এক দেশ এক নিৰ্বাচনঃ কেবিনেটত অনুমোদন লাভৰ পাছত এতিয়া কি কি হ'ব? | one nation one election approves what will be change Assam news - Assam Tv9

এক দেশ এক নিৰ্বাচনঃ কেবিনেটত অনুমোদন লাভৰ পাছত এতিয়া কি কি হ’ব?

Published: 

18 Sep 2024 17:46 PM

One nation one election: সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।

এক দেশ এক নিৰ্বাচনঃ কেবিনেটত অনুমোদন লাভৰ পাছত এতিয়া কি কি হব?

এক দেশ এক নিৰ্বাচন

Follow Us On

‘এক দেশ এক নিৰ্বাচন’ প্ৰস্তাৱত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে।  চলিত বৰ্ষত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন হোৱা কমিটীয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত কমিটীয়ে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। এই কমিটীৰ প্ৰস্তাৱক অনুমোদন জনোৱাৰ পাছত এক সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেবিনেটে কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ১৯১ দিন এই বিষয়ৰ ওপৰত কাম কৰাৰ সময়ত সমিতিয়ে ২১ হাজাৰ ৫৫৮ টা পৰামৰ্শ লাভ কৰিছে। ইয়াৰে ৮০ শতাংশই এক দেশ এক নিৰ্বাচনক সমৰ্থন জনাইছে। ইয়াৰোপৰি ৪৭ টা ৰাজনৈতিক দলে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াৰে ১৫ টাক বাদ দি বাকী সকলোৱে এক দেশ এক নিৰ্বাচনক সমৰ্থন জনাইছে। এই সন্দৰ্ভত সমিতিখনে প্ৰাক্তন মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলৰ সৈতে আলোচনা কৰিছে বুলিও তেওঁ কয়।

তেওঁ কয় যে ইয়াক দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় নিৰ্বাচন (পঞ্চায়ত আৰু নিগম) অনুষ্ঠিত হ’ব। ই সকলোৰে ক্ষেত্ৰত এখন ভোটৰ তালিকা থাকিব। ইয়াক কাৰ্যকৰী কৰিবলৈ চৰকাৰে এখন কাৰ্যকৰী কমিটীও গঠন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে, এই কাৰ্যকালৰ ভিতৰতে ইয়াক কাৰ্যকৰী কৰা হব। বহু সংখ্যক দলে সমৰ্থন আগবঢ়াইছে যদিও সকলোৰে লগত কথা পাতিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে,  কেবিনেটত অনুমোদন লাভ কৰাৰ পাছতেই ইয়াক সদনৰ মজিয়ালৈ আনিবৰ বাবে পথ মুকলি হৈছে। গতিকে সংসদৰ শীতকালীন অধিবেশনত এই বিধেয়ক উত্থাপন কৰিব চৰকাৰে আৰু পৰৱৰ্তী সময়ত ইয়াক পৰ্যায়ক্ৰমে আগবঢ়াই নি কাৰ্যকৰী কৰিব।

এক দেশ এক নিৰ্বাচন প্ৰস্তাৱে অনুমোদন লাভ কৰাৰ পাছতেই বিৰোধিৰ একাংশ নেতাই ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে দেশবাসীয়ে এই কথা মানি ল’ব বিচৰা নাই। ‘এক জাতি-এক নিৰ্বাচন’ প্ৰেক্টিকেল নহয় বুলি তেওঁ কয়। আছাদুদ্দিন ওৱেছীয়েও এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰাই মোদী চৰকাৰে এক দেশ এক নিৰ্বাচনৰ কথা  কৈ আহিছে।  ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা ভাষণ দি মোদীয়ে কৈছিল যে, মই ভাবো যে নিৰ্বাচন কেৱল ৩ বা ৪ মাহৰ বাবেহে হ’ব লাগে। এয়া সময়ৰ আহ্বান। চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালটোত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নালাগে। ইয়াৰ দ্বাৰা নিৰ্বাচন পৰিচালনাৰ ব্যয় হ্ৰাস পাব। গতিকে তেতিয়াই অনুমান কৰি লোৱা হৈছিল যে চলিত কাৰ্যকালতে মোদী চৰকাৰে কাৰ্যকৰী কৰিব এক দেশ এক নিৰ্বাচন।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version