ভয়ংকৰ নাও দুৰ্ঘটনা! ১৩জন লোকৰ মৃত্যু, ৫জন সন্ধানহীন…

ভয়ংকৰ! সাগৰৰ মাজত নৌসেনাৰ নাও আৰু  যাত্ৰীবাহী নাৱৰ মাজত সংঘৰ্ষ। সাগৰৰ ডুব যায় যাত্ৰী কঢ়িয়াই নিয়া এখন নাও। তথ্য অনুসৰি দুৰ্ঘটনাটোত ১৩জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে পাঁচজন সন্ধানহীন হৈ আছে। বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান।

ভয়ংকৰ নাও দুৰ্ঘটনা! ১৩জন লোকৰ মৃত্যু, ৫জন সন্ধানহীন...

গেটৱে অৱ ইণ্ডিয়াৰ ওচৰত নৌসেনাৰ নাও আৰু  যাত্ৰীবাহী নাৱৰ মাজত সংঘৰ্ষ

Published: 

18 Dec 2024 22:04 PM

ভয়ংকৰ নাও দুৰ্ঘটনা। সাগৰৰ মাজত নৌসেনাৰ নাও আৰু  যাত্ৰীবাহী নাৱৰ মাজত সংঘৰ্ষ। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ ওচৰত সংঘটিত হৈছে এই নাও দুৰ্ঘটনাটো ।  গেটৱে অফ ইণ্ডিয়াৰ ওচৰৰ পৰা এলিফেণ্টাৰ অভিমুখে গৈ দুখন নাও আছিল। সেই সময়তে এখন নাৱৰ নৌসেনাৰ নাৱত খুন্দা লাগে। খুন্দা লগৰা পাছতে নাওখন সাগৰত বাগৰিবলৈ আৰম্ভ কৰে। দুৰ্ঘটনাগ্ৰস্ত নাওখনত কৰ্মচাৰীসহ ৮৫ জন যাত্ৰী আছিল।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে নৌসেনা, জেএনপিটি, উপকূলৰক্ষী বাহিনী, আৰক্ষী আৰু স্থানীয় মাছ ধৰা নাওৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। উদ্ধাৰকাৰী দলে নাওখনত থকা ৮০ জন লোকক উলিয়াই আনে, আনহাতে পাঁচজন সন্ধানহীন হৈ আছে। তেওঁলোকৰ অনুসন্ধান এতিয়াও অব্যাহত  আছে। শোকাৱহ দুৰ্ঘটনাটোত এতিয়ালৈকে মৃত্যু হৈছে ১৩জন যাত্ৰীৰ ।ইফালে উদ্ধাৰ কৰিবলৈ যোৱা লোকসকলৰ ভিতৰত তিনিজনৰ মৃত্যু হয়। আনহাতে দুজনৰ অৱস্থা সংকটজনক।

ঘটনা অনুসৰি, ইণ্ডিয়া গেট চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটক মুম্বাইলৈ আহে। ভাৰতৰ প্ৰথম দুৱাৰ বুলি কোৱা গেটৱে অৱ ইণ্ডিয়া চোৱাৰ পিছত, কিছুমান পৰ্যটক এলিফেণ্টা গুহা চাবলৈও যায়। পৰ্যটকসকলে এলিফেণ্টা পাবলৈ নাৱেৰে ভ্ৰমণ কৰিব লাগে। বুধবাৰে আবেলি, পৰ্যটকৰে ভৰ্তি দুখন নাও এলিফেণ্টাৰ ফালে গৈ আছিল। সেই সময়তে দুখন নাৱৰ এখনে নৌ সেনাৰ নাৱৰ সৈতে সংঘৰ্ষ হয় আৰু সাগৰত ডুবিবলৈ আৰম্ভ কৰে।

নাওখনত চালকসহ ৮৫ জন লোক আছিল

ডুবি যোৱা নাওখনৰ নাম নীলকমল। নাওখনত চালকসহ মুঠ ৮৫ জন যাত্ৰী আছিল। BMCয়ে জনোৱা তথ্য অনুসৰি, নাওখন উৰান, কৰণজা অঞ্চলত ডুব গৈছিল। নৌসেনা, জেএনপিটি, উপকূলৰক্ষী বাহিনী, আৰক্ষী আৰু স্থানীয় মাছ ধৰা নাওৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল। ইতিমধ্যে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। বিমানখনত ৮৫জন যাত্ৰী আৰু কৰ্মচাৰী আছিল। এতিয়ালৈকে ৮০জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ৫ জন লোক সন্ধানহীন হৈ আছে। চিকিৎসালয়ত ভৰ্তি হোৱা পাঁচজন লোকৰ অৱস্থা সংকটজনক। ইয়া উপৰিও দুৰ্ঘটনাটোত ১৩জন যাত্ৰীৰ মৃত্যু হৈছে।

নৌসেনাৰ নাৱে যাত্ৰীবাহী নাৱত খুন্দা মাৰে

নীলকমল নাওখনৰ গৰাকী ৰাজেন্দ্ৰ পাৰাটেৰ মতে, নৌসেনাৰ স্পীড বোটখনে আহি নাওখনত খুন্দা মাৰিছিল। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে অঞ্চলটোৰ থকা আন নাওবোৰ ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।

এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয় যে এলিফেণ্টা অভিমুখী নীলকমল নাওখন দুৰ্ঘটনাত পতিত হৈছে । তাৎক্ষণিক সহায়ৰ বাবে  প্ৰেৰণ কৰা হৈছে নৌসেনা, উপকূলৰক্ষী বাহিনী, বন্দৰ, আৰক্ষী দলৰ নাও।তেওঁ লগতে কয়,  “আমি জিলা আৰু আৰক্ষী প্ৰশাসনৰ সৈতে নিৰন্তৰভাৱে যোগাযোগত আছো। সৌভাগ্যক্ৰমে, নাওখনত থকা বেছিভাগ লোকক উদ্ধাৰ কৰা হৈছে। অৱশ্যে, উদ্ধাৰৰ কাম এতিয়াও চলি আছে।”

 

 

ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...
ধোনীতকৈ কিমান কম ৰবিচন্দ্ৰন অশ্বিনৰ সম্পত্তি?
মাঘত ভুলতেও নকৰিব এইবোৰ কাম, অন্যথা জীৱনলৈ আহিব দুৰ্ভাগ্য !