰতিষ্ঠানত নিযুক্তি প্ৰাপ্ত যুৱক-যুৱতীৰ প্ৰথম দৰমহা পৰিশোধ কৰিব চৰকাৰে

মধ্যবিত্তৰ বাবে বাজেটত ডাঙৰ ঘোষণা

Updated On: 

23 Jul 2024 12:22 PM

বাজেট ভাষণত নিযুক্তি সম্পৰ্কীয় এটা ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । চৰকাৰে কৈছে যে নিযুক্তি প্ৰদান কৰা প্ৰতিষ্ঠানসমূহক চৰকাৰী সহায় আগবঢ়োৱা হ’ব। বিত্তমন্ত্ৰীয়ে ১০ লাখ যুৱক-যুৱতীক EPFOৰ সুবিধা প্ৰদান কৰাৰো ঘোষণা কৰিছে। ই কৰ্মচাৰীসকলক আৰ্থিকভাৱে সহায় কৰিব। কেৱল এয়াই নহয় চৰকাৰে এইটোও ঘোষণা কৰিছে যে যদি কোনো কোম্পানীয়ে যুৱসকলক চাকৰি দিয়ে তেন্তে তেওঁৰ প্ৰথম দৰমহা চৰকাৰে পৰিশোধ কৰিব। চৰকাৰৰ এই পদক্ষেপে লাখ লাখ নতুন চাকৰি সৃষ্টি কৰিব।

EPFO একাউণ্টত সোমাব ধন

চৰকাৰে কৈছে যে প্ৰথম চাকৰিত EPFO একাউণ্টত চৰকাৰে পোনপটীয়াকৈ ১৫ হাজাৰ টকা জমা কৰিব। কেৱল এয়াই নহয় চৰকাৰে নিযুক্তিৰ বিকাশৰ বাবে ৩টা উদগনি মূলক আঁচনি আৰম্ভ কৰিব। লগতে চৰকাৰে লগতে কৈছে যে ডাঙৰ কোম্পানীবোৰত যুৱসকলৰ দক্ষতা বিকাশৰ বাবে ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰা হ’ব। এই ইন্টাৰ্ণশ্বিপটো ১২ মাহৰ হ’ব। ইণ্টাৰ্ণসকলে প্ৰতি মাহে ৫,০০০কৈ টকা লাভ কৰিব। তাৰ পাছত সেই যুৱক-যুৱতীসকলে দেশৰ শীৰ্ষ ৫০০টা কোম্পানীত চাকৰি লাভৰ সুযোগ পাব।

চৰকাৰে কৈছে যে অহা ৫ বছৰত নিযুক্তি আৰু দক্ষতাৰ বাবে ১ লাখ কোটি টকা ব্যয় কৰা হ’ব। একেলগে চৰকাৰে কেৱল নিযুক্তি প্ৰদানৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব। চৰকাৰৰ লক্ষ্য হৈছে পৰৱৰ্তী ৫ বছৰত ৪ কোটি চাকৰি প্ৰদান কৰা।

উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত অৰ্থনীতিত পৰ্যাপ্ত সুযোগ সৃষ্টিৰ বাবে ৯টা অগ্ৰাধিকাৰৰ ঘোষণা কৰে। এই ৯ টা অগ্ৰাধিকাৰৰ ভিতৰত আছে উৎপাদনশীলতা, নিযুক্তি, সামাজিক ন্যায়, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন আৰু সংস্কাৰ। একেৰাহে সপ্তম বাজেট উপস্থাপন কৰি সীতাৰমণে কয় যে চৰকাৰে জলবায়ু অনুকূল বীজ বিকশিত কৰাৰ বাবে এক বৃহৎ অনুসন্ধান জৰীপ চলাই আছে ।

তেওঁ কয় যে অহা দুবছৰত এক কোটি কৃষকে প্ৰাকৃতিক কৃষিৰ ফালে যাব। মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে উৎপাদন বৃদ্ধিৰ বাবে পাচলি উৎপাদন গোটবোৰ বৃহৎ পৰিমাণে বিকশিত কৰা হ’ব। চৰকাৰে ৩২ বিধ কৃষি আৰু উদ্যান শস্যৰ বাবে ১০৯ প্ৰকাৰৰ নতুন উচ্চ উৎপাদনশীল, জলবায়ু অনুকূল বীজ মুকলি কৰিব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?