MUDA: পত্নীক ভূমি আৱন্টন! মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ বিৰুদ্ধে চলিব মুডা কেলেংকাৰীৰ গোচৰ | muda scam Karnataka cm siddaramaiahs plea reject by Karnataka high court Assam news - Assam Tv9

MUDA: পত্নীক ভূমি আৱন্টন! মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ বিৰুদ্ধে চলিব মুডা কেলেংকাৰীৰ গোচৰ

Published: 

24 Sep 2024 14:35 PM

MUDA: বিপদত কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া। মুডা কেলেংকাৰীৰ লগত জড়িত আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে। যাৰ বাবে এতিয়া চলিব মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা মুডা কেলেংকাৰী গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।

MUDA: পত্নীক ভূমি আৱন্টন! মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ বিৰুদ্ধে চলিব মুডা কেলেংকাৰীৰ গোচৰ

সিদ্ধাৰমায়া

Follow Us On

বিপদত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া। উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এক গোচৰৰ বিচাৰ কৰাত অনুমতি প্ৰদান কৰিছে। MUDA (Mysore Urban Development Authority) গোচৰত মুখ্যমন্ত্ৰীগৰাকীৰ আবেদন নাকচ কৰে আদালতে। ইয়াৰ পূৰ্বে ৰাজ্যপাল থাৱাৰচন্দ গেহলটে মুডা কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছিল। ৰাজ্যপালৰ এই অনুমোদনৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াই কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ।

আবেদনৰ শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নাগপ্ৰসন্না বিচাৰপীঠে এই আবেদন খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই বিজেপিয়ে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীগৰাকীক পদত্যাগ কৰাৰ দাবী জনাই কৈছে যে পদত্যাগ কৰাৰ বাহিৰে তেওঁৰ হাতত আৰু অন্য বিকল্প নাই। উচ্চ ন্যায়ালয়ে ১২ ছেপ্টেম্বৰত এই শুনানি সমাপ্ত কৰি আদেশ সুৰক্ষিত কৰি ৰাখিছিল।

উল্লেখ কৰা প্ৰয়োজন যে প্ৰদীপ কুমাৰ এছ.পি., টি.জে., আব্ৰাহাম আৰু স্নেহামোয়ী কৃষ্ণৰ আবেদনত উল্লেখ কৰা অভিযোগৰ  ভিত্তিত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ১৭এ আৰু ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা, ২০২৩ৰ ২১৮ ধাৰাত গোচৰ চলাবলৈ ১৬ আগষ্টত ৰাজ্যপালে অনুমোদন দিছিল।

তাৰ পাছতেই ৰাজ্যপালৰ অনুমোদনৰ প্ৰত্যাহ্বান জনাই ১৯ আগষ্টত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুমোদন বাতিল কৰিবলৈ উচ্চ ন্যয়ালায়ত আহ্বান জনাইছিল আৰু কৈছিল যে কোনো কাৰণ নোহোৱাকৈ ৰাজ্যপালে এই নিৰ্দেশ জাৰি কৰিছে। ই বিধিগত নিয়ম উলংঘা কৰিছে, যাৰ বাবে এই আদেশত বাতিল কৰিব লাগে।

অভিযোগ কি?

মুডা (MUDA)  হৈছে কৰ্ণাটকৰ ৰাজ্যিক পৰ্যায়ৰ উন্নয়ন সংস্থা যাক ১৯৮৮ চনৰ মে মাহত গঠন কৰা হৈছিল। মুডাৰ কাম হ’ল নগৰ উন্নয়ন প্ৰসাৰিক কৰা, গুণগত নগৰ আন্তঃগাঁছনি প্ৰদান কৰা, সুলভ মূল্যৰ গৃহ প্ৰদান কৰা, গৃহ নিৰ্মাণ কৰা আদি। নগৰৰ বিকাশৰ সময়ত মাটি হেৰুওৱা লোকসকলৰ বাবে মুডাই এখন আঁচনি আনিছিল। ৫০:৫০ নামৰ এই আঁচনিৰ অধীনত মাটি হেৰুওৱা লোকসকলে বিকশিত ভূমিৰ ৫০ শতাংশ অধিকাৰী আছিল।

২০০৯ চনত প্ৰথমবাৰৰ বাবে এই আঁচনি ৰূপায়ন হয় আৰু ২০১০ চনত সেই সময়ৰ বিজেপি চৰকাৰে বন্ধ কৰি দিছিল। চৰকাৰে বন্ধ কৰাৰ পাছতো ৫০:৫০ আঁচনিৰ অধীনত মাটি অধিগ্ৰহণ আৰু আৱন্টন দিয়া কাম অব্যাহত ৰাখিছিল মুডাই। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ পত্নীক ইয়াৰ অধীনত সুবিধা প্ৰদান কৰা হৈছিল।

অভিযোগ অনুসৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ পত্নী পাৰ্বতীৰ প্ৰায় ৩ একৰ ভূমি মুডাই অধিগ্ৰহণ কৰিছিল। ইয়াৰ বিনিময়ত মুডাই তেওঁক ১৪ টা স্থান আৱন্টন দিছিল। ২০১০ চনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে তেওঁৰ ভাতৃ মালিকাৰ্জুন স্বামীক কৈছাৰেৰ ভূমি উপহাৰ হিচাপে দিছিল।  মুডাই মুখ্যমন্ত্ৰীৰ পত্নীক আৱন্টন দিয়া এই ভূমিক কেন্দ্ৰ কৰি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে এতিয়া বিপদত পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকী।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version