শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৫ বছৰ চাকৰি কৰাসকলে পাব ৫০% পেঞ্চন, OPS অথবা NPS নহয়, প্ৰৱৰ্তন হ’ব UPS: পেঞ্চন আঁচনি সন্দৰ্ভত মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে "পুৰণি পেঞ্চন আঁচনিক লৈ ৰাজনীতি কৰি আছে বিৰোধীয়ে। আমি কৰ্মচাৰীসকলক লৈ সচেতন।" কেবিনেট বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

২৫ বছৰ চাকৰি কৰাসকলে পাব ৫০% পেঞ্চন, OPS অথবা NPS নহয়, প্ৰৱৰ্তন হ’ব UPS: পেঞ্চন আঁচনি সন্দৰ্ভত মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
পেঞ্চন আঁচনি সন্দৰ্ভত মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
trishna-kalita
Trishna Kalita | Published: 24 Aug 2024 20:14 PM

মোদী চৰকাৰে পেঞ্চন আঁচনি সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আজি অনুষ্ঠিত কেবিনেট বৈঠকত পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ ঠাইত একত্ৰিত পেঞ্চন আঁচনি (UPS)য়ে অনুমোদন লাভ কৰিছে। চৰকাৰে কৈছে যে যিজন কৰ্মচাৰীয়ে ২৫ বছৰ সেৱা আগবঢ়াব তেওঁ সম্পূৰ্ণ পেঞ্চন লাভ কৰিব। UPS আঁচনিয়ে ২৩ লাখ কেন্দ্ৰীয় কৰ্মচাৰীক লাভান্বিত কৰিব। এই আঁচনিখন ১ এপ্ৰিল ২০২৫ৰ পৰা কাৰ্যকৰী কৰা হ’ব।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে যিসকলে ১০ বছৰ সেৱা আগবঢ়ায় তেওঁলোকে ১০,০০০ টকাৰ পেঞ্চন লাভ কৰিব। যদি কৰ্মচাৰীজনৰ চাকৰি কৰি থকা সময়ত মৃত্যু হয়, তেওঁলোকৰ পত্নীক ৬০ শতাংশ পেঞ্চন দিয়া হ’ব।

চৰকাৰে কৈছিল যে যদি এজন কৰ্মচাৰীয়ে নিম্নতম ২৫ বছৰ কাম কৰিছে তেন্তে অৱসৰৰ আগতে বিগত ১২ মাহৰ গড় দৰমহাৰ কমেও ৫০ শতাংশ পেঞ্চন হিচাপে দিয়া হ’ব। যদি এজন পেঞ্চনাৰৰ মৃত্যু হয় তেওঁৰ পৰিয়ালে মৃত্যুৰ সময়ত পোৱা পেঞ্চনৰ ৬০ শতাংশ লাভ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছে যে, সকলো এনপিএছত অন্তৰ্ভুক্তসকলে ইউপিএছলৈ যোৱাৰ বিকল্প পাব। এইটো সেই সকলোলোকৰ বাবেও প্ৰযোজ্য হ’ব যিসকলে আৰম্ভণিৰ পৰা এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰিছে বা অৱসৰ ল’বলৈ ওলাইছে। চৰকাৰে ইয়াৰ বাবে বকেয়া পৰিশোধ কৰিব। ২০০৪ চনৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলেও সুবিধা লাভ কৰিব।

প্ৰতি ছয় মাহৰ সেৱাৰ বাবদ মাহিলী দৰমহাৰ  (দৰমহা আৰু ডিএ) এক দশমাংশ যোগ দি অৱসৰৰ সময়ত পৰিশোধ কৰা হ’ব। মই বিকল্পটো ৰাখিছোঁ কিন্তু NPSৰ লোকসকলে UPSলৈ গৈ লাভান্বিত হ’ব। আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা কৰ্মচাৰী সংগঠনসমূহ UPSক লৈ সুখী।

চৰকাৰে কৈছিল যে যেতিয়া কংগ্ৰেছে অ’পিএছৰ বিষয়ে কথা পাতিছিল তেওঁলোকৰ নিজৰ নেতাসকলৰ মাজত মতভেদ আছিল। কংগ্ৰেছৰ লোকসভা নিৰ্বাচনী ইস্তাহাৰত অ’পিএছৰ প্ৰতিশ্ৰুতি নাছিল। প্ৰধানমন্ত্ৰীয়ে সদায় নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধত সিদ্ধান্ত লৈ আহিছে। যদি ই নিৰ্বাচনৰ সৈতে সম্পৰ্কিত নহয়, তেন্তে নিৰ্বাচন আয়োগৰ বিষয়টো ইয়াত নাহে।