5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জাহাজ দুৰ্ঘটনাত নিৰুদ্দিষ্ট ভাৰতীয়ৰ ৮ জনক জীৱন্তে উদ্ধাৰ, এজনৰ মৃত্যুঃ এতিয়াও সন্ধানহীন চাৰিজন

ভাৰতীয় নৌসেনাৰ উদ্ধাৰকাৰী দলে দুৰ্ঘটনাৰ ফলত নিৰুদ্দিষ্ট ১৩ জন ভাৰতীয়ৰ ভিতৰত ৮ জনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে এজনৰ তিমধ্যে মৃত্যু ঘটিছে। আনহাতে সন্ধানহীন আন চাৰিগৰাকী ভাৰতীয়ৰ সন্ধানত ভাৰতীয় নৌসেনাই অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।

জাহাজ দুৰ্ঘটনাত নিৰুদ্দিষ্ট ভাৰতীয়ৰ ৮ জনক জীৱন্তে উদ্ধাৰ, এজনৰ মৃত্যুঃ এতিয়াও সন্ধানহীন চাৰিজন
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 18 Jul 2024 16:27 PM

ওমানত সংঘটিত হোৱা জাহাজ দুৰ্ঘটনাৰ ফলত মাজসাগৰত নিৰুদ্দেশ হৈছিল ১৩ জন ভাৰতীয় লোক। নিৰুদ্দিষ্ট এই লোকসকলৰ ভিতৰত ৮ জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ অভিযানত নিয়োজিত ভাৰতীয় নৌসেনাৰ উদ্ধাৰকাৰী দলে। আনহাতে এই দুৰ্ঘটনাৰ ফলত এজন ভাৰতীয়ৰ ইতিমধ্যে মৃত্যু ঘটিছে। ইফালে এতিয়াও নিৰুদ্দিষ্ট হৈ আছে চাৰিগৰাকী ভাৰতীয়। এই লোককেইজনৰ সন্ধানত ভাৰতীয় নৌসেনাই অনুসন্ধান অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা ১৫ জুলাইত দুৰ্ঘটনাত পতিত হৈছিল এই জাহাজখন।

দুৰ্ঘটনাগ্ৰস্ত জাহাজখন ডুবাইৰ পৰা য়েমেনৰ এডেন বন্দৰ অভিমুখে ৰাওনা হৈছিল। কেমেৰুণৰ প্ৰেষ্টিজ ফেলকন নামৰ এই জাহাজখন মূলতঃ আছিল তেল টেংকাৰ। এডেন বন্দৰ পোৱাৰ পূৰ্বেই যাত্ৰাপথতে ওমানৰ সামুদ্ৰিক অঞ্চলত উটি যায় প্ৰেষ্টিজ ফেলকন। ইয়াৰ ফলত জাহাজত থকা ১৬ জন লোক নিৰুদ্দেশ হৈছিল।

নিৰুদ্দিষ্ট এই ১৬ জন লোকৰ ভিতৰত ১৩ জন ভাৰতীয়ৰ লগতে ৩ জন শ্ৰীলংকাৰ নাগৰিকো আছিল। লক্ষণীয়ভাৱে যোৱা ৮ মাহ ধৰি হাউথী যোদ্ধা বিমানে এই অঞ্চলৰ সমীপৰ বহু জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৱশ্যে প্ৰেষ্টিজ ফেলকনৰ দুৰ্ঘটনাৰ আঁৰত হাউথীৰ ষড়যন্ত্ৰৰ কোনো প্ৰমাণ লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

জাহাজখন দুৰ্ঘটনাত পতিত হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে দুৰ্ঘটনাৰ ফলত নিৰুদ্দিষ্ট ভাৰতীয় লোকসকলৰ বিষয়ে শেহতীয়া খবৰ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। তেওঁ এতিয়াও সন্ধানহীন হৈ থকা ৪ জন ভাৰতীয়ৰ উদ্ধাৰ অভিযান ভাৰতীয় নৌসেনাই অব্যাহত ৰখা বুলি সদৰী কৰে।

উল্লেখ্য যে ওমানৰ মেৰিটাইম ছিকিউৰিটিৰ তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত প্ৰেষ্টিজ ফেলকন টেংকাৰখন ২০০৭ চনত নিৰ্মাণ কৰা হৈছিল। প্ৰায় ১১৭ মিটাৰ দৈৰ্ঘ্যৰ এই তেল টেংকাৰখন বন্দৰ চহৰ ডুকমৰ সমীপত উটি যায় বুলি জানিব পৰা গৈছে। এই ডুকম বন্দৰ ওমানৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত। দেশখনৰ প্ৰধান তেল আৰু গেছ প্ৰকল্পৰ সমীপতে আছে ডুকম বন্দৰ।

Latest News