ট্ৰাকৰ খুন্দাত পিতৃ-মাতৃ,কন্যাসহ ৫ জনৰ মৃত্যু, বনৰীয়া জন্তুক বচাব গৈ দুৰ্ঘটনাগ্ৰস্ত
এক ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু-মহিলাসহ প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে। জানিব পৰা মতে গাড়ীখনত মুঠ ১১ জনলোক আছিল আৰু আটাইকেইজনে এখন বিবাহ অনুষ্ঠানত অংশ ল'বলৈ গৈ আছিল। কিন্তু তেতিয়াই ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাই পিতৃ-মাতৃ, কন্যাসহ ৫ জনে।
বুধবাৰে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশু-মহিলাসহ ৫ জনলোকে। বিপৰীতে দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকত চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। মৃত্যু হোৱা আটাইকেইজন চাৰিচকীয়া বাহনখনত আছিল। ইয়াৰোপৰি ২ জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ শ্বাহজহাপুৰ জিলাৰ কটাৰ- জলালবাদ ৰোড। কালি নিশা সংঘটিত হোৱা এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই ঘটনাত মৃত্যু হোৱা ৩ জনলোক এটা পৰিয়ালৰ । জানিব পৰা মতে শ্বাহজাহানপুৰৰ কান্ট থানাৰ অন্তৰ্গত নৱাদা নাগাৱ বানোৱাৰী গাঁৱৰ বাসিন্দা ৰিয়াছত আলি (৪০) এজন কাপোৰৰ ব্যৱসায়ী। বুধবাৰে নিশা প্ৰায় ৯ মান বজাত তেওঁ পত্নী আমনা বেগম(৩৮), কন্যা গুড়িয়া (৬), খুচি (১০) আৰু পুত্ৰ সুভান (৭)য়ে বিবাহ অনুষ্ঠানত অংশ ল’বলৈ দিল্লীলৈ গৈ আছিল। ইয়াৰোপৰি আন দুগৰাকী আত্মীয়ও তেওঁলোকৰ লগত গাড়ীত আছিল।
দুৰ্ভাগ্যজনক যে,প্ৰায় ডেৰ মাহ পূৰ্বে ৰিয়াছত আলী পৰিয়ালৰ সৈতে গাঁৱলৈ আহিছিল। তেওঁলোকে বিয়ালৈ গৈ থকাৰ সময়ত ৰাস্তাত এগৰাকী মহিলা আৰু এটা শিশুক গাড়ীত উঠাই নি সহায় কৰিছিল। এনেকৈ আৰ্টিগা গাড়ীখনত মুঠ ১১ জনলোক আছিল। এই দুৰ্ঘটনাত ৰিয়াছত ,আমনা, তেওঁলোকৰ ৬ বছৰীয়া শিশু গুড়িয়াাৰ লগতে সহায় কৰা দুই মহিলা-শিশুৰ মৃত্যু হয়।
জানিব পৰা মতে, নিশা প্ৰায় ১০ মান বজাত তেওঁলোক মদনপুৰ অঞ্চলৰ বৰখেদা অঞ্চল পাইছিল। তেতিয়াই তেওঁলোকৰ গাড়ীৰ সন্মুখেৰে হঠাতে এটা বনৰীয়া জন্তু পাৰ হৈ যায়। সেই জন্তুটোক ৰক্ষা কৰিবলৈ গৈ চালকে গাড়ীখন বেলেগ ফালে ঘূৰাই আৰু লগে লগে বিপৰীতে দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকত খুন্দা মাৰে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখন সম্পূৰ্ণৰূপে নষ্ট হৈ যায়।
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হয় আৰু আটাইকেইজনক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে। কিন্তু হাস্পাতাললৈ অনাৰ পূৰ্বে ৫ জনৰ মৃত্যু হয় আৰু ২ জন সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। মৃতসকলৰ ভিতৰত আছে দুই মহিলা, দুটি শিশু আৰু এজন পুৰুষ। আনহাতে সংকটজনক অৱস্থাত ভৰ্তি হৈ থকা দুজন শিশু।
ঘটনা সন্দৰ্ভত তদন্ত প্ৰদান কৰি আৰক্ষীয়ে কয় যে, ঘটনাৰ পাছতেই ট্ৰাকৰ চালকক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে। আনহাতে মৃত্যু হোৱা আটাইকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।