তিৰুমালা মন্দিৰত কাম কৰা সকলো হিন্দু হ’ব লাগেঃ TTD ব’ৰ্ডৰ নতুন অধ্যক্ষ | new chairman tirumala tirupati devasthanam board b r naidu all hindus work tirumala lord venkateswara know more Assam news - Assam Tv9

তিৰুমালা মন্দিৰত কাম কৰা সকলো হিন্দু হ’ব লাগেঃ TTD ব’ৰ্ডৰ নতুন অধ্যক্ষ

নতুন নিযুক্তিৰ পিছত বি আৰ নাইডুৱেও অভিযোগ উত্থাপন কৰে যে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ দিনত তিৰুমালাত বহু অনিয়ম সংঘটিত হৈছিল। তেওঁ কয়, "মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰিব লাগিব। মই মোৰ কৰ্তব্য সততাৰে পালন কৰিম।"

তিৰুমালা মন্দিৰত কাম কৰা সকলো হিন্দু হ’ব লাগেঃ TTD ব’ৰ্ডৰ নতুন অধ্যক্ষ

তিৰুমালা মন্দিৰত কাম কৰা সকলো হিন্দু হ’ব লাগেঃ TTD ব’ৰ্ডৰ নতুন অধ্যক্ষ

Published: 

01 Nov 2024 12:42 PM

বিশ্ববিখ্যাত প্ৰসাদ লাড়ুত পশুৰ চৰ্বি মিহলি হোৱাৰ বিতৰ্কৰ পিছতে বৃহস্পতিবাৰে তিৰুমালা তিৰুপতি দেৱস্থানমছ (টিটিডি) ব’ৰ্ডৰ নৱনিযুক্ত অধ্যক্ষ বি আৰ নাইডুৱে কয় যে, ভগৱান ভেংকটেশ্বৰৰ বাসস্থান তিৰুমালাত কৰ্মৰত সকলো লোকেই হ’ব লাগে হিন্দু সম্প্ৰদায়ৰ লোক। লগতে ইয়াত কাম কৰা হিন্দু নোহোৱা লোকসকলৰ সন্দৰ্ভত আমি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ লগত কথা পাতিম।

হায়দৰাবাদত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বি আৰ নাইডুৱে লগতে কয় যে, তেওঁ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে আন ধৰ্মৰ কৰ্মচাৰীৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে, তেওঁলোকক অন্য চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰিব লাগে নে VRS ( Voluntary Retirement Scheme, VRS) দিব লাগে সেই সম্পৰ্কে কথা পাতিব। তিৰুমালাত কাম কৰা হিন্দুসকলৰ সন্দৰ্ভত তেওঁ কয়, ‘তিৰুমালাত কাম কৰা প্ৰতিজন ব্যক্তি হিন্দু হ’ব লাগে। এই দিশত কাম কৰাৰ মোৰ এইটোৱেই হ’ব প্ৰথম প্ৰচেষ্টা। ইয়াত বহু সমস্যাৰ সৃষ্টি হৈছে। আমি এই বিষয়ে ধ্যান দিব লাগিব।”

মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰিব লাগে: নাইডু

টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ সন্দৰ্ভত ভগৱান ভেংকটেশ্বৰৰ ভক্ত নাইডুৱে কয় যে, টিটিডি ব’ৰ্ডৰ অধ্যক্ষ নিযুক্তি পোৱাটো তেওঁ এক বিশেষ সুবিধা বুলি গণ্য কৰে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুকে ধৰি ৰাজ্যৰ এন ডি এ চৰকাৰৰ অন্যান্য নেতাসকলক ব’ৰ্ডৰ মুৰব্বী হিচাপে দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অৱশ্যে বি আৰ নাইডুৱে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ দিনত তিৰুমালাত বহু অনিয়ম সংঘটিত হোৱাৰ অভিযোগো উত্থাপন কৰে। তেওঁ কয়, “মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰিব লাগে। সততা আৰু স্বচ্ছতাৰে কৰ্তব্য পালন কৰিম।”

নাইডুৱে এটা টিভি চেনেল চলায়

বি আৰ নাইডু এজন গুৰুত্বপূৰ্ণ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি, যিয়ে হিন্দু ভক্তিমূলক চেনেলকে ধৰি এটা তেলেগু টিভি চেনেল চলাই আছে। প্ৰসাদ বিতৰ্ক পোহৰলৈ অহাৰ কিছুদিন পিছতে বুধবাৰে অন্ধ্ৰ প্ৰদেশ চৰকাৰে তিৰুমালা তিৰুপতি দেৱস্থানমছ (টিটিডি)ৰ বাবে ২৪ জন সদস্যৰে নতুন ব’ৰ্ড গঠন কৰে। এই ব’ৰ্ডে তিৰুমালা তিৰুপতিস্থিত বিশ্ববিখ্যাত বালাজী মন্দিৰ পৰিচালনা কৰে।

নাইডু চৰকাৰে বি আৰ নাইডুক নৱগঠিত টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক তথা এমডি সুচিত্ৰা এলাক ২৪জন সদস্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক কিমান পৰিমাণে গুড় খাব লাগে? বিশেষজ্ঞৰ পৰা জানক
নিশাৰ সপোনত এইবোৰ বস্তু দেখা পাই নেকি? হ'ব পাৰে ধন লাভৰ সংকেত
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হাতী চাফাৰী
ৰিংকুৱেই নহয়, আই পি এলত লাখপতিৰ পৰা কোটিপতি হ’ল এইকেইগৰাকী যুৱ তাৰকা