5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নৃশংস! পিতৃৰ সহযোগত মাতৃৰ লগতে ৪ ভগ্নীক হোটেলৰ কোঠাত হত্যা, ২৪ বছৰীয়া অভিযুক্তই দিলে শিহৰণকাৰী বৰ্ণনা…

ঘটনা অনুসৰি সেইদিনা আছিল ৩০ ডিচেম্বৰ। পৰিয়ালটোৱে হোটেল শৰণজিতৰ এটা কোঠা ভাড়ালৈ লৈছিল। সোমবাৰে ৰাতিপুৱা, যেতিয়া হোটেলৰ কৰ্মচাৰীসকলে কোঠাটোত পাঁচটাকৈ মৃতদেহ দেখি তেওঁলোকৰ চিঞৰ আৰম্ভ হৈছিল। লগে লগে বিষয়টো আৰক্ষীক অৱগত কৰোৱা হৈছিল। অভিযুক্তজনো সেই সময়ত কোঠাটোত উপস্থিত আছিল।

নৃশংস! পিতৃৰ সহযোগত মাতৃৰ লগতে ৪ ভগ্নীক হোটেলৰ কোঠাত হত্যা, ২৪ বছৰীয়া অভিযুক্তই দিলে শিহৰণকাৰী বৰ্ণনা…
Lucknow mass murder
trishna-kalita
Trishna Kalita | Updated On: 01 Jan 2025 13:25 PM

এক বেদনাদায়ক, ভয়ংকৰ আৰু নৃসংস ঘটনা। হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ ৫টাকৈ মৃতদেহ। একেটা পৰিয়ালৰে লোক আছিল আটাইকেইজন । যাৰ ফলত অঞ্চলটোত এক আতংকয়ম পৰিৱেশৰ সৃষ্টি হৈছিল। ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তগৰাকী তেওঁলোকৰ পৰিয়ালৰে সদস্য। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ। য’ত পৰিয়ালটো দুদিন আগতে আগ্ৰাৰ পৰা লক্ষ্ণৌত উপস্থিত হৈছিল।

ঘটনা অনুসৰি সেইদিনা আছিল ৩০ ডিচেম্বৰ। পৰিয়ালটোৱে হোটেল শৰণজিতৰ এটা কোঠা ভাড়ালৈ লৈছিল। সোমবাৰে ৰাতিপুৱা, যেতিয়া হোটেলৰ কৰ্মচাৰীসকলে কোঠাটোত পাঁচটাকৈ মৃতদেহ দেখি তেওঁলোকৰ চিঞৰ আৰম্ভ হৈছিল। লগে লগে বিষয়টো আৰক্ষীক অৱগত কৰোৱা হৈছিল। অভিযুক্তজনো সেই সময়ত কোঠাটোত উপস্থিত আছিল।লগে লগে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়া অভিযুক্তজনে হত্যাৰ গোটেই কাহিনীটো বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছিল। অভিযুক্তজনৰ নাম আৰ্শাদ।

মৃতসকল লোকসকলৰ ভিতৰত আছিল ২৪ বছৰীয়া আৰ্শাদৰ মাতৃ আসমা আৰু চাৰিগৰাকী ভগ্নী আলিয়া (৯), অলচিয়া (১৯), অক্সা (১৬) আৰু ৰহমীন (১৮) বুলি চিনাক্ত কৰা হৈছে। একে সময়তে, আৰ্শাদৰ পিতৃ বৰ্তমান পলাতক অৱস্থাত আছে। আৰ্শাদৰ পিতৃৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত, আৰ্শাদ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। পৰিয়ালৰ মুঠ ৭ জন সদস্য হোটেলত থাকিবলৈ আহিছিল।

ইফালে অভিযুক্ত আৰ্শাদে ক’লে হত্যাকাণ্ডৰ আঁৰৰ কাহিনী। তেওঁ কয়,- “আমাক ওচৰ-চুবুৰীয়আই হাৰাশাস্তি কৰি আছিল। মই ভয় খাইছিলো যে যদি মোৰ কিবা হয়, তেন্তে মোৰ পৰিয়ালৰ কি হ’ব। মই এই মোৰ দেউতাক ক’লো। তাৰ পাছত আমি মা আৰু চাৰিগৰাকী ভগ্নীক পৰিকল্পনা কৰি হত্যা কৰিছিলো।”

