NEET: ‘পৰীক্ষাৰ পবিত্ৰতাত আঘাত’! লগ এৰিবনে বিসংগতিয়ে?
এইবাৰ ৬৭ জন ছাত্ৰ-ছাত্ৰীয়ে ১ নম্বৰ ৰেংক লাভ কৰিছে কিয়নো ইয়াৰে ৫০ জন ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হৈছে। গ্ৰেছ মাৰ্ক দিয়া ৫০ জনৰ ভিতৰত ৪৪ জনক প্ৰশ্নৰ বিসংগিত আৰু বাকী ৬ জনক সময় কম হোৱাৰ বাবে গ্ৰেছ মাৰ্ক দিয়া হৈছে।
ভগৱানৰ পাছতেই মানুহে ৰাখে চিকিৎসক। কিয়নো মানুহৰ জীৱন ৰক্ষা কৰাৰ সুযোগ থাকে চিকিৎসকৰ হাতত। এজন ভাল চিকিৎসক হ’বলৈ ছাত্ৰ-ছাত্ৰীয়ে সপোন দেখে। কিছুমানৰ এই সপোন পূৰণ হয়, কিছুমানৰ নহয়। কিন্তু আজিৰ দিনত যেন টকাৰ ওপৰত সপোনো তল পৰি যায়। কিয়নো এই সপোন কিনা হয় টকাৰে! এই সপোনৰ মূল্য হ’ব পাৰে ১০ ৰ পৰা ৫০ লাখ পৰ্যন্ত।
দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰা হৈছে বুলি বিভিন্নজনে দাবী কৰি আহিলেও ই বিতৰ্কৰ পৰা সাৰি নাযায়। আজিৰ সময়ত দেশত প্ৰশ্ন কাকত ফাদিল হোৱাতো এক সাধাৰণ কথা হৈ পৰিছে। মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ সকলো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ আমি বিভিন্ন সময়ত পাঁও। একাংশ টকা লোভী উচ্চ শিক্ষিত মানৱৰ পৰা এইবাৰ সাৰি নগল NEET ug 2024 । বৰ্তমান দেশত ই এক চৰ্চাৰ বিন্দু হৈ পৰিছে।
সকলো ল’ৰা-ছোৱালীৰ সপোন কিনিবলৈ টকা নাথাকে। সেয়ে আশা ভাল পৰীক্ষাত উত্তীৰ্ণ হৈ এটা ভাল চাকৰি, ভাল ভৱিষ্যতৰ। কিন্তু এতিয়া পৰীক্ষাৰ ওপৰতো বিশ্বাস হেৰুৱাবলৈ ওলাইছে ছাত্ৰ-ছাত্ৰীসকলে। এইবাৰ নীট পৰীক্ষাৰ ক্ষেত্ৰতো একেই দশা হ’ল। নীটত এইবাৰ প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। এক-দুবছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নীটত অৱতীৰ্ণ হয় ছাত্ৰ-ছাত্ৰীসকল। কিয়নো এই পৰীক্ষা দেশৰ কঠোৰ পৰীক্ষাৰ ভিতৰত অন্যতম।
কেতিয়াৰ পৰা আৰম্ভ নীটৰ বিতৰ্ক
নীট পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত পাটনা আৰক্ষীয়ে ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। খবৰ অনুসৰি তেওঁলোকে প্ৰশ্ন কাকতৰ বাবদ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ৩০-৫০লাখ টকা লৈছিল । তাৰ পাছতেই ১০ মে’ত পোহৰলৈ আহিছিল আন এক ঘটনা। গুজৰাটত নীট পৰীক্ষা সন্দৰ্ভত এগৰাকী শিক্ষকে প্ৰশ্ন সমাধানৰ বাবদ ১০ লাখ টকা লোৱাৰ তথ্য পোহৰলৈ আহিছিল। এই ক্ষেত্ৰত নাম সাঙোৰ খাইছিল তুষাৰ ভট নামৰ শিক্ষক এজনকে ধৰি নীট পৰীক্ষা কেন্দ্ৰ অধ্যক্ষ পুৰশোত্তম শৰ্মাৰ নাম। কেৱল ইমানেই নহয়, দেশৰ বিভিন্ন স্থানৰ পৰা আহিছিল প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ।
এই বিতৰ্ক চলি থকাৰ মাজতে এন টি এ (NTA)৪ জুনত ঘোষণা কৰে নীট ২০২৪ ৰ ফলাফল। এই পৰীক্ষাৰ ফলাফল পোহৰলৈ অহাৰ পাছতেই আচৰতি হৈ পৰে সকলো। কিয়নো সকলো অসম্ভৱক সম্ভৱ কৰি এই পৰীক্ষাত ৰেংক ১ লাভ কৰিছিল ৬৭ জন ছাত্ৰ-ছাত্ৰীয়ে। এই ছাত্ৰ-ছাত্ৰীসকলে ৭২০ ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিছিল। ইয়াৰ বিপৰীতে দুজনে ৭১৯ আৰু ৭১৮ নম্বৰ লাভ কৰিছিল।
কেতিয়াৰ পৰা অনুষ্ঠিত হৈছিল নীট
