প্ৰশিক্ষণ কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে প্ৰৱৰ্তন কৰিব নতুন আইন! | Old rajendra nagar coaching accident delhi government will bring law to regularize coaching centres atishi shelly oberoi Assam news - Assam Tv9

প্ৰশিক্ষণ কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে প্ৰৱৰ্তন কৰিব নতুন আইন! মাচুলৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা

মন্ত্ৰী আতিশীয়ে কৈছিল যে দিল্লীত চলি থকা সকলো প্ৰশিক্ষণ প্ৰতিষ্ঠানক নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে নিয়ম প্ৰৱৰ্তন কৰিব যিদৰে ব্যক্তিগত বিদ্যালয়ত কৰা হয়। তেওঁ স্পষ্টকৈ কৈছিল যে দিল্লীত চলি থকা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে এখন আইন আনিব।

প্ৰশিক্ষণ কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে প্ৰৱৰ্তন কৰিব নতুন আইন! মাচুলৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা

প্ৰশিক্ষণ কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে প্ৰৱৰ্তন কৰিব নতুন আইন!

Updated On: 

31 Jul 2024 12:29 PM

অ’ল্ড ৰাজেন্দ্ৰ নগৰৰ ৰাও আইএএছ প্ৰশিক্ষণ কেন্দ্ৰৰ বেচমেণ্টত ৩গৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এফালে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দাবীৰ বাবে অনশনত বহি থকাৰ সময়তে এই ঘটনাটোৱে এক ৰাজনৈতিক ৰূপ লৈছে। ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লী চৰকাৰৰ আম আদমী পাৰ্টিৰ নেতা তথা মন্ত্ৰী আতিশীয়ে। তেওঁ কয় যে প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ প্ৰকাশ পাইছে প্ৰশিক্ষণ কেন্দ্ৰটো যি ঠাইত অৱস্থিত আছিল সেই ঠাইখন নলাৰ ওপৰত অবৈধভাৱে দখল কৰা হৈছিল। বেচমেণ্টত অবৈধভাৱে পুথিভঁৰালটো চলি আছিল।

মন্ত্ৰী আতিশীয়ে কৈছিল যে ইয়াৰ বাবে দায়ী JEক MCDৰ পৰা বাহিৰ কৰা হৈছে। লগতে AEক নিলম্বন কৰা হৈছে। “ৰাজেন্দ্ৰ নগৰত ২৭ জুলাইত সংঘটিত ঘটনাই সমগ্ৰ দেশক হতবাক কৰি তুলিছিল। তেওঁ কয় যে বেচমেণ্টত পানী সোমোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে চৰকাৰৰ বিভিন্ন সংস্থা তাত উপস্থিত হৈছিল। এই সময়ত দুৰ্ঘটনাটো সংঘটিত হোৱা দেখা গৈছিল। তাৰ পাছত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

 

মন্ত্ৰীজনৰ মতে, তদন্ত প্ৰতিবেদনৰ বাবে ২৪ ঘণ্টা সময় দিয়া হৈছিল। যেতিয়া অন্তৱৰ্তীকালীন প্ৰতিবেদন ওলাইছিল, দেখা গৈছিল যে ঘটনাটোৰ বাবে দায়ী প্ৰশিক্ষণ কেন্দ্ৰটোৱে তাত বেদখল কৰিছিল। তাত থকা প্ৰশিক্ষণ কেন্দ্ৰৰ পুথিভঁৰালটো সম্পূৰ্ণৰূপে অবৈধ আছিল। মন্ত্ৰীজনে কৈছিল যে বেচমেণ্টটো কেৱল সংৰক্ষণ আৰু পাৰ্কিঙৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি। তেওঁ কয় যে প্ৰাৰম্ভিক প্ৰতিবেদনৰ আধাৰত MCDয়ে প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু JEক বাহিৰ কৰাৰ লগতে AEক তৎক্ষণিকভাৱে নিলম্বিত কৰা হয়।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে দিল্লীৰ জনসাধাৰণক আশ্বাস দিয়ে যে যদি এই বিষয়াসকলৰ বাহিৰে আন বিসংগতিৰ তথ্য পোহৰলৈ আহে তেওঁলোক যিমানেই ডাঙৰ বিষয়া বা জ্যেষ্ঠ নহওক কিয় তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব,।
দণ্ডাধীশ তদন্ত প্ৰতিবেদন ৬ দিনৰ ভিতৰত আহিব।

