আজি ৰাষ্ট্ৰীয় কৃষি দিৱসঃ জানক এই দিনটোৰ ইতিহাস, কিয় পালন কৰা হয়

আজি সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় কৃষি দিৱস। প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো দেশত কৃষি দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, কৃষক নেতা তথা ভাৰত ৰত্না চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।

আজি ৰাষ্ট্ৰীয় কৃষি দিৱসঃ জানক এই দিনটোৰ ইতিহাস, কিয় পালন কৰা হয়

ৰাষ্ট্ৰীয় কৃষি দিৱস

Published: 

23 Dec 2024 10:43 AM

আজি সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় কৃষি দিৱস। প্ৰতিবছৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষি দিৱস (National farmer day)  হিচাপে পালন কৰা  হয়। এই দিনটোত অক্লান্তভাৱে কাম কৰা আৰু ভাৰতৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা অন্নদাতাসকলক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত কৃষি বিজ্ঞানীৰ অৱদান, কৃষকৰ সমস্যা, নতুন কৃষিজাত পদ্ধতি, নতুন প্ৰযুক্তি আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। ভাৰত এখন কৃষি প্ৰধান দেশ। আমাৰ দেশৰ গৰিষ্ঠসংখ্যকলোক এতিয়াও কৃষিৰ ওপৰত নিৰ্ভৰশীল।  গতিকে দেশত এই দিৱসৰ মহত্ব অধিক।

কিয় এই দিনটোত পালন কৰা হয়

১৯০২ চনৰ ২৩ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা কৃষক নেতা চৌধুৰী চৰণ সিঙে। এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কৃষি আৰু কৃষকৰ স্বাৰ্থত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁ কৈছিল- কৃষকৰ অৱস্থা সলনি হ’লেহে দেশে অগ্ৰগতি লাভ কৰিব। কৃষি ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। যাৰ বাবে তেওঁৰ প্ৰতি সন্মান আৰু কৃষকসকলক কৃতজ্ঞতা জনোৱাৰ অৰ্থে ২৩ ডিচেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।

কেতিয়াৰ পৰা পালন কৰা হয়

মাত্ৰ কেইটামান মাহৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰী চৰণ সিঙে কৃষি ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ প্ৰখ্যাত কৃষক নেতাৰ ভিতৰত তেওঁৱো আছিল এজন। কৃষি ক্ষেত্ৰৰ প্ৰতি থকা তেওঁৰ অৱদানৰ বাবে ২০০১ চনত ভাৰত চৰকাৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোত ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয়।

অৱদান

চৌধুৰী চৰণ সিঙৰ জন্ম উত্তৰ প্ৰদেশৰ এটা কৃষকৰ পৰিয়ালত হৈছিল। দেশ পৰাধীন হৈ থকা অৱস্থাত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুদ্ধতো অংশ গ্ৰহণ কৰিছিল। স্বাধীনতাৰ পাছৰে পৰা তেওঁ কৃষকৰ হিতৰ হৈ কাম কৰা আৰম্ভ কৰে। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সিঙে ভূমি সংস্কাৰ ৰূপায়ণত মুখ্য ভূমিকা পালন কৰিছিল আৰু কৃষকৰ স্বাৰ্থত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চৌধুৰী চৰণ সিং দেশৰ কৃষি মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়চোৱাত তেওঁ দেশত থকা জমিদাৰী ব্যৱস্থাৰ অন্ত পেলাবলৈ যথেষ্ঠ কষ্ট কৰিছিল। সিঙে কৃষকসকলৰ বাবে কিষাণ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ যাৰ উদ্দেশ্য আছিল অন্যায়ৰ বিৰুদ্ধে গাঁৱবাসীক শিক্ষিত কৰা আৰু একতা বৃদ্ধি কৰা। এইগৰাকী মহান ব্যক্তিকে ২০২৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰিছিল।

দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...
শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন