ঘোষণা হ’ল NEET UG 2024ৰ ফলাফল! এইদৰে চাওক
NEET UG 2024 Result: আজি পুনৰ ঘোষণা কৰা হ'ল NEET UG 2024ৰ ফলাফল । এইবাৰ ফলাফল পৰীক্ষা অনুষ্ঠিত হোৱা চহৰ আৰু কেন্দ্ৰ অনুসৰি মুকলি কৰা হৈছে। পৰীক্ষাত অন্তৰ্ভুক্ত ২৩ লাখ প্ৰাৰ্থীৰ ফলাফল পুনৰ ঘোষণা কৰা হৈছে।
দুপৰীয়া ১২ বজাত ঘোষণা কৰা হ’ল NEET UG 2024 পৰীক্ষাৰ ফলাফল । পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৩ লাখতকৈও অধিক প্ৰাৰ্থীৰ ফলাফল আজি পুনৰ প্ৰকাশ । ইয়াৰ আগতে NEET UGৰ ফলাফল ৪ জুনত ঘোষণা কৰা হৈছিল। ১৮ জুলাইৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে NTAক পৰীক্ষা অনুষ্ঠিত হোৱা চহৰ আৰু কেন্দ্ৰ অনুসৰি পৰীক্ষাত অন্তৰ্ভুক্ত সকলো প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ১৮ জুলাইত শুনানিৰ সময়ত NTAক NEET UG পৰীক্ষাত শিক্ষাৰ্থীসকলে প্ৰাপ্ত নম্বৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ নকৰাকৈ।
ফলাফলটো দুপৰীয়া ১২ বজাত NEET ৱেবছাইটত আপলোড কৰা হৈছে।
- এনইইটি ইউজি 2024 ফলাফল কেনেদৰে চাব?
- অফিচিয়েল ৱেবছাইট exams.nta.ac.in/NEET/ত গৈ চাওক
- এনইইটি ইউজি ২০২৪ ফলাফলৰ লিংকত ক্লিক কৰক
- এতিয়া ৰোল নম্বৰৰ জৰিয়তে স্ক’ৰ কাৰ্ড পৰীক্ষা কৰক
শুনানি কেতিয়া হ’ব?
ফলাফল ঘোষণা হোৱাৰ পাছত গোচৰটোৰ পৰৱৰ্তী শুনানি ২২ জুলাইত অনুষ্ঠিত হ’ব। পৰীক্ষা চহৰ আৰু কেন্দ্ৰ অনুসৰি ফলাফলৰ ওপৰত আধাৰিত কৰি, উচ্চতম ন্যায়ালয়ে বিষয়টোত ইয়াৰ চূড়ান্ত ৰায় দিব পাৰে।
একে সময়তে, প্ৰাৰ্থীসকলে NEET UG পৰীক্ষা বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।
এতিয়ালৈ কিমানজনক গ্ৰেপ্তাৰ কৰা হৈছে?
এতিয়ালৈকে, NEET UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিল গোচৰত প্ৰায় ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত বহুতো প্ৰাৰ্থী আছে যিয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিহাৰত পৰীক্ষাৰ এদিন আগতে বহুতো প্ৰাৰ্থীয়ে প্ৰশ্নকাকতখন পাইছিল। ইয়াৰ আগতে গোচৰটোৰ তদন্ত বিহাৰ অৰ্থনৈতিক অপৰাধ গোটৰ দ্বাৰা কৰা হৈছিল কিন্তু এতিয়া তদন্ত চিবিআইক দিয়া হৈছে।