তেওঁ কৈছিল যে মেয়ৰে বুলডোজাৰ প্ৰেৰণ কৰি তাৰ পৰা বেদখল আঁতৰাই দিছে। যিবোৰ বেছমেণ্টত থকা পুথিভঁৰালৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি সেইবোৰ বন্ধ কৰি দিয়া হৈছে। যাৰ ভিতৰত আছে বিখ্যাত দৃষ্টি প্ৰশিক্ষণৰ দৰে কেন্দ্ৰ।
মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ উপৰিও আৰু ২০০টা প্ৰশিক্ষণ কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু আজি অৰ্থাৎ বুধবাৰে শ্বীল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল দিল্লীৰ বিষয়ে নহয় সমগ্ৰ দেশতে সমস্যা আছে য’ত শিক্ষাৰ্থীসকলে প্ৰশিক্ষণ দিয়ে।

কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ আশা কৰিছিল যে ইমান ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে নিয়মাৱলী আনিব কিন্তু তেনেকুৱা একো অহা নাছিল। এতিয়া দিল্লী চৰকাৰে এখন আইন আনিব যিয়ে দিল্লীত চলি থকা সকলো প্ৰশিক্ষণ প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ কৰিব যেনেকৈ ব্যক্তিগত বিদ্যালয়ত হয়। তেওঁ স্পষ্টকৈ কৈছিল যে চৰকাৰে দিল্লীত চলি থকা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰিবলৈ এখন আইন আনিব।

আতিশীয়ে কয় যে এই আইনৰ অধীনত প্ৰতিষ্ঠানটোৰ আন্তঃগাঁথনি, বিজ্ঞাপন আৰু মাচুলো নিয়ন্ত্ৰণ কৰা হ’ব। ইয়াৰ বাবে এখন সমিতি গঠন কৰা হ’ব য’ত বিষয়াসকলৰ উপৰিও প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰা হ’ব।
ইয়াৰ লগতে ৰাজহুৱা মতামত লোৱাৰ বাবে এটা ইমেইল আইডি coaching.law.feedback@gmail.com জাৰি কৰা হৈছে।

 

একে সময়তে দিল্লীৰ মেয়ৰ ড০ শেলী অবেৰয় মেয়ৰে ৰাজেন্দ্ৰ নগৰৰ ঘটনাসন্দৰ্ভত কয় যে তেওঁ এমচিডি আয়ুক্তলৈ এখন পত্ৰ লিখি অবৈধ প্ৰশিক্ষণ কেন্দ্ৰৰ বেচমেণ্টত আৰু ইয়াৰ বাবে দায়ী বিষয়াসকলৰ ওপৰত ব্যৱস্থা ল’বলৈ কৈছে।
তেওঁ কৈছিল যে ৩০টাতকৈও অধিক প্ৰশিক্ষণ কেন্দ্ৰৰ বেচমেণ্ট বন্ধ কৰা হৈছে আৰু ২০০টা কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰা হৈছে। একে সময়তে গোচৰটোৰ ২জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিলম্বন কৰা হৈছে। তেওঁ কয় যে তাৎক্ষণিক পদক্ষেপ প্ৰতিবেদন অহাৰ পাছত ইয়াৰ ওপৰত আধাৰিত কৰি পৰৱৰ্তী ব্য়ৱস্থা লোৱা হ’ব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?