National Science Day 2025: ২৮ ফেব্ৰুৱাৰীত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস? ইয়াৰ ইতিহাস, মহত্ব, বিষয়বস্তু সকলো জানক…
National Science Day 2025: প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আজিৰ দিনটোতে দেশৰ মহান বিজ্ঞানী চি ভি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল, যাৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হয়। কি এই ৰমন ইফেক্ট? জানো আহক...

২৮ ফেব্ৰুৱাৰীৰ দিনটো দেশজুৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day 2022) হিচাপে পালন কৰা হয়। ১৯২৮ চনৰ এই দিনটোতে দেশৰ মহান বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন (বিজ্ঞানী চি ভি ৰমন) য়ে ‘ৰমন ইফেক্ট’ আৱিষ্কাৰ কৰিছিল। যাৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হৈছিল। স্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰৰ ৰশ্মিৰ পৰিৱৰ্তনৰ ওপৰত কৰা গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে ১৯৩০ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। কেৱল ভাৰতৰ পৰাই নহয় এছিয়াৰ পৰাও তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী। এই আৱিষ্কাৰৰ সন্মানত ১৯৮৬ চনৰ পৰা এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ প্ৰৱণতা দেখা গৈছে। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।
আমাৰ দেশত বিজ্ঞানৰ ক্ষেত্ৰখনত উন্নয়নৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে। আজিৰ এই সময়ত প্ৰযুক্তিৰ সময়। এনে পৰিস্থিতিত বিকাশৰ ক্ষেত্ৰত বিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে বাৰ্তা বিয়পোৱাৰ লগতে মানৱ কল্যাণৰ বাবে বিজ্ঞানৰ ক্ষেত্ৰখনৰ সকলো কাম-কাজ, প্ৰচেষ্টা আৰু সাফল্য প্ৰদৰ্শনৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২২) পালন কৰা হয়।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উদ্দেশ্য হৈছে বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশৰ প্ৰসাৰৰ লগতে বিজ্ঞানৰ প্ৰতি সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰা। এই দিৱস উপলক্ষে বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়, য’ত বিজ্ঞান প্ৰদৰ্শনী, বক্তৃতা, কৰ্মশালা আৰু প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হ’ল-
– বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশৰ প্ৰসাৰ।
– বিজ্ঞানৰ প্ৰতি সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰা।
– বিজ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্টতাক উৎসাহিত কৰা।
– বিজ্ঞানৰ ক্ষেত্ৰত মহিলা আৰু সংখ্যালঘুসকলৰ অংশগ্ৰহণৰ প্ৰসাৰ কৰা।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২৫ৰ বিষয়বস্তু
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০২৫ৰ থীম লৈছে- “বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত বিজ্ঞান আৰু উদ্ভাৱনত বিশ্বব্যাপী নেতৃত্বৰ বাবে ভাৰতীয় যুৱক-যুৱতীৰ সবলীকৰণ” । এইবাৰ নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই দিৱস উদযাপন কৰিব চৰকাৰে।
ৰমন ইফেক্ট কি?
কোৱা হয় যে এবাৰ ড° ৰমনে লণ্ডনৰ পৰা ভাৰতলৈ আহি থাকোঁতে নীলা সাগৰৰ পানী দেখি তেওঁৰ মনত এটা কৌতুহলৰ সৃষ্টি হৈছিল যে এই পানী কিয় নীলা? তেওঁৰ এই কৌতুহলৰ উত্তৰ জানিবলৈ তেওঁ ভাৰতলৈ আহি গৱেষণা কৰিছিল। স্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰৰ ৰশ্মিৰ পৰিৱৰ্তন সম্পৰ্কে তেওঁৰ গুৰুত্বপূৰ্ণ আৱিষ্কাৰক ৰমন ইফেক্ট বুলি জনা গৈছিল।