দ্বাদশ শ্ৰেণীত দুবাৰ কৈ ফেইল কৰা ৰামানুজন কেনেকৈ হ’ল মহান গণিতজ্ঞ? ৩৩ বছৰীয়া জীৱনকালত আৱিষ্কাৰ কৰিছিল বহু গাণিতিক সূত্ৰ…

National Mathematics Day 2024: ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনে ৩৩ বছৰীয়া জীৱন কালত গণিতত এনে আৱিষ্কাৰ কৰিছিল, যিবোৰ বুজিবলৈ গণিতজ্ঞসকলক বহু বছৰৰ প্ৰয়োজন হৈছিল। প্ৰতি বছৰে ২২ ডিচেম্বৰত শ্ৰীনিবাস ৰামানুজনৰ জন্ম জয়ন্তীৰ দিনটোত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। দ্বাদশ শ্ৰেণীত দুবাৰ কৈ বিফল হোৱা শ্ৰীনিবাস ৰামানুজন কেনেকৈ এগৰাকী মহান গণিতজ্ঞ হৈ অসীম আৱিষ্কাৰ কৰিলে জানো আহক...

দ্বাদশ শ্ৰেণীত দুবাৰ কৈ ফেইল কৰা ৰামানুজন কেনেকৈ হল মহান গণিতজ্ঞ? ৩৩ বছৰীয়া জীৱনকালত আৱিষ্কাৰ কৰিছিল বহু গাণিতিক সূত্ৰ...

ৰামানুজন কেনেকৈ হ'ল মহান গণিতজ্ঞ?

Updated On: 

22 Dec 2024 12:17 PM

আজি মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক কোনে নাজানে?  যিজনে মাত্ৰ ৩৩ বছৰীয়া জীৱনকালত গণিতত এনে আৱিষ্কাৰ কৰিছিল, যিবোৰ বুজিবলৈ গণিতজ্ঞসকলক বহু বছৰৰ প্ৰয়োজন হৈছিল। প্ৰতি বছৰে ২২ ডিচেম্বৰত শ্ৰীনিবাস ৰামানুজনৰ জন্ম জয়ন্তীৰ দিনটোত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। এয়া ২০১২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ঘোষণা কৰিছিল। দ্বাদশ শ্ৰেণীত দুবাৰ কৈ বিফল হোৱা শ্ৰীনিবাস ৰামানুজন কেনেকৈ এগৰাকী মহান গণিতজ্ঞ হৈ অসীম আৱিষ্কাৰ কৰিলে জানো আহক…

১৮৮৭ চনৰ ২২ ডিচেম্বৰত তামিলনাডুৰ ইৰোডত তামিল ব্ৰাহ্মণ (আয়েংগাৰ) পৰিয়ালত শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল। তেওঁ কুম্বাকোণমৰ এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। কিন্তু গণিতৰ বাহিৰে আন বিষয়ত আগ্ৰহ নথকা বাবে বাবে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দুবাৰ কৈ বিফল হৈছিল।  সেই কুম্বাকোণম বিদ্যালয়খনৰ নাম ৰামানুজনৰ নামেৰে ৰখা হৈছে।

১৯১২ চনত ৰামানুজনে মাদ্ৰাজ পোৰ্ট ট্ৰাষ্টত কেৰাণী হিচাপে কাম কৰা আৰম্ভ কৰে। য’ত তেওঁৰ এজন ইংৰাজ সহকৰ্মীয়ে গণিতৰ কঠিন সমস্যা সমাধান কৰা দেখি ৰামানুজনৰ প্ৰতিভাক চিনাক্ত কৰে। সহকৰ্মীজনৰ নিজেই গণিতৰ বিষয়ে ভালদৰে বুজি পাইছিল। ৰামানুজনৰ প্ৰতিভা দেখি তেওঁ ইউকেৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সৈতে সম্পৰ্কিত ট্ৰিনিটি কলেজৰ অধ্যাপক জি.এইচ. হাৰ্ডিৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল।

১৬ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল

ইয়াৰ মাজতে ১৬ বছৰ বয়সত ৰামানুজন বিবাহ জানকী আম্মালৰ সৈতে কৰাই দিয়া হৈছিল। অৱশ্যে, গণিতৰ প্ৰতি তেওঁৰ প্ৰেম অবিৰতভাৱে অব্যাহত আছিল। তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জি এইচ হাৰ্ডিলৈ পত্ৰৰ জৰিয়তে কিছুমান গাণিতিক সূত্ৰ প্ৰেৰণ কৰিছিল। অধ্যাপক হাৰ্ডি এই সূত্ৰবোৰৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ ৰামানুজনক লণ্ডনলৈ আমন্ত্ৰণ জনায়। অধ্যাপক হাৰ্ডি আছিল তেওঁৰ পৰামৰ্শদাতা। লণ্ডনত অধ্যাপক হাৰ্ডিৰ সহযোগত ৰামানুজনে গণিতৰ বহুতো গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। সেই গৱেষণা পত্ৰবোৰ দেখি ব্ৰিটিছেও ৰামানুজনক  সন্মানিত কৰে।