উল্লেখ্য যে, ৭২০ নম্বৰৰ বাবে অনুষ্ঠিত হয় নীট পৰীক্ষা। ফিজিক্স, কেমেষ্ট্ৰি, বনাটি আৰু জুলোজি চাৰিটা বিভাগৰ প্ৰশ্ন কাকত থাকে এই পৰক্ষীত। প্ৰতিটো বিষয়ৰ ৫০ টা প্ৰশ্ন আৰু এটা প্ৰশ্নৰ বাবদ থাকে ৪ নম্বৰকৈ। ইয়াৰোপৰি ভুল উত্তৰৰ বাবে থাকে -১ নম্বৰ।
আচৰিতভাৱে এইবাৰ নীট পৰীক্ষাত ৬৭ জন ছাত্ৰ-ছাত্ৰীয়ে ৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ২০২৩ চনত ২গৰাকী আৰু ২০২২ চনত ৪গৰাকীয়ে শীৰ্ষ স্থান লাভ কৰিছিল। কিন্তু কোনোৱে ৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
ফলাফল ঘোষণা হোৱাৰ পাছতেই দেশৰ বিভিন্ন স্থানত সাব্যস্ত হয় প্ৰতিবাদ। একাংশ ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়। অৱশেষত এই বিষয়টো গৈ যায় উচ্চতম ন্যায়ালয়। পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলকে ধৰি বিভিন্ন বিষয়ৰ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল হয়। এই আবেদনৰ শুনানি চলি আছে উচ্চতম ন্যায়ালয়ত।
পৰীক্ষাত হোৱা বিসংগতি সন্দৰ্ভত জাননী জাৰি কৰি NTA ৰ পৰা উত্তৰ বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। উত্তৰত NTA য়ে উল্লেখ কৰিছিল ৪ টা কাৰণ। NTAয়ে কৈছিল যে এইবাৰ ৬৭ জন ছাত্ৰ-ছাত্ৰীয়ে ১ নম্বৰ ৰেংক লাভ কৰিছে কিয়নো ইয়াৰে ৫০ জন ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হৈছে। গ্ৰেছ মাৰ্ক দিয়া ৫০ জনৰ ভিতৰত ৪৪ জনক প্ৰশ্নৰ বিসংগিত আৰু বাকী ৬ জনক সময় কম হোৱাৰ বাবে গ্ৰেছ মাৰ্ক দিয়া হৈছে। উল্লেখ কৰা প্ৰয়োজন যে এই ৬ জন টপাৰে এটা পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা দিছিল। দ্বিতীয়তে NTA য়ে কৈছিল যে এইবাৰ প্ৰশ্নকাকত সহজ আছিল যাৰ বাবে পৰীক্ষাৰ্থীয়ে ভাল নম্বৰ পাইছে, তৃতীয়তে কৈছিল যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক।,উল্লেখ কৰা প্ৰয়োজন যে এজন ছাত্ৰই ৭৮ পৰ্যন্ত লাভ কৰিছে গ্ৰেছ মাৰ্ক।
কি কয় উচ্চতম ন্যায়ালয়ে
NTAৰ উত্তৰত সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়। যাৰ বাবে গ্ৰেছ মাৰ্ক দিয়া ৬টা পৰীক্ষা কেন্দ্ৰৰ ১৫৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে বাতিল কৰে গ্ৰেছ মাৰ্ক। ন্যায়ালয়ে লগতে কৈছে যে, এই ঘচনাৰ ফলত পৰীক্ষাৰ পবিত্ৰতাত প্ৰভাৱ কৰিছে। গতিকে উত্তৰ দিয়ক। বিভিন্নজনে প্ৰশ্ন কাকত ফাদিল, বিসংগতি সন্দৰ্ভত চিবিআইৰ তদন্ত বিচাৰিছে। উল্লেখ্য যে এই আবেদৱৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৮ জুলাইত।
নীট পৰীক্ষাৰ এই বিসংগতিৰ বিৰোধিতা কৰিছে বিভিন্নজনে। সকলোৱে বিচাৰিছে দোষীয়ে উপযুক্ত শাস্তি লাভ কৰাতো। কিন্তু প্ৰশ্ন হয়, কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ দৰে ঘটনা সংঘটিত হয়? কিয় পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম নহয় কোনো কৰ্তৃপক্ষ? এইবাৰো সাৰি যাব নেকি দোষী? কোনে শাস্তি পাই, কেন্দ্ৰই কি ব্যৱস্থা লয় সেয়া সময়ে ক’ব। কিন্তু শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলি থকা ল’ৰা-ধেমালী কোনো দিশৰ পৰা গ্ৰহণযোগ্য নহয়।