দুৰ্বৃত্তৰ চৰম জিঘাংসাৰ বলি নিষ্পাপ শিশুঃ খেলি থকাৰ পৰা ফুচলাই নি কৰিলে এনে জঘন্য কাণ্ড

শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা শিশু ধৰ্ষণৰ দৰে এক ঘৃণনীয় কাণ্ড। এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এটি নিষ্পাপ শিশুক ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ। ঘৰৰ বাহিৰত খেলি থকা এটি নিষ্পাপ কন্যা শিশুক ফুচলাই নি এটা কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে।

দুৰ্বৃত্তৰ চৰম জিঘাংসাৰ বলি নিষ্পাপ শিশুঃ খেলি থকাৰ পৰা ফুচলাই নি কৰিলে এনে জঘন্য কাণ্ড

প্ৰতিনিধিত্বমূলক ছবি

Published: 

02 Mar 2025 19:49 PM

দেশত শেহতীয়া সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহিছে দেশৰ ভিন্ন প্ৰান্তত সংঘটিত ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনা। দুৰ্বৃত্তৰ নিকৃষ্ট মানসিকতাৰ বলি হৈছে শিশুৰ পৰা বৃদ্ধালৈকে। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা শিশু ধৰ্ষণৰ দৰে এক ঘৃণনীয় কাণ্ড। এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এটি নিষ্পাপ শিশুক ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ। এই জঘন্য ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত।

ঘৰৰ বাহিৰত খেলি থকা এটি নিষ্পাপ কন্যা শিশুক ফুচলাই নি এটা কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে। এনে বৰ্বৰ আতিশয্যৰ পৰা কোনোমতে ৰক্ষা পাই শিশুটিয়ে অভিযুক্তৰ কবলৰ পৰা পলায়ন কৰে আৰু নিজা গৃ্হত উপস্থিত হৈ মাকক ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে শিশুটিৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ৰাঁচীৰ সুখদেৱ নগৰ থানা এলেকাত সংঘটিত হৈছে এই লজ্জাজনক কাণ্ড। ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। প্ৰকাশিত খবৰ অনুসৰি, শিশুটিয়ে নিজা গৃ্হৰ বাহিৰত খেলি থকাৰ সময়তে চুবুৰীয়া লোকজনে শিশুটিক ফুচলাই মাতি নিয়ে আৰু তাৰ পিছতে নিজৰ কোঠালৈ নি চৰম অমানুষিক চৰিতাৰ্থ পূৰ কৰি ধৰ্ষণ কৰে। ইয়াৰ পিছতে শিশুটিয়ে নিজা গৃ্হত উপস্থিত হৈ মাকৰ আগত এই বিষয়ে জানিবলৈ দিয়ে।

এনে বৰ্বৰ কাণ্ডৰ বিষয়ে জানিব পৰাৰ লগে লগে শিশুটিৰ মাক অভিযুক্তৰ ঘৰত উপস্থিত হয় আৰু অভিযুক্তৰ পৰা ঘটনাৰ সত্যতা বিচাৰে। তাৰ মাজতে সুযোগ বুজি ঘৰৰ পৰা পলায়ন কৰে অভিযুক্তই। ইয়াৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোক স্থানীয় সুখদেৱ নগৰ আৰক্ষীৰ কাষ চাপে আৰু অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। আৰক্ষীয়ে ভুক্তভোগী শিশুটিৰ চিকিৎসা পৰীক্ষা কৰাৰ পিছত অভিযুক্তৰ বিপক্ষে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে।

আনহাতে পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ উদ্দেশ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে সুখদেৱ নগৰ থানাৰ আৰক্ষীয়ে। তথ্য অনুসৰি, ভুক্তভোগী শিশুটিৰ বয়স মাত্ৰ চাৰিৰ পৰা পাঁচ বছৰ হোৱাৰ বিপৰীতে অভিযুক্ত লোকজন বিবাহিত আৰু তেওঁৰ বয়স ৩০ৰ পৰা ৩২ বছৰৰ ভিতৰত। অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকাৰ লগতে লগতে ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা বুলি জানিবলৈ দিছে।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