১৯১৪ চনত ইনফিনিটি ছিৰিজৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল

১৯১৪ চনত  ৰামানুজনে পাইৰ বাবে ইনফিনিটি ছিৰিজৰ (অসীম শৃংখলা) সূত্ৰ আৱিষ্কাৰ কৰে, যি আজিও বহুতো এলগৰিথমৰ আধাৰ। প্ৰকৃততে, পাই (π)ৰ সঠিক অনুমান গণিতৰ ইতিহাসত আটাইতকৈ প্ৰত্যাহ্বানজনক আছিল। ইয়াৰ বাহিৰেও, ৰামানুজনে গণিতৰ বহুতো প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰাৰ এটা উপায় বিচাৰি উলিয়াইছিল। যাৰ তালিকা যথেষ্ট দীঘল। ইয়াৰ ফলত খেল তত্ত্বৰ বিকাশ ঘটিছিল। ৰামানুজনে মক থীটা ফাংচনৰ বিষয়েও বৰ্ণনা কৰিছিল। ১৭২৯ক ৰামানুজন সংখ্যা বুলি জনা যায়। এইটো প্ৰকৃততে ১০ আৰু ৯ সংখ্যা দুটাৰ ঘন (কিউব)ৰ যোগফল। ৰামানুজনে অধ্যাপক হাৰ্ডিৰ সৈতে বৃত্ত পদ্ধতি (Circle Method) উদ্ভাৱন কৰিছিল।

ট্ৰিনিটি কলেজ ফেলোশ্বিপ লাভ কৰা প্ৰথম ভাৰতীয়

ট্ৰিনিটি কলেজত যোগদান কৰাৰ পিছত, শ্ৰীনিবাস ৰামানুজনে ১৯১৬ চনত বিজ্ঞানত স্নাতক (বিএছচি) ডিগ্ৰী লাভ কৰে। ১৯১৭ চনত, তেওঁক লণ্ডন গাণিতিক সমাজত অন্তৰ্ভুক্ত কৰা হয়। পৰৱৰ্তী বছৰত, ৰামানুজনক গণিতৰ ক্ষেত্ৰত গৱেষণাৰ বাবে ৰয়েল ছ’চাইটিত স্থান দিয়া হয়। ১৯১৮ চনৰ অক্টোবৰ মাহত তেওঁক ট্ৰিনিটি কলেজ ফেলোশ্বিপ প্ৰদান কৰা হয়। এ এই ফেলোশ্বিপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি হ’ল ৰামানুজন।

যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু

গণিতৰ প্ৰতি শ্ৰীনিবাস ৰামানুজনৰ থকা প্ৰতিভা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে মাত্ৰ ৩৩ বছৰীয়া জীৱনকালত তেওঁ গণিতৰ এনে চাৰি হাজাৰৰো অধিক তত্ত্বৰ ওপৰত গৱেষণা কৰিছিল, যিটো বুজিবলৈ সমগ্ৰ বিশ্বৰ গণিতজ্ঞসকলক বহু বছৰৰ সময় লাগিছিল। অৱশ্যে, স্বাস্থ্যজনিত সমস্যাৰ বাবে ১৯১৯ চনত লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহে ৰামানুজন। তেওঁৰ দেহত যক্ষ্মাৰ দৰে এক দুৰাৰোগ্য ৰোগ ধৰা পৰিছিল। ১৯২০ চনত ঘৰলৈ অহাৰ এবছৰ পিছত তেওঁ এই পৃথিৱীৰ বিদায় জনায়।

মৃত্যুৰ পিছত ঘৃণাৰ সন্মুখীন হৈছিল

বিশ্বৰ আগত নিজৰ গাণিতিক প্ৰতিভা প্ৰমাণ কৰা মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনে তেওঁৰ মৃত্যুৰ পিছত নিজৰে মানুহৰ ঘৃণাৰ সন্মুখীন হ’ব লগা হৈছিল। পণ্ডিতসকলে তেওঁৰ মৃত্যুৰ পিছত তেওঁক অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ অস্বীকাৰ কৰিছিল কিয়নো তেওঁ সাগৰীয় পথেৰে ভ্ৰমণ কৰাৰ পিছতো শুদ্ধিকৰণ কৰা নাছিল। সেই সময়ত, বিশ্বাস কৰা হৈছিল যে সাগৰীয় যাত্ৰাৰ পিছত শুদ্ধিকৰণৰ বাবে ৰামেশ্বৰমলৈ যাত্ৰা কৰা উচিত, কিন্তু তেওঁ ইয়াৰ বাবে সুযোগ নাপালে।

ৰবাৰ্ট কানিগাল নামৰ এজন লেখকে শ্ৰীনিবাস ৰামানুজনৰ জীৱনী লিখিছিল। যাৰ শিৰোনাম আছিল, ‘দ্য মেন হু নিউ ইনফিনিটি: এ লাইফ অফ দ্য জিনিয়াছ ৰামানুজন’ (The Man Who Knew Infinity: A Life of the Genius Ramanujan)। এই জীৱনীখনৰ আধাৰত ২০১৫ চনত এখন ছবিও নিৰ্মাণ কৰা হৈছিল, যাৰ নাম দিয়া হৈছে ‘দ্য মেন হু নিউ ইনফিনিটি’। দেৱ পেটেলে এই ছবিখনত ৰামানুজনৰ চৰিত্ৰত অভিনয় কৰিছিল।

 

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...