নাগালেণ্ডত অনুষ্ঠিত কৰিব নোৱাৰে গো- মহাসভা, চৰকাৰে নিদিলে অনুমতি…
মাংস অনাদি কালৰ পৰা নগাসকলৰ খাদ্যৰ এটা অংশ হৈ আহিছে। গতিকে গো মহাসভা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হ'বলগীয়া কথাটোত সকলোৱে অস্বীকাৰ কৰিছে। বিজেৰি ৰাজ্যিক ইউনিটেও প্ৰস্তাৱিত এই কাৰ্যসূচীক সমালোচনা কৰিছে।
অহা ২৮ ছেপ্টেম্বৰত কোহিমাত প্ৰস্তাৱিত গো মহাসভা কাৰ্যসূচীত অনুমতি প্ৰদান নকৰিলে নাগালেণ্ড চৰকাৰে । এই কাৰ্যসূচীৰ সভাপতিৰ দায়িত্বত আছিল জ্যোতিৰ্মাথৰ শংকৰাচাৰ্য স্বামী অবিমুখেশ্বৰানন্দ সৰস্বতী। চৰকাৰী মুখপাত্ৰ তথা মন্ত্ৰী চি এল জনে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত কয় যে, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই কাৰ্যসূচীৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
জনে কয় যে সংবিধানৰ ৩৭১এ অনুচ্ছেদৰ অধীনত নগাসকলৰ ধৰ্মীয় আৰু সামাজিক আচাৰ-ব্যৱহাৰৰ লগতে নগাসকলৰ পৰম্পৰাগত আইন আৰু ৰীতি-নীতিৰ ওপৰত সুৰক্ষা দিয়া হৈছে। এই দিশসমূহৰ ওপৰতো কেবিনেট বৈঠকত আলোকপাত কৰা হয়। বৈঠকৰ সময়ত ৰাজ্যৰ বিভিন্ন নাগৰিক সমাজৰ সংগঠন আৰু ৰাজনৈতিক দলৰ মত গ্ৰহণ কৰা হয়। বিভিন্ন গোটে আপত্তি দৰ্শোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই গো মহাসভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
কোহিমাত অনুষ্ঠিত হ’বলগীয়া গো মহাসভাৰ প্ৰতি শাসকীয় দল নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি), সহযোগী ভাৰতীয় জনতা পাৰ্টি (বিজেপি). নগা পিপলছ ফ্ৰণ্ট (এনপিএফ) য়ে আপত্তি দৰ্শাইছিল। ইয়াৰোপৰি নাগা মাদাৰ্ছ এছ’চিয়েচন, নগা ষ্টুডেণ্টছ ফেডাৰেচনৰ আদিৰ দৰে নাগৰিক সমাজৰ সংগঠনে আপত্তি প্ৰকাশ কৰিছিল। জন কয় যে, আইন-শৃংখলা বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে এই কাৰ্যসূচী আয়োজন কৰাৰ অনুমতি দিয়া নাই। তেওঁ কয় যে, এই অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে যদি আয়োজকসকল নাগালেণ্ডলৈ নাহে তেতিয়া সেয়াই তেওঁলোকৰ বাবে ভাল।
নগা মাদাৰ্ছ এছ’চিয়েচনৰ অধ্যক্ষ বিলানুও যোমে কয় যে, গো মাংস অনাদি কালৰ পৰা নগাসকলৰ খাদ্যৰ এটা অংশ হৈ আহিছে। গতিকে গো মহাসভা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হ’বলগীয়া কথাটোত সকলোৱে অস্বীকাৰ কৰিছে। বিজেৰি ৰাজ্যিক ইউনিটেও প্ৰস্তাৱিত এই কাৰ্যসূচীক সমালোচনা কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি বেঞ্জামিন য়েপথোমিয়ে এক বিবৃতিৰ জৰিয়তে কয় যে, গো মহাসভাৰ প্ৰস্তাৱিত দিশটোৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই। নাগালেণ্ডৰ সামাজিক-ধৰ্মীয় আৰু সাংস্কৃতিক তন্ত্ৰৰ প্ৰেক্ষাপটত এই বিষয়টোক সমাধান কৰা গুৰুত্বপূৰ্ণ।