5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দীপাৱলীৰ প্ৰাকক্ষণত নৱী মুম্বাইত বিস্ফোৰণ! একেটা পৰিয়ালৰে তিনিজন নিহত,আহত দুজন!

দেৱালীৰ প্ৰাকমুহূৰ্তত মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পেট্ৰ'ল সংৰক্ষণ কোঠাত সংঘটিত বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ উপৰিও আন দুজন লোক আহত হয়। মৃত দুয়োজন একেটা পৰিয়ালৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

দীপাৱলীৰ প্ৰাকক্ষণত নৱী মুম্বাইত বিস্ফোৰণ! একেটা পৰিয়ালৰে তিনিজন নিহত,আহত দুজন!
দীপাৱলীৰ প্ৰাকক্ষণত নৱী মুম্বাইত বিস্ফোৰণ!
trishna-kalita
Trishna Kalita | Published: 31 Oct 2024 13:32 PM

দীপাৱলীক লৈ দেশৰ চৌদিশে উখল-মাখল পৰিৱেশ। কেইদিনো আগৰে পৰা চলিছে প্ৰস্তুতি। ভাৰতৰ এই সৰ্ববৃহৎ উৎসৱৰ প্ৰাকমুহূৰ্তত উলৱেৰ এটা অবৈধভাৱে সংগ্ৰহ কৰা পেট্ৰ’ল সংৰক্ষণ কোঠাত বিস্ফোৰণত সংঘটিত হয়। য’ত তিনিজন লোক নিহত হোৱাৰ উপৰিও আন দুজন লোক আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, ষ্টোৰ ৰুমটোত ড্ৰাম আৰু গেলনত অবৈধভাৱে পেট্ৰ’ল সংগ্ৰহ কৰা হৈছিল। বুধবাৰে সন্ধিয়া এই পেট্ৰ’লৰ ড্ৰাম আৰু গেলন বিস্ফোৰিত হৈছিল। প্ৰাথমিক তথ্য অনুসৰি, ঘটনাস্থলীত তিনিজন লোকৰ মৃত্যু হয় আৰু আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

খবৰ পোৱা পাছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল। তথ্য অনুসৰি, সেই স্থানত পেট্ৰ’ল অবৈধভাৱে সংৰক্ষণ কৰি বিক্ৰী কৰা হৈছিল। বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ঘটনাস্থলীত তিনিজন লোকৰ মৃত্যু হৈছিল। দুজন গুৰুতৰভাৱে আহত হৈছে।

একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃতসকলৰ ভিতৰত একেটা পৰিয়ালৰ তিনিজন লোক আছে। পিতৃ (ৰমেশ কাচ্চি)ৰ অৱস্থা সংকটজনক হৈ থকাৰ সময়ত মাক আৰু দুটিকৈ সন্তানৰ মৃত্যু হয়।

পত্নী মঞ্জু কাচি (৪০-৪৫)
কন্যা লক্ষ্মী কাচি (১৬-১৭)
পুত্ৰ চেতন কাচি (১৫-১৬)

দেৱালীৰ পূৰ্বে সংঘটিত এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেৱালীৰ প্ৰাকমুহূৰ্তত যেতিয়া সমগ্ৰ দেশৰ ঘৰবোৰ পোহৰ আৰু বৈদ্যুতিক পোহৰেৰে আলোকিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ পাছতে নৱী মুম্বাইৰ এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি শোক প্ৰকাশ কৰা হৈছে।

যেতিয়া ঘৰটোত থকা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ। ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছত জুই নিয়ন্ত্ৰণ কৰা হয়। এই ভয়ংকৰ বিস্ফোৰণত ৩জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ পাছত সমগ্ৰ বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Latest News