5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিশোৰীৰ ওপৰত জঘন্য কাণ্ড কৰা বৃদ্ধক আদালতে দিলে এনে কঠোৰ শাস্তিঃ ঘটনাৰ ২ বছৰৰ পিছত শাস্তি ঘোষণা আদালতৰ

কিশোৰী ধৰ্ষণৰ গোচৰত অভিযুক্ত এক বৃদ্ধক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে আদালতে। দুই বছৰ পূৰ্বে সংঘটিত ঘটনাৰ গোচৰত শুনানি গ্ৰহণ কৰি POCSO আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ৫৩ বছৰীয়া লোকজন ভুক্তভোগী কিশোৰীগৰাকীৰে চুবুৰীয়া। ঘৰত কোনো নথকাৰ সুযোগ লৈ এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল শাস্তিৰ সন্মুখীন হোৱা লোকজনে।

কিশোৰীৰ ওপৰত জঘন্য কাণ্ড কৰা বৃদ্ধক আদালতে দিলে এনে কঠোৰ শাস্তিঃ ঘটনাৰ ২ বছৰৰ পিছত শাস্তি ঘোষণা আদালতৰ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 18 Nov 2024 09:45 AM

দেশত নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বহু ঘটনা বিগত সময়ছোৱাত সংঘটিত হৈছে। যোৱা কেইবছৰমানৰ পৰা এনেধৰণৰ ঘটনা অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। প্ৰায় প্ৰতিদিনে দেশৰ ভিন্ন প্ৰান্তত ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে এনে নিকৃষ্ট মানসিতাৰ বলি হৈছে। মানৱ সমাজক লজ্জানত কৰা এনে বহু ঘটনাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদো গঢ়ি উঠিছে। তাৰ পিছতো কিন্তু বন্ধ হোৱা নাই এনে ধৰণৰ বৰ্বৰ কাণ্ড।

এনে ধৰণৰ ঘটনাৰ মাজতে ধৰ্ষণৰ এক গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰি আদালতে দিছে উল্লেখনীয় ৰায়। কিশোৰী ধৰ্ষণৰ গোচৰত অভিযুক্ত এক বৃদ্ধক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে আদালতে। এই ঘটনা উৰিষ্যাৰ। ৰাজ্যখনৰ কেন্দ্ৰপাৰাত নাবালিকা ধৰ্ষণৰ গোচৰত জিলা আদালতে অভিযুক্তক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আদালতৰ দ্বাৰা এই শাস্তিৰে দণ্ডিত হোৱা লোকজন ভুক্তভোগী কিশোৰীগৰাকীৰে চুবুৰীয়া এগৰাকী ৫৩ বছৰীয়া ব্যক্তি। গোচৰৰ ৰায় ঘোষণা কৰাৰ পিছতে আৰক্ষীয়ে আদালতৰ পৰাই তেওঁক জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰে। POCSO আদালতত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। এই গোচৰ সন্দৰ্ভত অভিযুক্ত আৰু গোচৰীয়া দুয়োটা পক্ষৰ শুনানি গ্ৰহণ কৰি আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু শাস্তি ঘোষণা কৰে।

এই গোচৰত আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰতে তদন্ত সম্পূৰ্ণ কৰি আদালতত অভিযোগনামা দাখিল কৰে। ইয়াৰ পিছত আদালতত প্ৰাসংগিক প্ৰমাণ প্ৰমাণ কৰাৰ পিছত ১৯ জন সাক্ষীৰ সাক্ষ্যও গ্ৰহণ কৰা হয়। এই সময়ছোৱাত সকলো প্ৰমাণ আৰু সাক্ষীৰ সাক্ষ্য অভিযুক্তৰ বিৰুদ্ধে পোৱা গৈছিল। ইয়াৰ পিছত আদালতে বিষয়টোক অতি গুৰুতৰ আৰু লজ্জাজনক বুলি অভিহিত কৰিছে।

শুনানি গ্ৰহণ কৰি আদালতে এই গোচৰৰ দোষীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। প্ৰকাশিত খবৰ অনুসৰি দুই বছৰ পুৰ্বে ২০২২ চনত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড। সেই বৰ্ষৰ ৬ জুনত অভিযুক্ত বৃদ্ধজনৰ কামনাৰ বলি হৈছিল কিশোৰীগৰাকী। অভিযুক্ত চুবুৰীয়া লোকজনৰ পৰিয়ালৰ এগৰাকী কিশোৰীক সাক্ষাতৰ বাবে তেওঁলোকৰ ঘৰলৈ গৈছিল ভুক্তভোগী কিশোৰীগৰাকী।

কিন্তু ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃদ্ধ লোকজনে কিশোৰীগৰাকীক এটা কোঠাত আবদ্ধ কৰি এই জঘন্য অপৰাধ সংঘটিত কৰে। ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীয়ে নিজ গৃ্হত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে মাতৃক অৱগত কৰে। ইয়াৰ পিছতে মাতৃৰ সৈতে থানাত উপস্থিত হৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।

Latest News