নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট গভীৰ খাদত পৰিল তীৰ্থযাত্ৰী কঢ়িওৱা বাছ, ৭ জনৰ মৃত্যু, ১৫ জন লোক আহত

Nashik-Surat NH Bus Accident: পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট গভীৰ খাদত পৰি যায় এখন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৭জন লোকৰ মৃত্যু হয়। আনহাতে আন ১৫ জনৰ সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে।

নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট গভীৰ খাদত পৰিল তীৰ্থযাত্ৰী কঢ়িওৱা বাছ, ৭ জনৰ মৃত্যু, ১৫ জন লোক আহত

নাছিক-চুৰাট ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

02 Feb 2025 12:18 PM

পুনৰ সংঘটিত হৈছে আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট গভীৰ খাদত পৰি যায় এখন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বিলাসী ব্যক্তিগত বাছ। বাছখনত আছিল কমেও ৫০ জন তীৰ্থযাত্ৰী। দুৰ্ঘটনাটোত ইতিমধ্যে ৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে ১৫ জন গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাটো ইমানেই গুৰুতৰ আছিল যে বাছখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। আজি ৰাতিপুৱা নাছিক-চুৰাট ঘাইপথৰ সপুতাৰা ঘাটত সংঘটিত হয় এই দুৰ্ঘটনা।

আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ভক্তেৰে ভৰ্তি এই বাছখন কুম্ভৰ পৰা আহি আছিল আৰু গুজৰাটৰ ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰিবলৈ গৈ আছিল। তাৰ মাজতে সপুতাৰাৰ মালেগাঁও ঘাটৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনা অনুসৰি ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত ব্যক্তিগত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই নাছিক-চুৰাট ঘাইপথৰ চাপুটাৰা ঘাটৰ ওচৰত ২০০ ফুট গভীৰ খাদত বাগৰি পৰে। দুৰ্ঘটনাটোৰ লগে লগে অঞ্চলত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় লোকে বাছ দুৰ্ঘটনাটো দেখি আহতসকলক সহায় কৰিবলৈ ঘটনাস্থলীলৈ দৌৰি গৈছিল। লগে লগে খবৰ দিয়া হৈছিল আৰক্ষীক । দুৰ্ঘটনাত পতিত সকলো যাত্ৰী মধ্য প্ৰদেশৰ। তেওঁলোকে কুম্ভ মেলাৰ পিছত নাছিকৰ ত্ৰিম্বকেশ্বৰ মন্দিৰলৈ গৈছিল। তাৰ পিছত, তেওঁলোকে তীৰ্থযাত্ৰাৰ বাবে গুজৰাটলৈ গৈ আছিল।

 

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া