আন এক ৰাজনৈতিক সংকটত মণিপুৰৰ বীৰেণ সিং চৰকাৰঃ সমৰ্থন প্ৰত্যাহাৰ NPPৰ
হিংসাত্মক পৰিস্থিতিয়ে পুনৰ গ্ৰাস কৰিছে মণিপুৰ। এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে মণিপুৰ চৰকাৰ আন এক ৰাজনৈতিক সংকটত পৰিছে। ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে নেশ্যনেল পিপলছ পাৰ্টিয়ে।
গোষ্ঠীসংঘৰ্ষই জুৰুলা কৰা মণিপুৰৰ পৰিস্থিত পুনৰ উত্তপ্ত হৈ পৰিছে। হিংসাত্মক পৰিস্থিতিয়ে পুনৰ গ্ৰাস কৰিছে ৰাজ্যখন। মণিপুৰৰ ভিন্ন প্ৰান্তত শেহতীয়া সময়ছোৱাত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপে উত্তাল কৰি তুলিছে সামগ্ৰিক পৰিস্থিতি। উন্মত্ত প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়ৰ লগতে মন্ত্ৰী, বিধায়কৰ ঘৰ। তথ্য অনুসৰি একাংশ উত্তেজিত লোকে মণিপুৰৰ তিনিগৰাকী মন্ত্ৰী আৰু ছয়গৰাকী বিধায়কৰ বাসগৃ্হত কৰিছে অগ্নিসংযোগ। এনে পৰিস্থিতিত মণিপুৰৰ উত্তেজনা তীব্ৰতৰ হৈ পৰিছে।
ৰাজ্য চৰকাৰে এই হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। তীব্ৰ আক্ৰমণ তথা সমালোচনাৰ সন্মুখীন হৈছে এন বীৰেণ সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰ। এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে মণিপুৰ চৰকাৰ আন এক ৰাজনৈতিক সংকটত পৰিছে। ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে নেশ্যনেল পিপলছ পাৰ্টিয়ে।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন বিজপিৰ সহযোগী দল এন পি পিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডালৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত দলটোৱে বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ পিছত চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে এন পি পিয়ে।
উল্লেখ্য যে মণিপুৰত এন পি পিৰ সাতজন বিধায়ক আছে। অৱশ্যে ৬০ খন আসন থকা মণিপুৰ বিধানসভাত এতিয়াও বিজেপিৰ সংখ্যাগৰিষ্ঠ আসন আছে আৰু সেয়ে এন পি পিয়ে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলেও বীৰেণ সিং নেতৃত্বাধীন চৰকাৰত এই পদক্ষেপৰ কোনো প্ৰভাৱ নপৰে। বিধানসভাত বিজেপিৰ ৩৭ জন বিধায়কৰ লগতে দলটোৰ সহযোগী এনপিএফৰ ৫ জন, জেডিইউৰ এজন আৰু তিনিজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে।
জানিব পৰা মতে এন পি পিয়ে নড্ডালৈ লিখা পত্ৰখনত এন পি পিয়ে উল্লেখ কৰিছে যে যোৱা কেইদিনমানৰ পৰা মণিপুৰৰ পৰিস্থিতি অধিক বেয়া হোৱাৰ লগতে বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যবাসীয়ে অপৰিসীম দুখ-কষ্টৰ সন্মুখীন হৈছে। এই সংকটৰ সমাধান কৰি ৰাজ্যৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত মণিপুৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এন পি পিয়ে মণিপুৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে ৰাজ্যত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত শনিবাৰে মণিপুৰ চৰকাৰে ৰাজ্যৰ ৭খন জিলাত দুদিনীয়া ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত লৈছে। ক্ৰমবৰ্ধিত উত্তেজনা আৰু প্ৰতিবাদ দমনৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে।