তুৰষ্কৰ পৰা টকা আহিছিল বংগলৈ! উচ্চ ন্যায়ালয়ত ভয়ংকৰ অভিযোগ অধিবক্তাৰ
শান্তিপূৰ্ণ প্ৰতিবাদৰ নামত প্ৰতিবাৰেই এই কাম চলি থাকিব নোৱাৰে বুলি উল্লেখ কৰি অধিবক্তাই কয় ৰাজ্য চৰকাৰে কোনো ধৰণৰ গতিবিধিৰ অনুমতি দিব নালাগে, কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিব লাগে ।

প্ৰতীকী ছবি
ইটোৰ পিছত জ্বলিছে সিটো ঘৰ । বেটবোনা, জাফনাবাদৰ দৰে গাঁওবোৰ চকুৰ সমুখতে যেন নোহোৱা হৈ পৰিছে । বহুতৰে এতিয়াও ঘৰলৈ উভতি যোৱাৰ সাহস হোৱা নাই । মুৰ্শিদাবাদৰ হিংসাৰ সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ত চাৰিটা গোচৰ ৰুজু হৈছিল । বৃহস্পতিবাৰে ন্যায়াধীশ সৌমেন সেন আৰু ন্যায়াধীশ ৰাজা বসু চৌধুৰীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে ।
শুনানিৰ সময়ত ৰাজ্যৰ আৰক্ষীৰ ব্যৰ্থতাকে ধৰি ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছিল চৰকাৰৰ বিৰুদ্ধে । কেন্দ্ৰীয় সংস্থা এন আই এৰ জৰিয়তেও এই বিষয়টোৰ তদন্ত কৰিবলৈ দাবী জনোৱা হৈছে আদালতক । সকলো ফটো আৰু ভিডিঅ’ উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে । কেন্দ্ৰৰ প্ৰতিবেদনো দাখিল কৰা হৈছে ।
অধিবক্তাৰ ভাষ্য-
সংবাদ মাধ্যমৰ কোনো লোকক ৰেহাই দিয়া হোৱা নাছিল বুলি দাবী কৰিছে অধিবক্তাগৰাকীয়ে । ইউএপিএ আইন কাৰ্যকৰী কৰাটো প্ৰয়োজন । অধিবক্তাগৰাকীয়ে লগতে উল্লেখ কৰে যে সংস্থাটোৱে জানিব পাৰিছে যে বাংলাদেশী অপৰাধীয়ে এই আক্ৰমণ সংঘটিত কৰিছে । আন এক গুৰুত্বপূৰ্ণ অভিযোগ অনুসৰি, ‘তুৰ্কিৰ পৰা বংগলৈ টকা আহিছিল ।’
ইমামসকলৰ এনে কেতবোৰ ভিডিঅ’ দেখা গৈছে, য’ত তেওঁলোকে মুকলিকৈ আন্দোলন অব্যাহত ৰখাৰ কথা কৈছে আৰু ভাবুকি দিছে বুলি অভিযোগ অধিবক্তাৰ । শান্তিপূৰ্ণ প্ৰতিবাদৰ নামত প্ৰতিবাৰেই এই কাম চলি থাকিব নোৱাৰে বুলি উল্লেখ কৰি অধিবক্তাই কয় ৰাজ্য চৰকাৰে কোনো ধৰণৰ গতিবিধিৰ অনুমতি দিব নালাগে, কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিব লাগে । অধিবক্তা অনিন্দ্য সুন্দৰ দাসে কয় যে, ইয়াৰ পূৰ্বেও একেই কাণ্ড সংঘটিত হৈছে । ৰাষ্ট্ৰপতিৰ শাসন আৰোপ কৰি লাগে ।
কেন্দ্ৰৰ দাবী কি?
কেন্দ্ৰৰ প্ৰতিবেদন আদালতত দাখিল কৰা হয় । অতিৰিক্ত চ’লিচিটৰ জেনেৰেল অশোক চক্ৰৱৰ্তীয়ে কেন্দ্ৰীয় বাহিনী নিয়োগৰ সময়সীমা বৃদ্ধি কৰিবলৈ দাবী জনায় । তেওঁ আৰু কয়, “কোনো ধৰণৰ বোমা বিস্ফোৰণ হ’লে গৃহ মন্ত্ৰালয়ৰ হাতত এন আই এৰ তদন্তৰ নিৰ্দেশ দিয়াৰ ক্ষমতা আছে । সেই অনুসৰি আমাক অনুমতি দিয়া উচিত ।”
মুৰ্ছিদাবাদকে ধৰি আন ঠাইতো একেধৰণৰ আক্ৰমণৰ ভাবুকি আছে বুলি দাবী কৰি কেন্দ্ৰই অশান্ত অঞ্চলত বাহিনী নিয়োগ কৰাৰ কৰ্তৃত্ব থকা বুলি উল্লেখ কৰিছে । ন্যায়াধীশ সৌমেন সেনে কয় যে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰ অৰ্থ এইটো নহয় যে বি এছ এফৰ ক্ষমতা হ্ৰাস পাইছে । এন আই এয়ে কয়, “আমাক নিৰ্দেশ দিলে প্ৰথম অৱস্থাত প্ৰতিবেদন দিব পাৰো । কেন্দ্ৰ বা আদালতৰ অনুমতি অবিহনে আমি নিজাববীয়াকৈ একো কৰিব নোৱাৰোঁ ।”
ৰাজ্য চৰকাৰে কি কয়?
উৰাবাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া বুলি চৰকাৰী পক্ষই কয় । জংগীপুৰত আৰক্ষী নিয়োগ কৰাৰ দুদিন পিছতো কোনো সমস্যা হোৱা নাছিল বুলিও চৰকাৰী পক্ষই জানিবলৈ দিয়ে । ইমামসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে । ৰাজ্যিক পক্ষৰ অধিবক্তাগৰাকীয়ে আৰু কয় যে ৰাজ্যৰ কৰ্তব্য পালন কৰা হৈছে ।
ৰাজনৈতিক নেতাই উচটনিমূলক বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক পক্ষৰ অধিবক্তাই । অৱশ্যে তেওঁৰ প্ৰশ্ন হ’ল যেতিয়া কেন্দ্ৰীয় আইনৰ বিৰুদ্ধে আন্দোলন হ’ব তেতিয়া তেওঁলোকে কিয় আহি নিয়ন্ত্ৰণ কৰিব ? এয়া বেআইনী নহয় নেকি ?