Tahawwur Rana Updates: ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাউৰ ৰাণাক আজি আনিব ভাৰতলৈ, তিহাৰ জে’ললৈ প্ৰেৰণৰ সম্ভাৱনা
২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম প্ৰধান ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণা আজি ভাৰতলৈ আহি আছে। দিল্লী বিমানবন্দৰত কটকটীয়া নিৰাপত্তাৰ মাজতে NIA গ্ৰেপ্তাৰ কৰি নিজৰ অধীনত ল'ব । ইয়াকে লৈ বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। বিমানবন্দৰত মোতায়েন কৰা হৈছে SWAT কমাণ্ডোৰ এটা দল।

তাহাউৰ ৰহমান
২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণা অতি সোনকালে ভাৰতৰ মাটিত উপস্থিত হ’ব। আমেৰিকাৰ পৰা আনি থকা হৈছে তেওঁক। যিখন বিমানত তাহাউৰক অনা হৈছে সেইখন বিমান দিল্লীত অৱতৰণ কৰিব। ইফালে বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। বিমানবন্দৰত উপস্থিত হৈছে SWAT কমাণ্ডো দল।
NIA এ কৰিব গ্ৰেপ্তাৰ
ভাৰতলৈ অহাৰ পিছত NIA-এ প্ৰথমে কৰিব ২৬/১১ আক্ৰমণৰ সৈতে জড়িত গোচৰত তাহাউৰ ৰাণাক গ্ৰেপ্তাৰ কৰিব। ইয়াৰ পিছত তাহাউৰ ৰাণাক এন আই এৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব, য’ত তেওঁৰ চিকিৎসা পৰীক্ষা কৰিব। ইয়াৰ পিছত ৰাণাক আদালতত হাজিৰ কৰা হ’ব আৰু তেওঁৰ ৰিমাণ্ড বিচৰা হ’ব।
কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে ৰাণাক দিল্লী বিমানবন্দৰৰ পৰা নিয়াৰ মুখ্য কাৰ্যালয়লৈ। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ SWAT কমাণ্ডোৰ নিৰাপত্তাৰ আৱৰণত তেওঁক লৈ যোৱা হ’ব। দিল্লী আৰক্ষীৰ কেইবাখনো বাহনে ৰাণাৰ কনভয়ক এস্কৰ্ট কৰিব। বুলেটপ্ৰুফ গাড়ীৰে বিমানবন্দৰৰ পৰা ওলাই লৈ যাব ৰাণাক।
১৬৬ জন লোকে হেৰুৱাইছিল প্ৰাণ
তাহাউৰ ৰাণা পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক আৰু ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমেৰিকান নাগৰিক ডেভিদ ক’লমেন হেডলীৰ ঘনিষ্ঠ।
২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ জনীয়া পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা দলে মুম্বাইৰ এটা ৰে’লৱে ষ্টেচন, দুখন হোটেল আৰু ইহুদী কেন্দ্ৰত আক্ৰমণ কৰে। ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৬ জন আমেৰিকানসহ মুঠ ১৬৬ জন লোক নিহত হৈছিল। এই আক্ৰমণসমূহ ১০টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল। একেটা গোচৰতে ২০১২ চনৰ নৱেম্বৰ মাহত পুনেৰ য়েৰৱাদা জেলত ফাঁচী দিয়া হৈছিল পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবক।
লস্কৰ-ই-তৈবা আৰু হেডলীৰ সৈতে সম্পৰ্ক থকাৰ বাবে ভাৰতে কেইবাবছৰ ধৰি ৰাণাক প্ৰত্যাৰ্পণৰ চেষ্টা চলাই আহিছে। ৰাণাই আমেৰিকাত তেওঁৰ হাতত থকা সকলো আইনী বিকল্প শেষ কৰি পেলালে যদিও সকলোতে বিপৰ্যয়ৰ সন্মুখীন হ’ল।
ট্ৰাম্পে কৰিছিল ঘোষণা
ফেব্ৰুৱাৰী মাহত হোয়াইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক সংবাদমেলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে, তেওঁৰ প্ৰশাসনে বিশ্বৰ আটাইতকৈ বেয়া ব্যক্তি ৰানাক ভাৰতত ন্যায়ৰ সন্মুখীন হ’বলৈ প্ৰত্যাৰ্পণ কৰিবলৈ অনুমোদন জনাইছে।