আজি কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ... | Omar Abdullah to take oath as Jammu and Kashmir Chief Minister today Assam news - Assam Tv9

Omar Abdullah Oath Ceremony: ওমৰ আব্দুল্লাই আজি শপত ল’ব, ১০ বছৰৰ পাছত নিৰ্বাচিত চৰকাৰ লাভ কৰিব জম্মু-কাশ্মীৰে…

আজি কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ জনসাধাৰণে লাভ কৰিব প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । উপত্যকাটোৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুল্লাই ।

Omar Abdullah Oath Ceremony: ওমৰ আব্দুল্লাই আজি শপত ল’ব, ১০ বছৰৰ পাছত নিৰ্বাচিত চৰকাৰ লাভ কৰিব জম্মু-কাশ্মীৰে...

ওমৰ আব্দুল্লা

Updated On: 

16 Oct 2024 09:59 AM

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে নেচনেল কনফাৰেন্স দলে । নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত জম্মু-কাশ্মীৰৰ পৰা ৰাষ্ট্ৰপতি শাসনো প্ৰত্যাহাৰ কৰা হৈছে । আজি কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ জনসাধাৰণে লাভ কৰিব প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । উপত্যকাটোৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুল্লাই ।

শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’ব এই শপত গ্ৰহণৰ কাৰ্যসূচী । ইতিমধ্যে শপত গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । আজি পুৱা ১১.৩০ বজাত উপ-ৰাজ্যপাল মনোজ সিনহাই ওমৰ আব্দুল্লাক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাব। এই উপলক্ষে কনভেনচন চেণ্টাৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, নেচনেল কনফাৰেন্স দলে শপত গ্ৰহণৰ অনুষ্ঠানৰ বাবে ৫০জনৰো অধিক ভিআইপি অতিথিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ সভাপতি মালিকাজুন খৰ্গে, সাংসদ ৰাহুল গান্ধী, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালকে ধৰি অন্যান্য নেতালৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

নেচনেল কনফাৰেন্স দলৰ এগৰাকী নেতাই জানিবলৈ দিছে যে, শপতগ্ৰহণৰ বাবে এম কে ষ্টেলিন, উদ্ধৱ থাকৰে, শাৰদ পাৱাৰ, লালু প্ৰসাদ যাদৱ আৰু ডি ৰাজালৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰৰ আব্দুল্লাৰ মন্ত্ৰীসভাত থাকিব ৯ জন মন্ত্ৰী।

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ৯০ খন বিধানসভা আসনৰ ভিতৰত ৪২ খন আসন লাভ কৰিছে নেচনেল কনফাৰেন্স দলে । একে সময়তে মিত্ৰতাত থকা কংগ্ৰেছে জম্মু-কাশ্মীৰত মাত্ৰ ৬খন আসনহে লাভ কৰিছে। এই নিৰ্বাচনত আম আদমী পাৰ্টিয়ে এজন বিধায়ক লাভ কৰিছে । চিপিআই(এম) এখন আসন লাভ কৰিছে । নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছে ৭ জন বিধায়ক । আনহাতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে ২৯খন আসন।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?