পথৰ কাষত মিঠাতেলৰ পুখুৰী! হাতে হাতে পাত্ৰ লৈ ওলাই আহিল ৰাইজঃ ক’ত হৈছে এই কাণ্ড…

এক মিঠাতেল ভৰ্তি পুখুৰীৰ পৰা তেল সংগ্ৰহৰ বাবে হাতে হাতে পাত্ৰ লৈ ওলাই আহিল বহু লোক। যি যেনেকৈ পাৰে, সেইদৰেই পুখুৰীটোৰ পৰা সংগ্ৰহ কৰিছে তেল। হয়, ঠিকেই শুনিছে। মিঠাতেলেৰে ভৰ্তি হৈ আছে এটা পুখুৰী। পিছে ক’ত হৈছে এই ঘটনা!

পথৰ কাষত মিঠাতেলৰ পুখুৰী! হাতে হাতে পাত্ৰ লৈ ওলাই আহিল ৰাইজঃ ক’ত হৈছে এই কাণ্ড…

তেল সংগ্ৰহৰ বাবে মানুহৰ হেতা-ওপৰা

Published: 

07 Apr 2025 18:42 PM

খাদ্য ৰন্ধাৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন জীৱনত বহু কামত ব্যৱহাৰ হয় মিঠাতেল। পিছে মিঠাতেলৰ বৰ্ধিত দামৰ বাবে সাধাৰণ লোকসকল সমস্যাতো নপৰা নহয়। এনে পৰিস্থিতিত বিনামূলীয়াকৈ মিঠাতেল লাভ কৰিলে স্বাভাৱিকতেই সকলো আনন্দিত হ’ব। বিনামূলীয়া মিঠাতেল লাভৰ আশাত শেহতীয়াকৈ একাংশ লোকে দেখুওৱা দৃশ্যই এই কথাকে প্ৰমাণিত কৰি তুলিছে। এক মিঠাতেল ভৰ্তি পুখুৰীৰ পৰা তেল সংগ্ৰহৰ বাবে হাতে হাতে পাত্ৰ লৈ ওলাই আহিল বহু লোক। হয়, ঠিকেই শুনিছে। মিঠাতেলেৰে ভৰ্তি হৈ আছে এটা পুখুৰী।

এই ঘটনা উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ। অৱশ্যে পুখুৰীটো মিঠাতেলেৰে ভৰ্তি হৈ পৰে এক দুৰ্ঘটনাৰ বাবেহে। গাজীপুৰ জিলাৰ বাৰাণসী গোৰখপুৰ ঘাইপথৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন মিঠাতেল ভৰ্তি টেংকাৰ আৰু এই টেংকাৰৰ পৰা ওলোৱা তেল সংগ্ৰহৰ বাবেই দেখা গৈছে স্থানীয় লোকৰ এনে উৎসাহ। তথ্য অনুসৰি, যোৱা নিশা গাজীপুৰৰ বাৰাণসীৰ পৰা গোৰখপুৰলৈ অভিমুখে ৰাওনা হৈছিল টেংকাৰখন।

যাত্ৰাৰ সময়তে নন্দগঞ্জ থানা এলেকাৰ অন্তৰ্গত নাইছাৰে গাঁৱৰ সমীপত টেংকাৰখন বাগৰি পৰে। ইয়াৰ ফলত পথৰ কাষৰ এটা পুখুৰীত টেংকাৰখনৰ পৰা তেল ওলাই বাগৰি পৰে। স্থানীয় লোকেঔল্লেখ কৰা মতে আশে-পাশে থকা গাঁৱৰ লোকসকলে এই পুখুৰীত মৰা জীৱ-জন্তু পেলাই দিয়ে। কিন্তু মিঠাতেল বাগৰি পৰাৰ খবৰ শুনি সেই পুখুৰীৰ পৰাই তেল সংগ্ৰহৰ বাবে উদগ্ৰীৱ হৈ পৰে স্থানীয় লোকসকল আৰু হাতে হাতে বাচন লৈ ওলাই আহে।

লাহে লাহে এই তথ্য সমগ্ৰ অঞ্চলটোতে জুইৰ দৰে বিয়পি পৰে আৰু অলপ সময়ৰ ভিতৰতে তেল সংগ্ৰহৰ বাবে যথেষ্ট সংখ্যক লোক পুখুৰীৰ পাৰত সমবেত হয়। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাই বহু দেৰিলৈকে খবৰ লাভ নকৰাৰ বাবে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে বহু লোকেই পুখুৰীৰ পৰা তেল সংগ্ৰহ কৰি ঘৰলৈ লৈ গৈছিল। বহু সময়ৰ পিছত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ ৰাইজক নিয়ন্ত্ৰণ কৰে।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী লোকে জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনত সম্ভৱতঃ ১৮০০০ লিটাৰ তেল আছিল। দুৰ্ঘটনাগ্ৰস্ত হৈ টেংকাৰখন বাগৰি পৰাৰ পিছতে এই বৃ্হৎ পৰিমাণৰ তেলখিনি সম্পূৰ্ণৰূপে পুখুৰীত ওলাই পৰে আৰু ইয়াৰ পিছত গাঁওবাসীয়ে এই তেল সংগ্ৰহৰ বাবে ওলাই আহি হেতা-ওপৰা কৰা পৰিলক্ষিত হয়।

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...