আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল । উত্তীৰ্ণ হাৰ ২৫ শতাংশ কম হোৱাৰ গুৱাহাটীৰ ৫ শিক্ষানুষ্ঠানলৈ কাৰণ দৰ্শোৱা জাননী কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগৰ। বিদ্য়ালয় কেইখন হৈছে- দিছপুৰ উচ্চতৰ মাধ্য়মিক বিদ্য়ালয়, বৰসজাই হাইস্কুল, মালিগাঁও হাইস্কুল, এন পি এম ই হাইস্কুল, পিলিংকাটা হাইস্কুল ।
- তুংগত উঠিছে আমেৰিকা-চীনৰ শুল্ক যুদ্ধ । ভয় নকৰা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে প্ৰত্যুত্তৰ দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক । আমেৰিকাই চীনৰ ওপৰত ১৪৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে চীনে আমেৰিকাক আৰোপ কৰিছে ১২৫ শতাংশ শুল্ক ।
- গুৱাহাটীৰ আইএছবিটিত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ মহানগৰ আৰক্ষীৰ । চুবুৰীয়া ৰাজ্যৰ পৰা গুৱাহাটীলৈ হেৰ’ইন সৰবৰাহৰ সন্দৰ্ভত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আই এছ বি টিত এখন বাহন আটক কৰে এছ টি এফ অসমে। ইয়াৰ পাছতে বাহনখনৰ পৰা ৪ কোটি টকাৰ ৪৫৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে ৪ জনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ।
- পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ উপলক্ষে ২ মে’ আৰু ৭ মে’ দুটা দিন চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য় চৰকাৰে । এই দুটা দিনত বন্ধ থাকিব বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান । ২ মে’ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান । একেদৰে ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ১৩ খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে ।
- ফ্ৰান্সৰ পৰা ভাৰতে লাভ কৰিব ২৬খন ৰাফেল যুদ্ধ বিমান। ইতিমধ্য়ে এই চুক্তিৰ বাবে অনুমোদন দিছে কেন্দ্ৰীয় কেবিনেটে । প্ৰায় ৬.৬ বিলিয়ন ইউৰো অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬৩,৮৮৭ কোটি টকাৰ এই চুক্তি ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে বিশ্লেষকসকলে ।
লগতে চাওক ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…