Himanta Biswa Sarma : ‘ঝাৰখণ্ডত বিজেপি জয়ী হ’ব বুলি কেতিয়াও দাবী কৰা নাছিলো’, বিফলতাৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

ঝাৰখণ্ডত বিজেপিৰ বিফলতাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্ট কৰি দিয়ে যে, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি কেতিয়াও দাবী কৰা নাছিল ।

Himanta Biswa Sarma : ঝাৰখণ্ডত বিজেপি জয়ী হব বুলি কেতিয়াও দাবী কৰা নাছিলো, বিফলতাৰ সন্দৰ্ভত কি কলে হিমন্ত বিশ্ব শৰ্মাই ?

ঝাৰখণ্ডৰ বিফলতাকলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

Updated On: 

24 Nov 2024 20:18 PM

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পাছত বিজেপিৰ বিফলতাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্ট কৰি দিয়ে যে, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি কেতিয়াও দাবী কৰা নাছিল । উল্লেখ্য যে, হেমন্ত ছ’ৰেনৰ জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে ঝাৰখণ্ডত একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰি ৮১ জনীয়া সদনত ৫৬খন আসন লাভ কৰিছে । ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এনডিএৰ মিত্ৰজোঁটে ২৪ খন আসন লাভ কৰিছে । ইফালে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাৰণৰ সাংবিধানিক কৰ্তব্য পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আজি সংবাদমেল সম্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘যেতিয়াই সংবাদ মাধ্যমে মোক ঝাৰখণ্ডৰ বিষয়ে সুধিছিল,তেতিয়াই মই কৈছিলোঁ যে বিজেপিৰ বাবে ঝাৰখণ্ড এখন কঠিন ৰাজ্য। মই কেতিয়াও দাবী কৰা নাছিলো যে আমি জয়ী হ’ম। ঝাৰখণ্ড নিৰ্বাচনত যুঁজ দিয়াটো আমাৰ দলৰ বাবে কঠিন কাম আছিল।’

উল্লেখ্য যে,  অবিৰতভাৱে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ৰাজ্যখনৰ আদিবাসী লোকৰ প্ৰতি বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভাবুকি কঢ়িয়াই অনা বুলিও দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । এক প্ৰকাৰে অনুপ্ৰৱেশকাৰী বিষয়টো নিৰ্বাচনী ইচ্ছু হিচাপে গ্ৰহণ কৰি আদিবাসী লোকৰ মন জয়ৰ চেষ্টা কৰিছিল বিজেপিয়ে । কিন্তু এই ইচ্ছুৱে ভাল ফলাফল দিয়াত সহায় নকৰিলে বিজেপিক । ইফালে, আজিৰ দিনটোত পুনৰ জেজেএম চৰকাৰে অনুপ্ৰৱেশকাৰী বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা কথা পুনৰবাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘অনুপ্ৰৱেশৰ বিৰুদ্ধে কাম কৰাটো চৰকাৰৰ সাংবিধানিক কৰ্তব্য। তেওঁলোকে কি কৰিব সেয়া মোৰ বাবে পূৰ্ববিচাৰ কৰাটো উচিত নহ’ব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আৰু এই বিষয়ত কোনো মন্তব্য নকৰো। মই যি ক’লোঁ, দলৰ সহ-প্ৰভাৰী হিচাপে তাত থকাৰ সময়ত কৰিবলগীয়া হৈছিল।’এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ লগতে কয় যে, অনুপ্ৰৱেশকাৰী বিষয়টোত কোনো চৰকাৰে আপোচ কৰা উচিত নহয় । ইয়াৰ কাৰণ ইয়াৰ শেষ ফলাফল হ’ব জনগাঁথনিগত পৰিৱৰ্তন । এই পৰিৱৰ্তনে সকলোকে প্ৰভাৱিত কৰিব। বিজেপিৰ নিৰ্বাচিত বিৰোধী বিধায়কসকলকো বিধানসভাত এই বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই ।

ঝাৰখণ্ডত বিজেপিৰ পৰাজয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘পৰাজয়ৰ কাৰণ যিয়ে নহওক কিয়, আমি আমাৰ লক্ষ্যত উপনীত হ’ব পৰা নাছিলো। তাৰ অৰ্থ এইটো নহয় যে আমি আৰু চেষ্টা নকৰিম। আমি যেতিয়া কোনো কামত বিফল হওঁ, তেতিয়া সেই বিফলতাই ভৱিষ্যতৰ সফলতাৰ বাবে কৰা প্ৰচেষ্টাত ভেটি হিচাপে কাম কৰে।’ যোৱা চাৰিমাহত ঝাৰখণ্ডত থকা সময়ছোৱাৰ কথা মনত পেলাই তেওঁ কয়,’মই ৰাজ্যখনত বহু সময় কটালোঁ যদিও আমাৰ অভিযানত সফল হ’ব নোৱাৰিলোঁ।’ ইয়াৰ লগতে ঝাৰখণ্ডৰ ৰাইজকো ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Assembly Election Results 2024: ‘বিজেপিৰ পৰাজয় মোৰ বাবে অত্যন্ত দুখজনক’, ঝাৰখণ্ডৰ ফলাফলক লৈ কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?