National Flag Day 2024 : আজি ভাৰতৰ জাতীয় পতকা দিৱস, এই দিনটোৰ তাৎপৰ্য কি ?
National Flag Day 2024 : ভাৰতৰ জাতীয় পতাকাত নিহিত ভাৰতবাসীৰ আৱেগ আৰু শক্তি । ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে ভাৰতীয় জাতীয় পতাকা গ্ৰহণ কৰা হৈছিল ।

আজি ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা দিৱস । এই দিনটো ভাৰতবাসীৰ বাবে এতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ দিন । ভাৰতৰ জাতীয় পতাকাত নিহিত ভাৰতবাসীৰ আৱেগ আৰু শক্তি । ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে ভাৰতীয় জাতীয় পতাকা গ্ৰহণ কৰা হৈছিল ।
“ত্ৰিৰঙ্গা” নামেৰে জনাজাত ভাৰতীয় জাতীয় পতাকাখনত তিনিটা প্ৰতীক ৰং আছে । পতাকাখনৰ একেবাৰে ওপৰত আছে গেৰুৱা ৰং । যিয়ে সাহস আৰু ত্যাগত প্ৰতিনিধিত্ব কৰে । পতাকাখনৰ মাজত থকা বগা ৰং হৈছে শান্তি আৰু সত্যৰ প্ৰতীক । ইয়াৰ লগতে পতাকাখনৰ সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ আছে । পতাকাখনৰ একেবাৰে তলত আছে সেউজীয়া আনুভূমিক, যিয়ে কৃষি আৰু প্ৰগতিক বুজায় ।
১৯৩১ চনত কৰাচীৰ কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত হয়। ৱৰ্কিং কমিটীয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া ৰং যুক্ত আৰু বাঁওহাতে ওপৰ চুকত যঁতৰ-চিত্ৰ অংকিত পতাকা এখনৰ আৰ্হি দাঙি ধৰিছিল। কিন্তু এই আৰ্হি ৱকিং কমিটীৰ মনঃপূত নোহোৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটীৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্রস্তুত কৰে। সেই মতে তিনিটা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়।
সেই অনুসৰি পতাকাৰ ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া ৰং অন্তৰ্ভুক্ত কৰা হয় । ইফালে পতাকাৰ আকাৰ ২:৩ অনুপাতত প্ৰস্তুত কৰা হয় । ২০০২ চনত ভাৰতৰ পতাকা সংহিতা সংশোধনীৰ অনুসৰি,নাগৰিকে যিকোনো দিনতে আৰু সন্মান আৰু মৰ্যাদাৰে জাতীয় পতাকা প্ৰদৰ্শন আৰু ব্যৱহাৰ কৰিব পাৰে। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ মাজৰ সময়ছোৱাত উত্তোলন কৰা হয় ।
ৰাষ্ট্ৰীয় পতাকা দিৱস কেৱল পতাকাক সন্মান জনোৱাৰ দিন নহয়, বৰঞ্চ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত মূল্যবোধ আৰু ত্যাগক আলোকপাত কৰাৰ এক সুযোগ লাভ কৰে দেশবাসীয়ে ।এই দিনটোত বিদ্যালয়, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন সংগঠনে প্ৰায়ে জাতীয় প্ৰতীকটোক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ইয়াৰ গুৰুত্বৰ বিষয়ে নাগৰিকক জ্ঞান প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত কৰে।
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা দিৱসে প্ৰতিজন ভাৰতীয়কে তেওঁলোকৰ সামূহিক পৰিচয় আৰু পতাকাখনে মূৰ্ত কৰি ৰখা আদৰ্শৰ কথা সোঁৱৰাই দিয়ে। পতাকাখনে দেশৰ চহকী ঐতিহ্য, প্ৰগতি আৰু ঐক্যৰ দিশত চলি থকা অবিৰত যাত্ৰাৰ এক শক্তিশালী প্ৰতীক হিচাপে কাম কৰে।