শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰী! WhatsAppযোগে চিকিৎসকক সুধিলে হত্যা কৰাৰ উপায়

এগৰাকী বোৱাৰীয়ে শাহুৱেকক যিমান বেয়া পালেও হত্যা কৰাৰ কথা ভাবিব পাৰেনে?   এগৰাকী মহিলাই নিজৰ শাহুৱেকক হত্যা কৰিবলৈ হোৱাটছএপত চিকিৎসকক মেছেজ কৰে। শাহুৱেকৰ মৃত্যু হ’ব পৰা ঔষধৰ বিষয়ে তেওঁ সোধে।  এই বিষয়ে লগে লগে আৰক্ষীক অৱগত কৰে চিকিৎসকজনে ।

শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰী! WhatsAppযোগে চিকিৎসকক সুধিলে হত্যা কৰাৰ উপায়
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 19 Feb 2025 14:55 PM

শাহু-বোৱাৰীৰ মাজৰ সম্পৰ্কত মিঠা-তিতা দুয়োটা থাকে। এগৰাকী বোৱাৰীয়ে শাহুৱেকক যিমান বেয়া পালেও হত্যা কৰাৰ কথা ভাবিব পাৰেনে? হয়তো পাৰে, কাৰণ ৰীল লাইফত নহয় ৰিয়েল লাইফত পোহৰলৈ আহিছে এনে এটা ঘটনা।  এগৰাকী বোৱাৰীয়ে শাহুৱেকক ইমানেই ঘৃণা কৰিছিল যে তেওঁৰ জীৱন শেষ কৰিব বিচাৰিছিল। আনকি  WhatsAppত চিকিৎসকক মেছেজ কৰি শাহুৱেকক হত্যা কৰিবলৈ কোনটো ঔষধ ব্যৱহাৰ কৰিব পাৰি বুলি সুধিছিল বোৱাৰীয়ে।

মহিলাগৰাকীৰ এনে মেছেজ পঢ়ি আচৰিত হৈ পৰিছিল ডাক্তৰ। পাছত তেওঁ এই বিষয়টো আৰক্ষীক অৱগত কৰে। কিন্তু মহিলাগৰাকী কোন সেইটো তেওঁ নাজানে কাৰণ তেওঁ সকলো মেছেজ ডিলিট কৰি ডাক্তৰৰ নম্বৰটো ব্লক কৰি দিছিল।এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰুত।

অৱশ্যে ডাক্তৰজনে মহিলাগৰাকীৰ মেছেজ ডিলিট কৰাৰ আগতেই স্ক্ৰীণশ্বট ৰাখি থৈছিল। যিবোৰ  স্ক্ৰীণশ্বট এতিয়া ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। তেওঁ সামাজিক আৰু ৰাজনৈতিকভাৱে সক্ৰিয় বুলিও আৰক্ষীক জনাই চিকিৎসকগৰাকীয়ে। এয়া এক ষড়যন্ত্ৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকগৰাকীয়ে।

চিকিৎসক ডা: সুনীল কুমাৰে আৰক্ষীক জনাইছে , “কিছুদিন পূৰ্বে সাহানা নামৰ এগৰাকী মহিলাই মোক ইনষ্টাগ্ৰামত ফ’ল’ কৰিছিল। তাতে তেওঁ মোৰ লগত ৰোগীৰ অভিনয় কৰি কথা পাতি মোৰ ফোন নম্বৰ বিচাৰিলে। মইয়ো তেওঁক মোৰ ফোন নম্বৰটো দিলোঁ। ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত মোৰ হোৱাটছএপত সাহানাৰ মেছেজ আহিল। এই ক্ষেত্ৰত  তলত দিয়া ধৰণে সাহানাই মেছেজ কৰিছে…

সাহানা- হেল্ল’! মই আপোনাক কথা এটা ক’ব বিচাৰিছো, কিন্তু আপুনি মোৰ ওপৰত জাঙোৰ খাই উঠিব বুলি ভয় লাগে। ডাক্তৰ- কওকচোন, কি ক’ব বিচাৰিছে? সাহানা- ক’বলৈ মোৰ ভয় লাগে। ডাক্তৰ- ভয় নকৰিবা, কোৱা। সাহানা- এনে এটা ঔষধ কওক যাৰ দ্বাৰা মই মোৰ শাহুক হত্যা কৰিব পাৰো। ডাক্তৰ- হত্যা? কিন্তু কিয়? সাহানা- শাহুৱে মোক বহুত অত্যাচাৰ কৰে। মই আৰু তেওঁৰ অত্যাচাৰ  সহ্য কৰিব নোৱাৰো। ডাক্তৰ: আমি ডাক্তৰ, আমাৰ কাম জীৱন ৰক্ষা কৰা। কাৰোবাক হত্যা কৰা নহয়।

ষড়যন্ত্ৰৰ সন্দেহ

ডাক্তৰে আকৌ ক’লে – সাহানা নামৰ এই মহিলাগৰাকীয়ে সকলো মেছেজ ডিলিট কৰি দিলে। মোৰ ফোন নম্বৰো ব্লক কৰি থৈছে। কিন্তু তাৰ আগতে মই সকলো স্ক্ৰীণশ্বট লৈছিলোঁ। সঞ্জয় নগৰ থানাৰ আৰক্ষীয়ে চিকিৎসকজনৰ এজাহাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। বৰ্তমান অব্যাহত আছে বিষয়টোৰ তদন্ত।  Tv9ৰ সৈতে হোৱা বাৰ্তালাপ ডাঃ সুনীল কুমাৰে কয়,- মই নাজানো সেই মহিলাগৰাকী কোন। হয়তো এয়া মোৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। কাৰণ মই ৰাজনৈতিক আৰু সামাজিকভাৱে সক্ৰিয়। ইয়াৰ আগতে মই বিজয়পুৰাৰ পৰা বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ।