NEET UGৰ সংশোধিত ফলাফল ঘোষণা! দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিলে ৭০৫ নম্বৰ
NEET UG 2024 Revised Result: NTA-এ NEET UG 2024ৰ সংশোধিত ফলাফল প্ৰকাশ কৰিছে। গুজৰাটৰ বহুতো কেন্দ্ৰৰ NEET UGৰ ফলাফলে সৃষ্টি কৰিছে আশ্চৰ্যৰ । পৰীক্ষা কেন্দ্ৰ আৰু চহৰ অনুসৰি মুকলি কৰা হৈছে সংশোধিত ফলাফলসমূহ।
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আজি ২০ জুলাইত NEET UG 2024ৰ সংশোধিত ফলাফল পৰীক্ষা চহৰ আৰু কেন্দ্ৰ অনুসৰি প্ৰকাশ কৰিছে। ফলাফলবোৰ দুপৰীয়া ১২ বজাত NTA ৱেবছাইটত প্ৰকাশ কৰা হৈছে।
গুজৰাটৰ বহুতো কেন্দ্ৰৰ NEET UGৰ ফলাফলে সৃষ্টি কৰিছে আশ্চৰ্যৰ । পৰীক্ষা কেন্দ্ৰ আৰু চহৰ অনুসৰি মুকলি কৰা হৈছে সংশোধিত ফলাফলসমূহ।
গুজৰাটৰ আনন্দ কেন্দ্ৰত ৫৬০ জন শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল আৰু ইয়াৰ ভিতৰত, ৩৮৩ জন শিক্ষাৰ্থী হৈছে যাৰ নম্বৰ ১৬৪ তকৈ অধিক। ডাঙৰ কথাটো হ’ল এই ৩৮৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত, ১৮জন এনেকুৱা আছে যিসকলে ৬১০তকৈ অধিক নম্বৰ লাভ কৰিছে। ইয়াৰ মাজতে শীৰ্ষস্থানপ্ৰাপ্ত শিক্ষাৰ্থীজনে ৭০৫ নম্বৰ লাভ কৰিছে।
শীৰ্ষস্থানপ্ৰাপ্ত ছোৱালীজনীয়ে দ্বাদশ শ্ৰেণী পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল। এই কেন্দ্ৰত ৩০জন শিক্ষাৰ্থীয়ে ৫০০ৰ পৰা ৬০০ৰ ভিতৰত নম্বৰ লাভ কৰিছে। এটা কেন্দ্ৰৰ পৰা ইমান বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে উত্তীৰ্ণ বা সৰ্বাধিক সংখ্যক শিক্ষাৰ্থী শীৰ্ষস্থান লাভ কৰাটো কেৱল সমৰ্থন হ’ব নোৱাৰে।
ৰাজকোটৰ স্কুল অৱ ইঞ্জিনিয়াৰিং চেণ্টাৰত মুঠ ১৯৬৮ জন শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। ইয়াত ৮৫ শতাংশ শিক্ষাৰ্থী কাট-অফৰ ওপৰলৈ গৈছে। এই কেন্দ্ৰৰ ১২ জন শিক্ষাৰ্থী আছে, যিসকলে ৭০০ৰো অধিক নম্বৰ লাভ কৰিছে।এই কেন্দ্ৰটোৰ ২৪৮জন শিক্ষাৰ্থীয়ে ৬০০ৰ পৰা ৭০০ৰ ভিতৰত নম্বৰ লাভ কৰিছে। এই কেন্দ্ৰত ২৬০জন শিক্ষাৰ্থীয়ে ৬০০তকৈও অধিক নম্বৰ পাইছে।
যদি আমি ডিপিএছ আহমেদাবাদ কেন্দ্ৰৰ কথা কও চাৰিজন শিক্ষাৰ্থীয়ে ৭১০ নম্বৰ লাভ কৰিছে। এই কেন্দ্ৰৰ চাৰিজন শিক্ষাৰ্থী আছে যিয়ে ৭০৫ নম্বৰ লাভ কৰিছে। চাৰিজন শিক্ষাৰ্থী আছে যিয়ে ৭০৫ৰ পৰা ৭০০ নম্বৰ লাভ কৰিছে আৰু ৪৮ জন শিক্ষাৰ্থীয়ে ৬০০তকৈ অধিক নম্বৰ লাভ কৰিছে।
৫ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা NEET UG পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ ফলাফল ৪ জুনত ঘোষণা কৰা হৈছিল। NEET UGৰ গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে আৰু পৰৱৰ্তী শুনানি ২২ জুলাইত হ’ব। পৰীক্ষা চহৰ আৰু কেন্দ্ৰ অনুসৰি ফলাফলৰ ওপৰত আধাৰিত কৰি, উচ্চতম ন্যায়ালয়ে বিষয়টোত ইয়াৰ চূড়ান্ত ৰায় দিব পাৰে। একে সময়তে, প্ৰাৰ্থীসকলে NEET UG পৰীক্ষা বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিল।
এতিয়ালৈ কিমানজনক গ্ৰেপ্তাৰ কৰা হৈছে?
এতিয়ালৈকে, NEET UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিল গোচৰত প্ৰায় ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত বহুতো প্ৰাৰ্থী আছে যিয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিহাৰত পৰীক্ষাৰ এদিন আগতে বহুতো প্ৰাৰ্থীয়ে প্ৰশ্নকাকতখন পাইছিল। ইয়াৰ আগতে গোচৰটোৰ তদন্ত বিহাৰ অৰ্থনৈতিক অপৰাধ গোটৰ দ্বাৰা কৰা হৈছিল কিন্তু এতিয়া তদন্ত চিবিআইক দিয়া হৈছে।