এসময়ত এযোৰ জোতা আছিল মোৰ বাবে ডাঙৰ সম্পদ, তথাপিও দৰিদ্ৰতা নাছিল মোৰ বাবে বোজাঃ মোদী
Modi Podcast: মোদীয়ে কয়, মই মোৰ পৰিয়াল, মা-দেউতা,ভাই-ভগ্নী, খুড়া, ককা-আইতাৰ বিষয়ে ভাবো। তেতিয়া আমি সকলোৱে এটা সৰু ঘৰত বাস কৰিছিলো। তাত কোনো খিৰিকি নাছিল। এতিয়া আমি যি স্থানত বহি আছো সেই স্থান ইয়াতকৈও সৰু আছিল।

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লয় আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনে। এই সময়চোৱাত মোদীয়ে শৈশৱকালৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰে। মোদীয়ে কয় যে,শৈশৱত দৰিদ্ৰতাত জীয়াই থকাৰ পিছতো মই কেতিয়াও ইয়াক বোজা বুলি ভবা নাছিলো। অহৰহ কষ্টৰ মাজত জীয়াই থকাৰ পিছতো তেওঁ কেতিয়াও অভাৱ অনুভৱ কৰা নাছিল বুলি মোদীয়ে কয়।
শৈশৱকালৰ কথা উল্লেখ কৰি মোদীয়ে কয়, মই মোৰ পৰিয়াল, মা-দেউতা,ভাই-ভগ্নী, খুড়া, ককা-আইতাৰ বিষয়ে ভাবো। তেতিয়া আমি সকলোৱে এটা সৰু ঘৰত বাস কৰিছিলো। তাত কোনো খিৰিকি নাছিল। এতিয়া আমি যি স্থানত বহি আছো সেই স্থান ইয়াতকৈও সৰু আছিল। ঘৰত মাত্ৰ এখন সৰু দুৱাৰ আছিল।
মোদীৰ শৈশৱ
মোদীয়ে কয়, মোৰ জন্ম তাতেই হৈছিল। তাতেই মই ডাঙৰ-দীঘল হৈছিলো। এতিয়া যেতিয়া মানুহে দৰিদ্ৰতাৰ কথা কয় তেতিয়া ৰাজহুৱা জীৱনৰ প্ৰেক্ষাপটত বিষয়টোৰ ওপৰত আলোচনা কৰাটো স্বাভাৱিক হৈ পৰে। সেই মানদণ্ডৰে আমি প্ৰাথমিক জীৱনত অতি দৰিদ্ৰতাত জীয়াই আছিলো, কিন্তু আমি কেতিয়াও দৰিদ্ৰতাৰ বোজা অনুভৱ কৰা নাছিলো। মোদীয়ে কয় যে, বহু কষ্টত জীয়াই থকাৰ পাছতো কেতিয়াও অভাৱ অনুভৱ কৰা নাছিল।
মোদীয়ে শৈশৱৰ এটা কাহিনী উল্লেখ কৰি কয় যে, “এদিন মই স্কুললৈ গৈ আছিলো আৰু মোৰ ভৰিত জোতা নাছিল। তেতিয়া মোৰ মামাই এযোৰ জোতা আনি দিছিল। সেয়া বগা কেনভাছৰ জোতা আছিল যাৰ বাবে সোনকালে লেতেৰা হৈ গৈছিল। গতিকে যেতিয়া স্কুললৈ গৈছিলো তেতিয়া কিছু সময়ৰ বাবে ৰৈ দিছিলো আৰু স্কুলত পেলাই দিয়া চক ব্যৱহাৰ কৰি জোতা পলিচ কৰিছিলো। তেতিয়া এই জোতা মোৰ বাবে এটা ডাঙৰ সম্পদৰ দৰে আছিল”।
লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এয়াও কয় যে, তেওঁ জীৱনৰ প্ৰতিটো পৰ্যায়কে কৃতজ্ঞতাৰে আকোৱালি লৈছিল আৰু দৰিদ্ৰতাক কেতিয়াও সংগ্ৰাম হিচাপে দেখা নাছিল।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৈতে জড়িত হোৱাৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয়, ‘আৰ এছ এছৰ দৰে প্ৰতিষ্ঠিত সংস্থাৰ পৰা জীৱনৰ সাৰমৰ্ম আৰু মূল্যবোধ শিকিবলৈ পাই মই নিজকে অত্যন্ত সৌভাগ্যৱান বুলি গণ্য কৰো। ইয়াৰ জৰিয়তে মই এটা উদ্দেশ্যপ্ৰণোদিত জীৱন বিচাৰি পালো। সৰুতে সংঘৰ সভালৈ গৈ সদায় ভাল পাইছিলো। মোৰ মনত সদায় এটাই লক্ষ্য আছিল যে দেশৰ সেৱা কৰা। এয়া মোক সংঘই শিকাইছিল।
অন্য খবৰ পঢ়কঃ মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী