যশশ্ৰীৰ প্ৰেমিক ডাউদ গ্ৰেপ্তাৰ, হাড় ভাঙি, গোপন অংগত প্ৰহাৰ কৰি মৃতদেহ খুৱাইছিল কুকুৰক – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

যশশ্ৰীৰ প্ৰেমিক ডাউদ গ্ৰেপ্তাৰ, হাড় ভাঙি, গোপন অংগত প্ৰহাৰ কৰি মৃতদেহ খুৱাইছিল কুকুৰক

যশশ্ৰীৰ পৰা প্ৰতিশোধ লোৱাৰ বাবে ডাউদে এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যাৰ পাছত ডাউদে যশশ্ৰীৰ মুখ মণ্ডল নষ্ট কৰি পেলায়। কেৱল ইমানেই নহয়, যশশ্ৰীৰ গোপন অংগতো ডাইদে কেইবাবাৰো প্ৰহাৰ কৰে।

যশশ্ৰীৰ প্ৰেমিক ডাউদ গ্ৰেপ্তাৰ, হাড় ভাঙি, গোপন অংগত প্ৰহাৰ কৰি মৃতদেহ খুৱাইছিল কুকুৰক

যশশ্ৰী- ডাউদ

Published: 

30 Jul 2024 11:52 AM

যশশ্ৰী হত্যাকাণ্ডই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৭ জুলাইত মহাৰাষ্ট্ৰৰ নবী মুম্বাইত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। ২০ বছৰীয়া যশশ্ৰী ছিণ্ডে নামৰ যুৱতীগৰাকীক প্ৰেমিক ডাউদ শেইখে অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্ধাৰ হোৱা মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে সেইটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল। যশশ্ৰীৰ কাপোৰ ফাটি যোৱা অৱস্থাত আছিল। গোপন অংগ নষ্ট কৰি পেলোৱাৰ লগতে দেহত কেইবাটাও অংগত আঘাতৰ চিন স্পষ্ট আছিল। আনকি কুকুৰেও মৃতদেহটো খাইছিল।

এই হত্যাকাণ্ডত ডাঙৰ সফলতা লাভ কৰে মুম্বাই আৰক্ষীয়ে। অভিযুক্ত ডাউদ শেইখক কৰ্ণাটকৰ গুলবৰ্গাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত হত্যাকাণ্ডৰ দিনৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। য’ত যশশ্ৰী আগে আগে আৰু ডাউদ পিছে পিছে গৈ থকা দেখিবলৈ পোৱা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি ২৫ জুলাইত বান্ধৱীৰ ঘৰলৈ যাম বুলি যশশ্ৰী ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পাছত আৰু ঘৰলৈ ঘূূৰি নাহিল যুৱতীগৰাকী। বহু বিচাৰ- খোচৰ কৰাৰ অন্ততো যশশ্ৰীৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰলোকে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ২৭ জুলাইত ৰে’ল ষ্টেচনৰ সমীপৰ জোপোহাত যশশ্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে ।

আৰক্ষীৰ মতে, ডাউদে নিজৰ বন্ধু আৰু আত্মীয়ক কৈছিল যে যশশ্ৰী বহুত ধুনীয়া। কিন্তু যশশ্ৰীৰ বাবে জেললৈ যাব লগা হৈছিল ডাউদ। উল্লেখ কৰা প্ৰয়োজন যে যেতিয়া যশশ্ৰীৰ ১৪ বছৰ বয়স আছিল তেতিয়াই ডাউদৰ লগত চিনাকী হৈছিল। পাছলৈ তেওঁলোকৰ মাজত প্ৰেম হৈছিল আৰু এই কথা গ’ম পাইছিল যশশ্ৰীৰ পৰিয়ালৰলোকে। ডাউদৰ পৰা আঁতৰত থাকিবলৈ কোৱাৰ পাছতো যশশ্ৰীয়ে কাৰো কথা শুনা নাছিল। ইয়াৰ পাছতে ২০১৯ চনত যশশ্ৰীৰ পৰিয়ালৰলোকে ডাউদৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণ কৰাৰ গোচৰ ৰুজু কৰিছিলল। সেই সময়ত যশশ্ৰীয়ে ডাউদৰ হৈ একো কোৱা নাছিল যাৰ বাবে ডাউদ জেললৈ যাব লগীয়া হৈছিল।

জেলৰ পৰা ওলাই আহিয়েই যশশ্ৰীক হত্যাৰ পৰিকল্পনা কৰিছিল ডাউদে। যশশ্ৰীক জালত পেলাবলৈ পুনৰ কথা পাতিবলৈ আৰম্ভ কৰিছিল আৰু ২৫ জুলাই যশশ্ৰীক লগ কৰিবলৈ মাতিছিল। যশশ্ৰীৰ পৰা প্ৰতিশোধ লোৱাৰ বাবে ডাউদে এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যাৰ পাছত ডাউদে যশশ্ৰীৰ মুখ মণ্ডল নষ্ট কৰি পেলায়। কেৱল ইমানেই নহয়, যশশ্ৰীৰ গোপন অংগতো ডাইদে কেইবাবাৰো প্ৰহাৰ কৰে। ডাউদে যশশ্ৰীৰ বুকুতে চোকা অস্ত্ৰৰে কেইবাবাৰো প্ৰহাৰ কৰে। বৰ্তমান অভিযুক্তৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে। এই ঘটনাত আন এজনলোককো জেৰা কৰি আছে আৰক্ষীয়ে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...