Budget 2025-26 : উত্তৰ-পূবক বিশেষ অগ্ৰাধিকাৰ ! ‘Challenge Mode’ ত উন্নীত হ’ব দেশৰ ৫০ খন পৰ্যটনস্থলী…
বিত্তমন্ত্ৰীৰ ভাষণত পৰ্যটনক নিয়োগ বৃদ্ধিৰ চালক হিচাপে গুৰুত্ব আৰোপ কৰাৰ লগতে আন্তঃগাঁথনি, দক্ষতা বিকাশ আৰু ভ্ৰমণৰ সুবিধাসমূহক শক্তিশালী কৰা লক্ষ্য়ৰ ওপৰত আলোকপাত কৰা হয় । তদুপৰি উত্তৰ-পূব অঞ্চলটোক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । জানক বাজেটত পৰ্যটন মন্ত্ৰালয়ৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছে ।
ৰাজ্যসমূহৰ সহযোগিতাত “প্ৰত্যাহ্বানমূলক মোড”ত উন্নীত কৰা হ’ব দেশৰ ৫০ খন পৰ্যটনস্থলী । শনিবাৰে বাজেট ভাষণত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মাল সীতাৰমণে । বিত্তমন্ত্ৰীৰ ভাষণত পৰ্যটনক নিয়োগ বৃদ্ধিৰ চালক হিচাপে গুৰুত্ব আৰোপ কৰাৰ লগতে আন্তঃগাঁথনি, দক্ষতা বিকাশ আৰু ভ্ৰমণৰ সুবিধাসমূহক শক্তিশালী কৰা লক্ষ্য়ৰ ওপৰত আলোকপাত কৰা হয় । তদুপৰি উত্তৰ-পূব অঞ্চলটোক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি অঞ্চলটোৰ পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়নত সহায়ক হোৱাকৈ আৰু অঞ্চলটোক প্ৰধান পৰ্যটনস্থলী হিচাপে প্ৰচাৰৰ বাবে ২০২৫-২০২৬ চনৰ বাবে ২৪০ কোটি টকাৰ আবণ্টন দিয়া হৈছে।
২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত পৰ্যটন মন্ত্ৰালয়ৰ বাবে আবণ্টন কৰা ধনৰাশি যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । এইবাৰ বাজেটত পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰাৰ লগতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ প্ৰসাৰ আৰু পৰ্যটক বিশেষকৈ মহিলা পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২৫-২০২৬ বৰ্ষৰ বাবে বাজেটত পৰ্যটন মন্ত্ৰালয়ৰ বাবে আবণ্টন দিয়া হৈছে মুঠ ২,৫৪১.০৬ কোটি টকা । উল্লেখ্য যে, চলিত ২০২৪-২০২৫ চনত সংশোধিত অনুমান ৮৫০.৩৬ কোটি টকাৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।
ক্ৰমাগত অষ্টমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰি সীতাৰমণে কয় যে, চৰকাৰে মুদ্ৰা ঋণ বৃদ্ধি কৰি হোমষ্টেৰ প্ৰচাৰ কৰিব আৰু পৰ্যটনস্থলীৰ সৈতে সংযোগ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । তেওঁ কয়, “ৰাজ্য চৰকাৰসমূহে অত্যাৱশ্যকীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰ দায়িত্ব ল’ব। ইয়াৰ লগতে মূল গন্তব্যস্থানসমূহৰ হোটেলসমূহক আন্তঃগাঁথনিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব । যাৰ ফলত বিত্তীয় সাহায্য আৰু উন্নয়নমূলক সহায়ৰ উন্নত সুবিধা নিশ্চিত কৰা হ’ব।”
ইয়াৰ লগতে বিত্তমন্ত্ৰী সীতাৰমণে কয় যে, “আমি আতিথ্য ব্যৱস্থাপনা প্ৰতিষ্ঠানকে ধৰি আমাৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচী আয়োজন কৰি নিয়োগ বৃদ্ধিৰ সুবিধা প্ৰদান কৰিম।” আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ চৰকাৰে নিৰ্বাচিত পৰ্যটক গোটসমূহৰ বাবে সুশৃংখলিত ই-ভিছাৰ সুবিধা আৰু ভিছা মাচুল ৰেহাইৰ ব্যৱস্থা কৰিব বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে ।
যোৱা জুলাই মাহত বাজেটত নিৰ্ধাৰণ কৰা আধ্যাত্মিক আৰু ঐতিহ্য পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সীতাৰমণে গৌতম বুদ্ধৰ জীৱনৰ সৈতে জড়িত স্থানসমূহৰ বাবে বিশেষ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। একে সময়তে ‘হিল ইন ইণ্ডিয়া’ পদক্ষেপৰ অধীনত চিকিৎসা পৰ্যটনেও ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি), সামৰ্থ্য বিকাশ, আৰু শিথিল ভিছাৰ নীতিৰ জৰিয়তে এক উত্থান লাভ কৰিব আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।
পৰ্যটন মন্ত্ৰালয়ৰ বাজেটৰ এটা ডাঙৰ অংশ পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টন দিয়া হৈছে । স্বদেশ দৰ্শন আঁচনিৰ অধীনত পৰ্যটন চাৰ্কিটৰ উন্নয়নৰ বাবে ১৯০০ কোটি টকা আবণ্টন দিয়া হৈছে। উত্তৰ-পূব অঞ্চল আৰু জম্মু-কাশ্মীৰক বিশেষ গুৰুত্ব দি ভাৰতৰ বৈচিত্ৰময় পৰ্যটনস্থলীসমূহৰ প্ৰচাৰৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে । পৰ্যটন খণ্ডত দক্ষ জনশক্তিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে মন্ত্ৰালয়ক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ কাৰ্যসূচীৰ বাবে ৬০ কোটি টকা আবণ্টন দিয়া হৈছে।
নিৰ্মাল সীতাৰমণে কয় যে, মহিলা পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে মন্ত্ৰালয়ে নিৰ্ভয়া পুঁজিৰ অধীনত মহিলাৰ বাবে পৰ্যটকৰ সুৰক্ষিত গন্তব্যস্থান আঁচনি প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে পৰ্যটনস্থলীত এক নিৰাপদ আৰু মহিলাৰ অনুকূল পৰিৱেশ গঢ়ি তোলা ।
বাজেটত ইণ্ডিয়া টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন (আই টি ডি চি) আৰু কুমাৰকম ফ্ৰন্টিয়াৰ হোটেলছ প্ৰাইভেট লিমিটেডৰ দৰে ৰাজহুৱা উদ্যোগত বিনিয়োগৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে । য’ত ক্ৰমে ৭০.৪২ কোটি আৰু ১০ কোটি টকা আবণ্টন দিয়া হৈছে। এই বিনিয়োগে বিশেষকৈ মূল পৰ্যটন স্থলীসমূহত পৰ্যটনৰ আন্তঃগাঁথনি আৰু সেৱাসমূহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।