গুজৰাটত ৭০০ কিলোগ্ৰাম ড্ৰাগছ জব্দঃ ৮ বিদেশী নাগৰিকক গ্ৰেপ্তাৰ
গুজৰাটত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো, নৌসেনা আৰু গুজৰাট এ টি এছৰ যৌথ অভিযানত সমুদ্ৰৰ পৰা উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ বিদেশী ড্ৰাগছ। লগতে এই ড্ৰাগছ সৰবৰাহত জড়িত ৮গৰাকী বিদেশী লোককো গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে।
মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ সুগম পথত পৰিণত হৈছে গুজৰাট। ৰাজ্যখনৰ মাজেৰে অসাধু চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ চোৰাং সৰবৰাহ। বিগত সময়ছোৱাত গুজৰাটত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো আৰু নিৰাপত্তা বাহিনীৰ অভিযানত কেইবাবাৰো চোৰাং চক্ৰৰ এনে প্ৰচেষ্টা ব্যৰ্থ হৈছে, জব্দ হৈছে বৃ্হৎ পৰিমাণৰ ড্ৰাগছ। আজি পুনৰ গুজৰাটত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো, নৌসেনা আৰু গুজৰাট এ টি এছৰ যৌথ অভিযানত সমুদ্ৰৰ পৰা উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ বিদেশী ড্ৰাগছ। লগতে এই ড্ৰাগছ সৰবৰাহত জড়িত ৮গৰাকী বিদেশী লোককো গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে।
ভাৰতীয় ভূখণ্ডৰ জলসীমাত এখন বিদেশী জাহাজৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো আৰু নিৰাপত্তা বাহিনীৰ দলটোৱে ৭০০ কিলোগ্ৰাম মেথ ড্ৰাগছ জব্দ কৰা হয়। ড্ৰাগছৰ সৰবৰাহ ৰোধৰ বাবে গ্ৰহণ কৰা অপাৰেচন সাগৰ মন্থনৰ অধীনত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো, নৌসেনা আৰু এ টি এছে একেলগে ভাৰতৰ সামুদ্ৰিক সীমান্তৰ পৰা এই জাহাজখন ধৰা পেলা।
তথ্য মতে জাহাজখনত ৮ জন বিদেশী নাগৰিক উপস্থিত আছিল আৰু অভিযানকাৰী দলটোৱে এই আঠজন বিদেশী নাগৰিকক লগে লগে গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত বিদেশী নাগৰিকেইজনে নিজকে ইৰানৰ নাগৰিক বুলি স্বীকাৰ কৰে। ধৃত বিদেশী লোককেইজনক জেললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে চোৰাংচোৱা নেটৱৰ্কৰ জৰিয়তে সাগৰীয় পথেৰে ভাৰতলৈ জাহাজেৰে ড্ৰাগছ সৰবৰাহৰ তথ্য লাভ কৰিছিল।
চোৰাংচোৱা তথ্যৰ আধাৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে লগে লগে এটিএছ আৰু নৌসেনাৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছত অপাৰেচন সাগৰ মন্থন ৪ আৰম্ভ কৰা হয় আৰু অভিযানত এই বৃ্হৎ সাফল্য লাভ কৰে অভিযানকাৰী দলটোৱে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে আৰম্ভ হৈছিল এই অপাৰেচন সাগৰ মন্থন।
এই অভিযানকাৰী দলটোত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ অপাৰেচন ব্ৰাঞ্চৰ বিষয়া, নৌসেনাৰ চোৰাংচোৱা শাখাৰ বিষয়া, ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ বিষয়া আৰু গুজৰাট এটিএছৰ বিষয়া অন্তৰ্ভুক্ত। অপাৰেচন সাগৰ মন্থনৰ অধীনত চলিত বৰ্ষত এতিয়ালৈকে ৩৪০০ বিভিন্ন ধৰণৰ নিচাজাতীয় ঔষধ জব্দ কৰা হৈছে। কেৱল এয়াই নহয়, ড্ৰাগছ সৰবৰাহত জড়িত মুঠ ২৫ জন বিদেশী নাগৰিকক এতিয়ালৈকে এই অভিযানৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত এই লোককেইজনৰ ভিতৰত ১১ জন ইৰানী আৰু ১৪ জন পাকিস্তানী নাগৰিক বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই উদ্দেশ্যে সামুদ্ৰিক সীমান্তত ড্ৰাগছৰ সৰবৰাহ ৰোধৰ বাবে এনে অভিযান চলোৱা হৈছে।