5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি ঘোষণা কৰা হ’ব পাৰে NEET UG পৰীক্ষাৰ ফলাফলঃ অধিসূচনা জাৰি NTAৰ

অধিসূচনা যোগে NTAই আজি যিকোনো সময়তে NEET UG ২০২৪ৰ সংশোধিত ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। একে সময়তে নেচনেল টেষ্টিং এজেন্সীয়ে NEET সম্পৰ্কে ভুৱা তথ্য প্ৰচাৰ কৰা ৱেবছাইটৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈও পৰামৰ্শ দিছে।

আজি ঘোষণা কৰা হ’ব পাৰে NEET UG পৰীক্ষাৰ ফলাফলঃ অধিসূচনা জাৰি NTAৰ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 25 Jul 2024 14:32 PM

প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ সময়ত অনিয়ম আদি অভিযোগক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছত অৱশেষত NEET UG পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰকাশ পাইছে গুৰ্ৰুত্বপূৰ্ণ খবৰ। আজি ঘোষণা কৰা হ’ব পাৰে NEET UG পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই এক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা যোগে NTAই আজি যিকোনো সময়তে NEET UG ২০২৪ৰ সংশোধিত ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। একে সময়তে নেচনেল টেষ্টিং এজেন্সীয়ে NEET সম্পৰ্কে ভুৱা তথ্য প্ৰচাৰ কৰা ৱেবছাইটৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈও পৰামৰ্শ দিছে।

অধিসূচনা যোগে সংস্থাটোৱে আন এক গুৰুত্বপূৰ্ণ দাবীও কৰিছে। NTA আৰু এই সংস্থাটোৰ বিষয়াসকলৰ নামত একাংশ লোকে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা চলাইছে বুলি উল্লেখ কৰা হৈছে এই অধিসূচনাত। সংস্থাটোৱে কয় যে NEET পৰীক্ষাৰ OMR সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰা এনে লোকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকল সাৱধান হোৱাটো নিতান্তই প্ৰয়োজন।

ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি NTAই কয় যে যিকোনো তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেৱল NTAৰ অফিচিয়েল ৱেবছাইট চাব লাগে আৰু এই ৱেবছাইটত প্ৰকাশ কৰা তথ্যকহে শুদ্ধ বুলি বিবেচনা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল বিপথে পৰিচালিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলিও সংস্থাটোৱে লগতে জয়।

NEET UG ফলাফল ঘোষণাৰ পিছত অহা শেষ সপ্তাহৰ পৰাই নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। NEET UG পৰীক্ষাত পোৱা নম্বৰ অনুসৰি নামভৰ্তিৰ বাবে আসন আবণ্টন দিয়া হ’ব। ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদৰ উদ্যোগত কাউন্সেলিঙৰ আয়োজন কৰা হ’ব।

উল্লেখ্য যে NEET UG ২০২৪ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই ৫ মে’ত অনুষ্ঠিত কৰিছিল আৰু ৪ জুনত ফলাফল ঘোষণা কৰিছিল। এই ফলাফলত NTAই মুঠ ৬৭ জন টপাৰ ঘোষণা কৰিছিল। এই টপাৰসকলৰ ভিতৰত হাৰিয়ানাৰ এটা কেন্দ্ৰৰ পৰা ৬ জন টপাৰ আৰু একেটা কেন্দ্ৰৰ পৰা দুজন প্ৰাৰ্থীয়ে ৭১৮ আৰু ৭১৯ নম্বৰ লাভ কৰে।

ইয়াৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অনিয়মৰ লগতে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত মুঠ ৪০খন আৱেদন দাখিল কৰা হয়। এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে NTAক ২০ জুলাইত পৰীক্ষা কেন্দ্ৰ থকা চহৰ আৰু কেন্দ্ৰভিত্তিক ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছত ২৩ জুলাইৰ চূড়ান্ত সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে NEET পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। একে সময়তে আদালতে NTAক NEET UG পৰীক্ষাৰ ফলাফল পুনৰ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে।

Latest News