বিজেপি নেতাৰ বাসগৃহলৈ বোমা নিক্ষেপ! গুলীচালনত আহত কেইবাজনো লোক

এয়া প্ৰথমবাৰৰ বাবে নহয় যে পশ্চিমবংগত বিজেপি নেতা অৰ্জুন সিঙৰ ঘৰত পূৰ্বেও আক্ৰমণ কৰা হৈছে। ২০২১ চনৰ ছেপ্টেম্বৰত তদানীন্তন বিজেপি সাংসদ অৰ্জুন সিঙৰ ঘৰত বোমা নিক্ষেপ কৰা হৈছিল।

বিজেপি নেতাৰ বাসগৃহলৈ বোমা নিক্ষেপ! গুলীচালনত আহত কেইবাজনো লোক

প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰত আক্ৰমণ

Updated On: 

04 Oct 2024 12:25 PM

পশ্চিমবংগত অব্যহত আছে বিৰোধী নেতাৰ ঘৰত আক্ৰমণ ঘটনা। বাৰেকপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ বাসগৃহলৈ লক্ষ্য কৰি গুলীচালনাৰ লগতে বোমাৰেও আক্ৰমণ কৰা হৈছে। তেওঁৰ ঘৰত পূৰ্বেও আক্ৰমণ কৰা হৈছিল। ছেপ্টেম্বৰ ২০২১ত,অৰ্জুন সিঙৰ ঘৰত কমেও ২বাৰকৈ আক্ৰমণ কৰা হৈছিল।

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰত কেইবাজনো লোকে আক্ৰমণ কৰিছিল। এই আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে অৰ্জুন সিং । অৰ্জুন সিঙে তেওঁৰ বাসগৃহৰ সন্মুখত থিয় হৈ আছিল যেতিয়া হঠাতে স্থানীয় তৃণমূল নেতা নমিত সিং আৰু তেওঁৰ দলৰ নেতাসকলে তেওঁৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। আক্ৰমণকাৰীসকলে নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল।

এই আক্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি অৰ্জুন সিঙে কয়, “আজি ৰাতিপুৱা যেতিয়া সকলোৱে নৱৰাত্ৰি পূজাত ব্যস্ত আছিল। সেই সময়ত NIA গোচৰত অভিযুক্ত আৰু স্থানীয়
কাউন্সিলাৰ আৰু তৃণমূল কংগ্ৰেছৰ নেতা নমিত সিঙৰ পুত্ৰৰ সংৰক্ষণত আৰু স্থানীয় আৰক্ষীৰ তত্বাৱধানত বহুতো জেহাদী আৰু গুণ্ডাই মোৰ কাৰ্যালয়ৰ তথা বাসগৃহ মজদুৰ ভৱনত আক্ৰমণ কৰিছিল।”

 

তেওঁ কয় “আক্ৰমণৰ সময়ত স্থানীয় আৰক্ষী দৰ্শক হৈ আছিল গুণ্ডাবোৰে আৰক্ষীৰ সন্মুখতে মুকলিকৈ অস্ত্ৰ-শস্ত্ৰ উলিয়াই আছিল। এই গুণ্ডাবোৰে প্ৰায় ১৫টা বোমা নিক্ষেপ কৰিছিল। এক ডজনৰো অধিক ৰাউণ্ড গুলী চলাইছিল। পশ্চিমবংগ আৰক্ষী তৃণমূল কংগ্ৰেছৰ সন্মুখত পুতলা হৈ পৰিছে। এইটো অত্যন্ত লজ্জাজনক!”

প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰত আক্ৰমণৰ ঘটনাক লৈ বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে কয়, “আজি ৰাতিপুৱা শাসকীয় তৃণমূল কংগ্ৰেছৰ কিছুমান গুণ্ডা আৰু সামাজ বিৰোধী লোকে উত্তৰ ২৪ পৰগণা জিলাৰ ভাটপাৰাত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰত আক্ৰমণ কৰে। তেওঁলোকে থলুৱা বোমাও নিক্ষেপ কৰিছিল।”

আৰক্ষীক উদ্দেশ্যি বিষয়াজনে এইদৰে কয়, ” সদায়ৰ দৰে পুলিচে মৌন দৰ্শক হৈ আছিল আৰু অপৰাধীসকলক বাধা দিবলৈ বিশেষ একো কৰা নাছিল। ভিডিঅ’ ফুটেজটো অপৰাধীসকলক চিনাক্ত কৰিবলৈ আৰু এই জঘন্য অপৰাধৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ যথেষ্ট। মই আশা কৰোঁ বেংগল আৰক্ষীৰ ডিজিপিয়ে অন্ততঃ এই দুৰ্বৃত্তসকলক ধৰিবলৈ এই দৃশ্যবোৰ ব্যৱহাৰ কৰিব।

এয়া প্ৰথমবাৰৰ বাবে নহয় যে পশ্চিম বংগত বিজেপি নেতা অৰ্জুন সিঙৰ ঘৰত আক্ৰমণ কৰা হৈছে। ২০২১ চনৰ ছেপ্টেম্বৰত তদানীন্তন বিজেপি সাংসদ অৰ্জুন সিঙৰ ঘৰত বোমাৰে আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণৰ এসপ্তাহ আগতেও তেওঁৰ ঘৰত বোমাৰে আক্ৰমণ কৰা হৈছিল। অৱশ্যে এই আক্ৰমণত কোনো লোক আহত হোৱা নাই।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...