শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bank Strike: আগতীয়াকৈ উলিয়াই ৰাখক প্ৰয়োজনীয় ধন, একেৰাহে দুদিন বন্ধ থাকিব বেংক সেৱা !

একেৰাহে দুদিন ধৰি ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়ন (ইউ এফ বি ইউ) য়ে । চৰকাৰী বেংক সেৱাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বেংক সেৱাত ইয়াৰ প্ৰভাৱ পৰিব পাৰে । সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন’য়ে ।

Bank Strike: আগতীয়াকৈ উলিয়াই ৰাখক প্ৰয়োজনীয় ধন, একেৰাহে দুদিন বন্ধ থাকিব বেংক সেৱা !
প্ৰতীকী ফটোImage Credit source: TV9 Bangla
manas-borah
Manas Borah | Published: 17 Mar 2025 21:08 PM

চলিত মাহত দুদিনকৈ বন্ধ থাকিব বেংক সেৱা ! কেৱল বেংক সেৱা বন্ধ থকাই নহয়, ইয়াৰ প্ৰভাৱ পৰিব পাৰে বেংক এটিএম সেৱাতো । কিয়নো একেৰাহে দুদিন ধৰি ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়ন (ইউ এফ বি ইউ) য়ে । চৰকাৰী বেংক সেৱাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বেংক সেৱাত ইয়াৰ প্ৰভাৱ পৰিব পাৰে । সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন’য়ে ।

অভিযোগ অনুসৰি, বেংক কৰ্তৃপক্ষৰ সংগঠন ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আই বি এ) আৰু শ্ৰমিক সংগঠনৰ মঞ্চ ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়ন (ইউ এফ বি ইউ)ৰ মাজত এখন বৈঠক হৈছিল। বেংক কৰ্মচাৰী সংগঠন ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়নে দাবী কৰিছে যে, দীৰ্ঘদিন ধৰি বেংকত নিযুক্তি বন্ধ হৈ আছে। ইয়াৰ ফলত বহুতো খালী পদৰ সৃষ্টি হৈছে। কৰ্মচাৰীৰ সংখ্যা ইমানেই কম যে, তেওঁলোকে গ্ৰাহকক সেৱা আগবঢ়োৱাত অসুবিধা সৃষ্টি হৈছে ।

প্ৰকাশিত খবৰ অনুসৰি, ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনৰ সৈতে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছত ২৪ আৰু ২৫ মাৰ্চত দেশজুৰি দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়নে। ইয়াৰ ফলত দেশজুৰি বেংকিং সেৱাত প্ৰভাৱ পৰা সম্ভাৱনা আছে। এক প্ৰতিবেদন অনুসৰি ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়নে আগবঢ়োৱা মূল দাবীসমূহ আছিল নিযুক্তি, অস্থায়ী কৰ্মচাৰী নিয়মীয়াকৰণ আৰু বেংকিং খণ্ডত পাঁচদিনীয়া কৰ্ম সপ্তাহ ৰূপায়ণ। এই দাবী পূৰণ কৰাত ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে ইউনাইটেড ফ’ৰাম অৱ বেংকছ ইউনিয়নে ।

বেংকৰ কৰ্মচাৰী সংগঠনসমূহে অভিযোগ কৰে যে, পাঁচদিনীয়া কৰ্মসপ্তাহ কাৰ্যকৰী কৰাত আই বি এয়ে উপযুক্ত ভূমিকা গ্ৰহণ কৰা নাছিল। তদুপৰি বিভিন্ন ভাট্টা প্ৰৱৰ্তন কৰাৰ কথা আছিল যদিও সেয়া এতিয়াও হোৱা নাই। এই সকলোবোৰ দাবী পূৰণৰ ওপৰত গুৰুত্ব দি বেংক কৰ্তৃপক্ষৰ সংগঠন আই বি এয়ে শ্ৰমিক সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। অৱশ্যে এই বৈঠক বিফল হয় অভিযোগ উত্থান কৰিছে বেংক কৰ্মচাৰী সংগঠনে। যিহেতু বৈঠকখন সফল নহ’ল, সেয়েহে শ্ৰমিকসকলে ধৰ্মঘটৰ সিদ্ধান্ত লয় । সেইবাবেই ২৪ আৰু ২৫ মাৰ্চত বেংক ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে বুলি জানিব পৰা গৈছে ।