আৰ্শাদে কয়- “মোৰ দেউতাই মোক এই হত্যাকাণ্ডত সমৰ্থন কৰিছিল। তাৰ পিছত মই তেওঁক ৰেল ষ্টেচনত থৈ আহিছিলো। তেতিয়া মই নিজেই হোটেল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিলো।” যেতিয়া আৰক্ষীয়ে আৰ্শাদক সুধিছিল, “আপুনি সকলোকে কেনেকৈ হত্যা কৰিলে?” এই সন্দৰ্ভত আৰ্শাদে কয়, “আমি আগ্ৰাৰ আগতে আজমেৰলৈ গৈছিলো। তাৰ পিছত ৩০ ডিচেম্বৰত লক্ষ্ণৌলৈ আহিছিলো। ইয়াত তেওঁ শৰণজিৎ হোটেলত ১০৯ নম্বৰৰ কোঠা বুক কৰিলো। মই নিশাৰ আহাৰত সকলোকে প্ৰৱঞ্চনাৰে সুৰাপান কৰাইছিলো। যেতিয়া সকলোৱে নিচাগ্ৰস্ত হৈ পৰিছিল, তেওঁলোকে মুখত এখন কাপোৰ দিছিলো। তাৰ পিছত কাৰোবাক যদি স্কার্ফেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিলো আৰু কাৰোবাৰ হাতৰ নাৰ্ভ কাটি পেলাইছিল।”

হত্যাকাৰীজনে আগতে আৰক্ষীক কয় – “পাপাই আত্মহত্যা কৰিবলৈ গৈছে।” ইয়াৰ পিছতে আৰক্ষীয়ে এতিয়া আৰ্শাদৰ পিতৃ বিচাৰিবলৈ অভিযান আৰম্ভ কৰিছে। অৱশ্যে,বৰ্তমানলৈ তেওঁলোকৰ বিষয়ে কোনো তথ্য লাভ কৰা নাই।

আৰ্শাদৰ চুবুৰীয়াসকলে কি ক’লে?

আনহাতে, আৰ্শাদৰ চুবুৰীয়াসকলেও এই পৰিয়ালটোৰ বিষয়ে বহুতো আশ্বৰ্যকৰ তথ্য উন্মোচন কৰিছে। আৰ্শাদ আগ্ৰাৰ বাসিন্দা। চুবুৰীয়াসকলৰ মতে, আৰ্শাদৰ পৰিয়ালে ১২ দিন আগতে আগ্ৰা এৰিছিল। পৰিয়ালটোৱে চুবুৰীয়াৰ লোকসকলৰ সৈতে বেছি বাৰ্তালাপ কৰা নাছিল। আৰ্শাদ এজন অতি অদ্ভুত ধৰণৰ ব্যক্তি আছিল। তেওঁ কাৰো সৈতে কথা পতা নাছিল। অৱশ্যে, তেওঁৰ পৰিয়ালৰ লোকসকলো নিজক লৈ ব্যস্ত আছিল। কিন্তু আৰ্শাদে সকলোৰে সৈতে কাজিয়া কৰিছিল।

ইফালে আৰ্শাদৰ কামৰ বিষয়ে কোনেও স্পষ্টভাৱে নাজানে। কিন্তু তেওঁ প্ৰথমতে ফেৰীৱালা হিচাপে কাম কৰিছিল। তাৰ পিছত, তেওঁ সেই কামটোও এৰি দিছিল। তেওঁৰ অদ্ভুত আচৰণৰ বাবে স্থানীয় লোকসকলেও তেওঁৰ সৈতে খুব কমকৈ কথা পাতিছিল। আৰ্শাদে কেতিয়াবা সামগ্ৰী কিনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল, বাকী সময়ত তেওঁক কোনেও দেখা পোৱা নাছিল।

যুটীয়া চিপি বাবলু কুমাৰে কয়, “আৰ্শাদে তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁক আৰু প্ৰশ্ন কৰা হৈছে। হোটেল শৰণজিতৰ কৰ্মচাৰীসকলে আমাক হত্যাৰ বিষয়ে অৱগত কৰিছিল।
অভিযুক্ত আৰ্শাদৰ পিতৃকো তালাচী কৰা হৈছে। এইটো সম্ভৱ যে এই হত্যাকাণ্ডটোত তেওঁৰো হাত আছিল। যেতিয়া আৰ্শাদৰ দেউতাকক গ্ৰেপ্তাৰ কৰা হ’ব তেতিয়াহে ইয়াক নিশ্চিত কৰা হ’ব। ইয়াৰ আগতে, আৰ্শাদেও পলাই যাবলৈ চেষ্টা কৰি আছিল। কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সকলো প্ৰমাণ সংগ্ৰহ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতকৰ মৃতদেহ। তেওঁলোকৰ সকলোৰে হাত আৰু ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণৰ চিহ্ন পোৱা গৈছে। প্ৰাৰম্ভিক জেৰাত, অভিযুক্তজনে হত্যাৰ কাৰণটো পাৰিবাৰিক বিবাদ বুলি উল্লেখ কৰিছে।”

Latest News