5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কঠোৰ হ’ব সন্ত্ৰাসবাদ দমন নীতি! শীঘ্ৰেই গ্ৰহণ কৰা হ’ব নতুন আইন, ঘোষণা অমিত শ্বাহৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি। আজি এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ আৰু সেয়ে চৰকাৰে এক সুনিৰ্দিষ্ট কৌশল লৈ আগবাঢ়িছে।

কঠোৰ হ’ব সন্ত্ৰাসবাদ দমন নীতি! শীঘ্ৰেই গ্ৰহণ কৰা হ’ব নতুন আইন, ঘোষণা অমিত শ্বাহৰ
কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ
monjit-dutta
Monjit Dutta | Published: 07 Nov 2024 21:27 PM

বিগত মাহত জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাত সংঘটিত হোৱা এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কটোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিছিল কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে। গৃ্হমন্ত্ৰী শ্বাহৰ এই হুংকাৰ কাৰ্যতঃ প্ৰতিফলিত হোৱাৰ দিশত। সন্ত্ৰাসবাদৰ ওপৰত অতি সোনকালে আৰম্ভ হ’ব তীব্ৰ আক্ৰমণ। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক বৃ্হৎ ঘোষণা কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি গ্ৰহণ কৰিব বুলি আজি ঘোষণা কৰিছে অমিত শ্বাহে।

কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ আৰু সেয়ে চৰকাৰে এক সুনিৰ্দিষ্ট কৌশল লৈ আগবাঢ়িছে। আইন-শৃংখলা এটা ৰাজ্যিক বিষয় যদিও সন্ত্ৰাসবাদৰ কোনো সীমা নাই বুলি উল্লেখ কৰি অমিত শ্বাহে লগতে এই ক্ষেত্ৰত সকলো নিৰাপত্তা সংস্থাই সমন্বয়ৰে কাম কৰিব লাগে বুলি মন্তব্য কৰিছে। সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ যৌথ কৌশল ৰচনা কৰিব লাগে আৰু চোৰাংচোৱাৰ তথ্যও ভাগ-বতৰা কৰিব লাগে বুলি লগতে কয় শ্বাহে।

অমিত শ্বাহে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে চৰকাৰে এ টি এছ আৰু এছ টি এফৰ ৰূপত আদৰ্শ পদ্ধতি প্ৰৱৰ্তন কৰিছে। যদি কাৰ্যকৰী হয়, তেন্তে ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক উমৈহতীয়া কাঠামো আৰু মঞ্চ হিচাপে কাম কৰিব বুলি তেওঁ লগতে দোহাৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সংকল্প অনুসৰি ২০৪৭ চনৰ ভিতৰত দেশক উন্নত কৰি তুলিবলৈ সকলোৱে নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব লাগিব।

এই ক্ষেত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক সংহত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰি শ্বাহে লগতে নতুন যুৱ বিষয়াক নিৰাপত্তা বাহিনীয়ে প্ৰশিক্ষণ দিব লাগিব আৰু ইয়াৰ লগতে প্ৰযুক্তিৰ ব্যৱহাৰো কৰিব লাগিব বুলি মন্তব্য কৰে। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সুনিৰ্দিষ্ট কৌশল লৈ আগবাঢ়িছে বুলিও তেওঁ লগতে কয় আৰু ইয়াৰ অন্ত পেলাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে।

গৃ্হমন্ত্ৰী শ্বাহৰ দাবী, সন্ত্ৰাসবাদ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ নীতিক সমগ্ৰ বিশ্বই মানি লৈছে। বিগত দশকৰ তুলনাত সন্ত্ৰাসবাদী ঘটনা ৭০ শতাংশ হ্ৰাস পাইছে বুলিও তেওঁ দাবী কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই যোৱা ১০ বছৰত জম্মু-কাশ্মীৰ, নক্সাল ক্ষতিগ্ৰস্ত অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হিংসাত্মক পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰিত হৈছে বুলিও দাবী কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে।

Latest News