স্বাধীনতাৰ শতবাৰ্ষিকীত দেশৰ আকাশত উৰিব সহস্ৰ যুঁজাৰু বিমান! লক্ষ্য লৈছে বায়ুসেনাই
২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব ভাৰতে। এই বিশেষ ক্ষণটিৰ বাবে ভাৰতীয় বায়ুসেনা সাজু হৈছে এক বিশেষ পৰিকল্পনাৰে। প্ৰকাশিত খবৰ অনুসৰি দেশৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ আকাশত কমেও ১০০০খন যুদ্ধ বিমান উৰুৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতীয় বায়ুসেনাই।

বায়ুসেনাৰ বিশেষ পৰিকল্পনা
ব্ৰিটিছ ঔপনিৱেশিক শাসন উফৰাই ১৯৪৭ চনত ভাৰতবৰ্ষই লাভ কৰিছিল আকাংক্ষিত স্বাধীনতা। সেই অনুসাৰে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব ভাৰতে। এই বিশেষ ক্ষণটিৰ বাবে ভাৰতীয় বায়ুসেনা সাজু হৈছে এক বিশেষ পৰিকল্পনাৰে। প্ৰকাশিত খবৰ অনুসৰি দেশৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ আকাশত কমেও ১০০০খন যুদ্ধ বিমান উৰুৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতীয় বায়ুসেনাই। দেশৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰি তুলি আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ প্ৰভাৱ বজাই ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে বায়ুসেনা।
ভাৰতীয় বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলে লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সমীকৰণ যি দ্ৰুত হাৰত প্ৰতিদিনে পৰিৱৰ্তিত হৈছে, তাৰ লগত খোজ মিলাবলৈ বায়ুসেনাই এই লক্ষ্যত উপনীত হ’ব লাগিব বুলি মত পোষণ কৰিছে। বিষয়াসকলৰ মতে, এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে উৎপাদন ক্ষমতা বৃদ্ধি আৰু সামৰিক সঁজুলিৰ অবিৰত যোগান। একে সময়তে উন্নত প্ৰযুক্তি আৰু সামৰিক সঁজুলি ক্ৰয় ব্যৱস্থা মুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰতিৰক্ষা বিষয়াসকলে ২০৪৭ চনৰ ভিতৰত এই সকলোবোৰ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ পোষকতা কৰিছে। উল্লেখ্য যে সম্প্ৰতি বায়ুসেনাৰ হাতত আছে প্ৰায় ২৬০খন আধুনিক ঘৰুৱা আৰু বিদেশী যুঁজাৰু বিমান। লঘু যুদ্ধ বিমান তেজছ এম কে ১, চুখয় ছু-৩০ এম কে আই, মিগ-২৯, মিৰাজ ২০০০, ৰাফেল, জাগুয়াৰ আদি যুঁজাৰু বিমান সম্প্ৰতি বায়ুসেনাৰ প্ৰধান মেৰুদণ্ড। ইয়াৰ উপৰিও ভাৰতে শেহতীয়াকৈ লাভ কৰিছে ৩৬ খন ৰাফেল।
তদুপৰি ৮৩ খন নতুন তেজ এম কে ১ এ- ৰ বাবে অৰ্ডাৰ দিয়া হৈছে আৰু আন ৯৭খনৰ বাবে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনাইছে। ভাৰতত বৰ্তমান ৩১ টা যুদ্ধ বিমান স্কুৱাড্ৰন আছে আৰু প্ৰতিটো স্কুৱাড্ৰনত ১৮-২০খন যুদ্ধ বিমান আছে। সহজ ভাষাত ক’বলৈ গ’লে ভাৰতত বৰ্তমান মুঠ ৫০০-৬০০ খন যুদ্ধ বিমান আছে। ২০৪৭ৰ পূৰ্বে বিমান স্কুৱাড্ৰনৰ সংখ্যা ৬০টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বায়ুসেনাই।
অৰ্থাৎ এই লক্ষ্য পূৰ হ’লে ভাৰতত ১০৮০-১২০০খন যুদ্ধ বিমান থাকিব। লক্ষণীয়ভাৱে দুই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সৈতে সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষকৈ চীনত ক্ৰমাৎ বৃদ্ধি পোৱা যুঁজাৰু বিমানৰ সংখ্যা প্ৰতিহত কৰিবলৈ ভাৰতীয় যুদ্ধ বিমানৰ সংখ্যা বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে। চীনৰ বৰ্তমান প্ৰায় ১৯০০খন যুঁজাৰু বিমান আছে। য’ত আছে জে-২০ৰ দৰে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান।
নতুন দিল্লীয়ে এতিয়া অহা দুটা দশকত কমেও ৫০০-৬০০ নতুন যুদ্ধ বিমান বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছে। ইয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে তিনিটা দিশৰ নীতি গ্ৰহণ কৰিছে। প্ৰথমে, মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ অধীনত সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত বিমানৰ সংখ্যা বৃদ্ধি কৰা। দ্বিতীয়তে, আমেৰিকা, ফ্ৰান্স, ইজৰাইল আদি দেশৰ পৰা বিমান ক্ৰয় কৰা। তৃতীয়তে, আমেৰিকা আৰু ৰাছিয়াৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে যৌথভাৱে যুদ্ধ বিমান নিৰ্মাণ কৰা।
ভাৰতীয় বায়ুসেনাৰ এই লক্ষ্য পূৰ কৰাত হিন্দুস্তান এৰ’নটিক্স লিমিটেড বা এইচ এ এলে সৰ্বাধিক ভূমিকা পালন কৰিব। ইতিমধ্যে বায়ুসেনাই ১৮০ খন তেজছ এম কে ১ আৰু এম কে ১ এ- ৰ অৰ্ডাৰ দিছে। ইয়াৰ লগতে ‘জি ই এফ-৪১৪ ইঞ্জিন’যুক্ত তেজছ এম কে-২ প্ৰায় সাজু হৈছে। এইচ এ এল আৰু এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীয়ে যৌথভাৱে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (এ এম চি এ) নিৰ্মাণ কৰি আছে।
২০৪৭ চনৰ ভিতৰত এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্টৰ দৰে পঞ্চম প্ৰজন্মৰ বিমানৰ ১০-১২টা স্কুৱাড্ৰন বিচাৰে সেনাই। এয়া হৈছে দেশত নিৰ্মিত বিমানৰ পৰিসংখ্যা। ইয়াৰ সমান্তৰালকৈ ভাৰতে বিদেশৰ পৰা যুঁজাৰু বিমান ক্ৰয়তো গুৰুত্ব দিছে। নতুন দিল্লীয়ে ২০৪৭ চনৰ ভিতৰত ১১৪খন নতুন মাল্টিৰোল যুঁজাৰু বিমান ক্ৰয়ৰ পৰিকল্পনা কৰিছে, ইয়াৰ ভিতৰত আছে ৰাফেল, এফ-১৫, এফ এ-১৮ ছুপাৰ হৰ্নেট, চুখয় ৩৫, আৰু টাইফুনৰ দৰে বিমান।